সমললৈ যাওক

কমলা কোটনিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা কোটনিছ
জন্ম কমলাবাই
১৯২৮
হায়দৰাবাদ
মৃত্যু ২০০০
চেন্নাই, তামিলনাডু
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪০-১৯৪৯
দাম্পত্যসঙ্গী পাণ্ডুৰংগ কোটনিছ (বি. ১৯৪১)

কমলা কোটনিছ (ইংৰাজী: Kamala Kotnis ; ১৯২৮ – ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪০ দশকত তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত মুক্তি পোৱা হম এক হ্যায় ছবিখনত দেৱ আনন্দৰ প্ৰথম নায়িকা হিচাপেও তেওঁ উল্লেখযোগ্য।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কমলা কোটনিছৰ বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশত তেলেগু মাতৃ আৰু বৃটিছ পিতৃৰ ঘৰত কমলাবাই নামেৰে জন্ম হৈছিল। তেওঁৰ পি়তৃ সেনাবাহিনীত আছিল। সৰুতে তেওঁক এজন জমিদাৰে দত্তক লৈছিল। পিছলৈ ১৯৪১ চনত তেওঁ পাণ্ডুৰংগ কোটনিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন আগশাৰীৰ চিনেমাট’গ্ৰাফাৰ ডি.এছ. কোটনিছৰ ভায়েক আছিল। তেওঁৰ ভনীয়েক ৰামনাদ ইষ্টেটৰ ৰাজপৰিয়ালৰ সৈতে "সংযুক্ত" আছিল। অভিনেত্ৰী লতা তেওঁৰ ভাগিনীয়েক।[3]

  • জীৱন জ্যোতি (তেলুগু)- ১৯৪০
  • বাল নাগাম্মা (তেলুগু)- ১৯৪২
  • চেঞ্চু লক্ষ্মী (তেলুগু)- ১৯৪৩
  • ভাগ্যলক্ষ্মী (তেলুগু)- ১৯৪৩
  • সীতা ৰাম জনম (তেলুগু)- ১৯৪৩
  • তহচিলদাৰ (তেলুগু)- ১৯৪৪
  • হম এক হ্যায় (হিন্দী)- ১৯৪৪
  • গকুল (হিন্দী)- ১৯৪৬
  • মেৰা সুহাগ (হিন্দী) – ১৯৪৭
  • আগে ভাগো (হিন্দী)- ১৯৪৭
  • সিধা ৰাস্তা (হিন্দী)- ১৯৪৯
  • সতী অহল্যা (হিন্দী)- ১৯৪৯

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]