কমলপুৰ
কমলপুৰ অসমৰ কামৰূপ জিলাত অৱস্থিত এটা উন্নয়নশীল অঞ্চল তথা কামৰূপ জিলাৰ ১৪ টা উন্নয়ন খণ্ডৰ মাজৰ এটা । চৰকাৰী নথি মতে কমলপুৰ উন্নয়ন খণ্ডৰ ক্ৰমিক নং ১৮২ ।[1] এইটো উন্নয়ন খণ্ডৰ অধীনত ১২ খন গাওঁ পঞ্চায়ত[2], ৬৬ খন গাওঁ আৰু ২১৬৩৯ টা পৰিয়াল আছে (২০১১ চনৰ লোকপিয়লৰ তথ্যমতে )[1] । ইয়াৰ চুবুৰীয়া চহৰ খন হৈছে ৰঙিয়া
জনগাঁঠনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়লমতে, কমলপুৰ উন্নয়ন খণ্ডৰ মুঠ জনসংখ্যা ৯১,০৫৬ জন । ইয়াৰে ভিতৰত ৪৭৯৩৬ গৰাকী পুৰুষ আৰু ৪৩১২০ গৰাকী মহিলা । এই উন্নয়ন খণ্ডটোত ০-৬ বছৰ সীমাৰ শিশু মুঠ ৮৬৫২ জন, তেওঁলোকৰ ভিতৰত ৪৪৬১ জন ল'ৰা আৰু ৪১৯১ জনী ছোৱালী ।[1]
সাক্ষৰতাৰ হাৰ
[সম্পাদনা কৰক]কমলপুৰ উন্নয়ন খণ্ডৰ সাক্ষৰতাৰ হাৰ ৮০% । মুঠ জনসংখ্যা ৯১০৫৬ গৰাকীৰ ৭৩৪২৮ গৰাকীয়েই শিক্ষিত । পুৰুষৰ ক্ষেত্ৰত সাক্ষৰতাৰ হাৰ ৮৫%, অৰ্থাৎ মুঠ পুৰুষ জনসংখ্যা ৮৭৯৩৬ জনৰ ৪১০৬৯ জন শিক্ষিত হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৭৫%, অৰ্থাৎ মুঠ মহিলা জনসংখ্যা ৪৩১২০ গৰাকীৰ ৩২৩৫৯ গৰাকীয়েই শিক্ষিত ।
ইয়াৰ বিপৰীতে কমলপুৰ উন্নয়ন খণ্ডৰ মুঠ জনসংখ্যা ৯১০৫৬ গৰাকীৰ ১৭৬২৮ গৰাকী অশিক্ষিত । পুৰুষৰ অসাক্ষৰতাৰ হাৰ ১৪ শতাংশ, অৰ্থাৎ মুঠ পুৰুষ জনসংখ্যা ৮৭৯৩৬ জনৰ ৬৮৬৭ জন অশিক্ষিত হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ২৪ শতাংশ, অৰ্থাৎ মুঠ মহিলা জনসংখ্যা ৪৩১২০ গৰাকীৰ ১০৭৬১ গৰাকীয়েই অশিক্ষিত । [1]
জীৱন-জীৱিকা
[সম্পাদনা কৰক]কমলপুৰ উন্নয়ন খণ্ডৰ ৩১৬৩৩ গৰাকী কৰ্মনিযুক্ত হোৱাৰ বিপৰীতে ৫৯৪২৩ গৰাকী ব্যক্তি নিবনুৱা । কৰ্মনিযুক্ত ব্যক্তি ৩১৬৩৩ গৰাকীৰ ভিতৰত ৫২৭৩ গৰাকী ব্যক্তিয়েই জীৱিকা হিচাপে কৃষিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল ।[1]
কমলপুৰ উন্নয়ন খণ্ডৰ অধীনৰ গাওঁ পঞ্চায়ত সমূহ[2]
[সম্পাদনা কৰক]কমলপুৰ উন্নয়ন খণ্ড |
|
---|
কমলপুৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ
[সম্পাদনা কৰক]

- কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমলপুৰ
- কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়
- কমলপুৰ কনিষ্ঠ মহাবিদ্যালয়
- কমলপুৰ হাই-মাদ্ৰাছা
- শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ
চৰকাৰী চিকিৎসালয়
[সম্পাদনা কৰক]- মহাত্মা গান্ধী আদৰ্শ ৰাজ্যিক চিকিৎসালয়
- কমলপুৰ পশু চিকিৎসালয়
চৰকাৰী কাৰ্যালয়
[সম্পাদনা কৰক]
- কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
- কমলপুৰ আৰক্ষী থানা
- বাইহাটা উপ-ডাকঘৰ
যাতায়ত আৰু পৰিবহণ
[সম্পাদনা কৰক]কমলপুৰৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে । ( পুৰণি নামাকৰণ মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ)
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কমলপুৰলৈ দুৰত্ব ৪১.২ কিমি । কমলপুৰৰ নিকটৱৰ্তী ৰেলৱে ষ্টেচন বাইহাটাৰ পৰা কমলপুৰলৈ দুৰত্ব ১ কিমি.তকৈও কম ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "আৰ্কাইভ কপি". Archived from the original on 2021-03-01. https://web.archive.org/web/20210301213405/https://www.wikivillage.in/block/assam/kamrup/kamalpur। আহৰণ কৰা হৈছে: 2018-12-18.
- ↑ 2.0 2.1 http://www.kamrup.assampanchayat.gov.in/home/-/asset_publisher/p6GopqfMnjiU/content/list-of-gaon-panchayat-under-kamrup-district-/pop_up?_101_INSTANCE_p6GopqfMnjiU_viewMode=print Archived 2021-02-25 at the Wayback Machine ৰ পৰা