সমললৈ যাওক

কমলাবাঈ হস্পেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ২৩ মে', ১৮৯৬
শিৰপুৰ, ধূলে, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ১৫ নৱেম্বৰ, ১৯৮১ (৮৫ বছৰ)
ৰাষ্ট্ৰীয়তা  ভাৰত

কমলাবাঈ হস্পেট (ইংৰাজী: Kamalabai Hospet; ১৮৯৬–১৯৮১) (কমলাটাই হস্পেট নামেৰেও পৰিচিত) ভাৰতৰ মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত অলাভজনক সামাজিক সংস্থা মাত্ৰু সেৱা সংঘৰ সহ-প্ৰতিষ্ঠাপক আছিল।

ভেনুটাই নেনে (১৮৯৬–১৯৭৩)ৰ সৈতে মিলি ১৯২১ চনত মাত্ৰু সেৱা সংঘ প্ৰতিষ্ঠা কৰে। ১৯৭১ চনত তেওঁ বিদ্যা শিক্ষা প্ৰসাৰক মণ্ডলৰ সহ-প্ৰতিষ্ঠাও কৰে, য’ত বৰ্তমান পঞ্চাশখনতকৈও অধিক শিক্ষানুষ্ঠান আছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৮৯৬ চনৰ ২৩ মে’ত ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ধূলেৰ শিৰপুৰ গাঁৱত কমলাবাঈ হস্পেটৰ জন্ম হৈছিল। কুমাৰীকালত তেওঁৰ নাম আছিল যমুনা ক্ৰুষ্ণ মহোনী। তেওঁ কৃষ্ণজী তাত্য মহনী আৰু ৰাধাবাই মহনীৰ সপ্তম সন্তান। সেইদিনাৰ প্ৰথা অনুসৰি ১২ বছৰ বয়সতে গুৰুৰাও হস্পেটৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। কমলাবাঈৰ মাত্ৰ ১৫ বছৰ বয়স হওেঁতই গুৰুৰাওৰ মৃত্যু হৈছিল। হস্পেটৰ পৰিয়ালটো অতি সংৰক্ষণশীল আছিল আৰু সেই দিনৰ প্ৰথা অনুসৰি কমলাবাঈয়ে‍ মুণ্ডন কৰিবলগীয়া আছিল। কমলাবাঈৰ ভাতৃ মিষ্টাৰ ডি. কে. মোহনীয়ে এই কথা উপলব্ধি কৰি স্থানীয় আৰক্ষীৰ সহযোগত তেওঁক নাগপুৰত থকা মাতৃগৃহলৈ ঘূৰাই পঠিয়াইছিল।

পৰৱৰ্তী জীৱন

[সম্পাদনা কৰক]

পৰৱৰ্তী শিক্ষাৰ বাবে তেওঁক মহৰ্ষি ধণ্ডো কেশৱ কাৰ্বেৰ দ্বাৰা প্ৰতিষ্ঠিত পুনেৰ হিঙ্গানালৈ প্ৰেৰণ কৰা হৈছিল। ভায়েকহঁতৰ পৰিয়ালৰ ওপৰত শিক্ষাৰ আৰ্থিক বোজা এৰাই চলিবলৈ তেওঁ ইয়াত অৱশ্যে শিক্ষা সম্পূৰ্ণ কৰা নাছিল। আৰ্থিকভাৱে স্বাধীন হোৱাৰ চিন্তাত তেওঁ নাগপুৰৰ ডাফেৰিন চিকিৎসালয়ৰ এক নাৰ্ছিং পাঠ্যক্ৰমত যোগদান কৰিছিল। ১৯১৮ চনৰ পৰা ১৯২০ চনলৈকে তেওঁ ইয়াত ছাত্ৰী আছিল।

ডাফেৰিন চিকিৎসালয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়ত এগৰাকী ব্ৰিটিছ চিকিৎসকে এগৰাকী দৰিদ্ৰ ভাৰতীয় ৰোগীক বিচনাৰ পাত্ৰ এটা আগবঢ়োৱাৰ বাবে তেওঁক তিৰস্কাৰ কৰিছিল। এই ঘটনাই তাইৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেওঁ এটা প্ৰসূতি গৃহ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল যিয়ে সকলো ভাৰতীয় মহিলাক বৈষম্যহীনভাৱে সেৱা আগবঢ়াব। ফলত প্ৰশিক্ষণ সমাপ্ত কৰাৰ লগে লগে নাগপুৰৰ সীতাবুলডীত মাত্ৰু সেৱা সংঘ নামৰ এনে এটা প্ৰসূতি গৃহ প্ৰতিষ্ঠা কৰে। এই প্ৰসূতিগৃহটো এটা স্থানত চাৰিখন বিচনাৰে আৰম্ভ হৈছিল আৰু তেওঁৰ জীৱনকালত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে একাধিক ৰাজ্যত ২১টা শাখাৰে ই সম্প্ৰসাৰিত হৈছিল। তেওঁ ৰোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও ব্যক্তিগত যত্ন আৰু মনোযোগ দিছিল। প্ৰসূতি গৃহ চলোৱাৰ উপৰিও নাৰ্ছ প্ৰশিক্ষণ বিদ্যালয়, আৰু মানসিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে ইনষ্টিটিউট অৱ ছ’চিয়েল ৱৰ্ক আৰম্ভ কৰিছিল: নন্দনৱান, জ্যেষ্ঠ নাগৰিকৰ ঘৰ: পঞ্চৱতী, ফাউণ্ডলিং হোম আৰু অনাথ আশ্ৰম এই সকলোবোৰ মাত্ৰু সেৱা সংঘৰ তত্বাৱধানত চলে‍।

ভাৰত স্বাধীনতা সংগ্ৰামতো কমলাবাঈয়ে বৃহৎ সেৱা আগবঢ়াইছিল। ১৯২০ চনত নাগপুৰত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছ অধিবেশনত স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল।

১৯৮১ চনৰ ১৫ নৱেম্বৰত কমলবাঈ হস্পট‍ে তেওঁৰ পৰিয়ালৰ সদস্যসকলকে ধৰি সমৰ্পিত কৰ্মীৰ এক পৰিয়াল এৰি মৃত্যুবৰণ কৰে।

স্বীকৃতি

[সম্পাদনা কৰক]

১৯৫৯ চনত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ তৰফৰ পৰা কমলাবাঈক নালৱা মেডেল প্ৰদান কৰা হৈছিল, এই মেডেল হৈছে ভাৰতত নাৰ্চিংৰ উৎকৃষ্টতাৰ বাবে এক বঁটা। ১৯৬১ চনত ভাৰত চৰকাৰে তেওঁৰ সামাজিক কৰ্মক পদ্মশ্ৰী আৰু পিছত ১৯৮০ চনত জামনালাল বাজাজ বঁটা সন্মানিত কৰে।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]