কমলা কে কাপুৰ
| কমলা কে কাপুৰ | |
|---|---|
| জন্ম | ২৭ জুলাই, ১৯৪৮ (৭৭ বছৰ) |
| শিক্ষা | কেণ্ট ষ্টেট ইউনিভাৰচিটি অ’হিও ষ্টেট ইউনিভাৰ্চিটি |
| পেচা | Writer, poet, playwright |
| নিয়োগকৰ্তা | গ্ৰ’ছম’ণ্ট কলেজ দিল্লী বিশ্ববিদ্যালয় |
| দাম্পত্যসঙ্গী | পেইছন আৰ ষ্টিভেনছ |
| ৱেবছাইট | |
| https://www.kamlakkapur.com/ | |
কমলা কে কাপুৰ (ইংৰাজী: Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮)[1] এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত। লগতে ভাৰত আৰু আমেৰিকাত বহুতো সমালোচকৰ দ্বাৰা প্ৰশংসিত ইংৰাজী ভাষাত নাটকও প্ৰযোজনা কৰিছে।
কৰ্ম
[সম্পাদনা কৰক]গ্ৰন্থ
[সম্পাদনা কৰক]“এজ এ ফাউণ্টেইন ইন এ গাৰ্ডেন” (২০০৫) কাপুৰৰ পূৰ্ব স্বামী ড'নাল্ড ডিন পাৱেললৈ কৰা শ্ৰদ্ধাঞ্জলি, য’ত ৩১টাতকৈও অধিক কবিতা প্ৰকাশ কৰা হৈছে।[2] “গণেশ গ'জ টু লাঞ্চ” (২০০৭) হৈছে ৰামায়ণ, মহাভাৰত আৰু পুৰাণ আদি বিভিন্ন পৌৰাণিক সম্পদৰ পৰা বিভিন্ন হিন্দু দেৱতাক কেন্দ্ৰ কৰি কাহিনীৰ সৃষ্টিশীল পুনৰ্লেখন।[3]
২০১৫ চনৰ ২৬ জুলাইত চণ্ডীগড়ত কলা সমালোচক বি.এন. গোস্বামী আৰু নাট্যশিল্পী নীলম মানসিং চৌধুৰীয়ে “দ্য চিংগিং গুৰু” উন্মোচন কৰে।[4] এই গ্ৰন্থখনত কাপুৰে জন্মসখীসকলৰ কাহিনীক নিজৰ কল্পনা আৰু হাস্যৰসৰ সৈতে মিশ্ৰণ কৰি প্ৰথম শিখ গুৰু গুৰু নানক দেৱৰ জীৱন আৰু যাত্ৰাৰ আখ্যান সৃষ্টি কৰিছে।[5] “ইনটু দ্য গ্ৰেট হাৰ্ট” (২০১৮)ত দ্বিতীয় শিখ গুৰু অংগদ দেৱৰ জীৱন আৰু দুঃসাহসিক অভিযানৰ কাহিনী কোৱা হৈছে।[6]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Kamla K Kapur – Om Books International" (en-US ভাষাত). https://www.ombooksinternational.com/authors/kamla-k-kapur/। আহৰণ কৰা হৈছে: 18 October 2024.
- ↑ Katoch, Avinash (1 July 2007). "Ganesha Goes to Lunch: Classics from Mystic India, by Kamla K. Kapur". Hill Post. https://hillpost.in/2007/07/ganesha-goes-to-lunch-classics-from-mystic-india-by-kamla-k-kapur/2384/.
- ↑ "Ganesha Goes to Lunch" (en-US ভাষাত). Bhaktivedanta Library Services. Archived from the original on 21 January 2025. https://web.archive.org/web/20250121084810/https://blservices.com/product/ganesha-goes-to-lunch/। আহৰণ কৰা হৈছে: 7 December 2024.
- ↑ Singh, Manpriya (10 May 2014). "Magic of Words". The Tribune. https://www.tribuneindia.com/2014/20140510/ttlife1.htm.
- ↑ myHimachal (16 January 2010). Rumi's Tales from the Silk Road by Kamla K Kapur. Retrieved 7 December 2024 – via YouTube.
- ↑ Spur, P. J. (31 July 2024). "The Privilege of Aging, by Kamla Kapur" (en-US ভাষাত). Musing Mystical. https://musingmystical.com/the-privilege-of-aging-by-kamla-kapur/। আহৰণ কৰা হৈছে: 18 October 2024.