কমলা কুমাৰী কাৰেদুলা
কমলা কুমাৰী কাৰেদুলা (ইংৰাজী: Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।[1][2][3][4][5][6]
তেওঁক প্ৰয়াত ৰাজীৱ গান্ধীয়ে সংসদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচিত কৰিছিল৷ তেওঁ প্ৰথমতে ১৯৮৯ চনত ভদ্ৰাচালাম লোকসভা সমষ্টিৰ পৰা নৱম লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যিটো সাতটা বিধানসভাৰ খণ্ড আৰু তেপন্নটা মণ্ডলৰ দ্বাৰা গঠিত আছিল৷ এইদৰে সমষ্টিটোৱে ভাৰতৰ দ্বিতীয় বৃহত্তম সংসদীয় সমষ্টি হিচাপে স্বীকৃতি লাভ কৰিছিল। ১৯৯১ চনত দ্বিতীয়বাৰৰ বাবে দশম লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ অধীনত ভাৰত চৰকাৰৰ সমাজ কল্যাণ, জনজাতি কল্যাণ, মহিলা আৰু শিশু উন্নয়ন কল্যাণৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰে। তেওঁ বিভিন্ন সংসদীয় সমিতিৰ সদস্য হিচাপে এই সংসদীয় সমিতিসমূহৰ সদস্য হিচাপে চীন, আমেৰিকা আদি কেইবাখনো দেশ ভ্ৰমণ কৰিছিল। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্যৰ লগতে সাংসদ আৰু বিধায়ক নিৰ্বাচন কৰা পিচিচি বাছনি সমিতিৰ তেওঁ জ্যেষ্ঠ সদস্য আছিল। ২০১০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধীনত অসামৰিক ন্যায়পালিকাৰ ক্ষমতা থকা বিধিগত সংস্থা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ সদস্য হিচাপে তেওঁ নিযুক্তি লাভ কৰে। কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁৰ প্ৰাৰ্থীত্বৰ প্ৰস্তাব আগবঢ়াইছিল আৰু মুখ্যমন্ত্ৰী প্ৰয়াত শ্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীয়েও সমৰ্থন জনাইছিল। ২০১৩ চনত পুনৰ একেটা ৰাষ্ট্ৰীয় আয়োগতে তিনি বছৰৰ বাবে পুনৰ নিযুক্তি লাভ কৰে৷ তেওঁ ইহসংসাৰত দুজন পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি থৈ যায়৷
তেওঁ তেওঁৰ ব্যক্তিগত সম্পত্তিসমূহ গীৰ্জা, বিদ্যালয়, হোষ্টেল নিৰ্মাণৰ বাবে দান কৰি আৰু সৰল আন্তঃজাতীয় বিবাহৰ প্ৰসাৰ ঘটাই অনগ্ৰসৰ আৰু জনজাতীয় উত্থানৰ বাবে সমৰ্থন আগবঢ়াইছিল। তেখেতে সদায় প্ৰয়াত ইন্দিৰা গান্ধীৰ কঠোৰ পৰিশ্ৰম দৰ্শনত বিশ্বাস কৰিছিল৷
১৯৯০ চনৰ ২৮ মাৰ্চৰ পৰা ইণ্ডিয়ান নাৰ্চিং কাউন্সিলৰ সদস্য আছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lok Sabha Members Bioprofile". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3305.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ Subhash C Kashyap; Centre for Policy Research (New Delhi, India) (2000). History of the Parliament of India. Under the auspices of Centre for Policy Research, Shipra. পৃষ্ঠা. 392. https://books.google.com/books?id=SbgkAQAAIAAJ। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ India. Parliament. Lok Sabha (1992). Who's who. Parliament Secretariat. পৃষ্ঠা. 891. https://books.google.com/books?id=8um1AAAAIAAJ। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ "Elections". Rediff. http://www.rediff.com/news/1998/feb/andhra05.htm। আহৰণ কৰা হৈছে: 27 November 2017.
- ↑ "Bio-Data of Member of X Lok Sabha". Indiapress. 15 May 1968. https://www.indiapress.org/election/archives/lok10/mp329.php। আহৰণ কৰা হৈছে: 23 November 2024.
- ↑ Jain, C.K. (1993). Women Parliamentarians in India. Lok Sabha Secretariat. পৃষ্ঠা. 46. https://books.google.com/books?id=f2yPAAAAMAAJ। আহৰণ কৰা হৈছে: 23 November 2024.