সমললৈ যাওক

কমলা কেশৱানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা কেশৱানী
জন্ম ২৭ আগষ্ট, ১৯৩৪
কৰচী, সিন্ধ, ব্ৰিটিছ ভাৰত
মৃত্যু ০৯ মে', ২০০৯ (৭৪ বছৰ)
জয়পুৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা নেপথ্য গায়িকা, লোকগীতৰ শিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৫০–২০০০

কমলা কেশৱানী (ইংৰাজী: Kamla Keswani; ২৭ আগষ্ট ১৯৩৪ - ৯ মে' ২০০৯) এগৰাকী ভাৰতীয় লোকগীতৰ শিল্পী আৰু নেপথ্য গায়িকা আছিল। তেওঁ ভাৰতৰ অন্যতম জনপ্ৰিয় সিন্ধি ভাষাৰ গায়িকা।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ২৭ আগষ্টত ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমান পাকিস্তান)ৰ সিন্ধৰ কৰাচীত কমলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ চুক্কুৰৰ আছিল। তেওঁৰ পিতৃ গোবিন্দ ৰাম মাদনানী এজন টেলিফোন অপাৰেটৰ আছিল। চুক্কুৰত স্কুলত পঢ়িছিল আৰু ভাৰত বিভাজন হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ।[1] আন হিন্দু সিন্ধীসকলৰ দৰে ১৯৪৭ চনত ভাৰতলৈ প্ৰব্ৰজন কৰি প্ৰথমে যোধপুৰত, তাৰ পিছত বিকানেৰত আৰু শেষত জয়পুৰত বসতি স্থাপন কৰে। জয়পুৰত শিক্ষা অব্যাহত ৰাখি ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। স্কুলীয়া দিনৰ পৰাই তেওঁৰ সংগীত আৰু গীত পৰিৱেশনৰ প্ৰতি আগ্ৰহী আছিল।

গান গোৱাৰ জীৱন

[সম্পাদনা কৰক]

অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰাই তেওঁ গায়িকাৰ জীৱন আৰম্ভ কৰিছিল। তেওঁ ছিন্ধি আৰু ৰাজস্থানী দুয়োটা ভাষাত চাহৰা বা লাড়া, চুফী কালম আৰু লোকগীতৰ বহুতো বিয়া নাম গাইছিল। তেওঁৰ কিছুমান জনপ্ৰিয় গীত হিজ মাষ্টৰ ভইচ আৰু অল ইণ্ডিয়া ৰেডিঅ’ই ৰেকৰ্ডিং কৰিছিল।[2] সমগ্ৰ ভাৰত আৰু বিদেশৰ বিবাহ পাৰ্টি, সামাজিক সভা আৰু সংগীত অনুষ্ঠানত গীত গাইছিল। তেওঁ ভাৰতীয় টিভি চেনেলতো অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ গীতৰ কেইবাটাও এলবাম মুকলি কৰা হৈছিল।[3]

বিখ্যাত সংগীতজ্ঞ চি. অৰ্জুনে তেওঁক প্লেবেক গায়ক হিচাপে সিন্ধি চিনেমাত পৰিচয় কৰাই দিছিল।[4] তলত উল্লেখ কৰা সিন্ধী ভাষাৰ ভাৰতীয় ছবিসমূহত প্লেবেক গায়িকা হিচাপে তেওঁ অভিনয় কৰিছিল [5]

  • হো জামালো
  • ধীৰ না জামান কৰিম
  • লাডলী

২০০৯ চনৰ ৯ মে'ত ভাৰতৰ জয়পুৰত কমলা কেশৱানীৰ মৃত্যু হয়।

  1. "ڪملا ڪيسواڻي : راڳ کي عروج بخشيندڙ گلوڪاره". SindhSalamat. Archived from the original on 2022-05-14. https://web.archive.org/web/20220514085956/https://sindhsalamat.com/threads/31318/ আহৰণ কৰা হৈছে: 2022-05-11.
  2. Malhi, Gobind (October 1991) (Sindhi ভাষাত). ادب ۽ اديب (Literature and Literary Person). প্ৰকাশক Ulhasnagar, India.: Sindhi Times Publication. পৃষ্ঠা. 4. http://www.sindhiadabiboard.org/catalogue/Personalties/Book15/Book_page4.html.
  3. Ramchandani, Deepak (2013) (English ভাষাত). Sindhis in Film Industry. পৃষ্ঠা. 12. Archived from the original on 2023-02-17. https://web.archive.org/web/20230217101818/https://libraff.com/b/w/23659253125b709f99bc002a60e16b811348708e/sindhis-in-film-industry.pdf আহৰণ কৰা হৈছে: 2025-02-12.
  4. "چندناڻي ارجن (سي ارجن) : (Sindhianaسنڌيانا)" (sd ভাষাত). www.encyclopediasindhiana.org. Archived from the original on 2023-02-17. https://web.archive.org/web/20230217101823/https://www.encyclopediasindhiana.org/article.php?Dflt=%DA%86%D9%86%D8%AF%D9%86%D8%A7%DA%BB%D9%8A%20%D8%A7%D8%B1%D8%AC%D9%86%20(%D8%B3%D9%8A%20%D8%A7%D8%B1%D8%AC%D9%86) আহৰণ কৰা হৈছে: 2022-05-10.
  5. "Kamla Keswani - Encyclopedia of Sindhi". sindhiwiki.org. https://sindhiwiki.org/index.php/Kamla_Keswani আহৰণ কৰা হৈছে: 2022-05-11.