কমলা চৌধুৰী
কমলা চৌধুৰী | |
---|---|
জন্ম | ২২ ফেব্ৰুৱাৰী ১৯০৮ লক্ষ্নৌ |
মৃত্যু | ১৯৭০ |
পেচা | চুটিগল্প লেখিকা, ৰাজনীতিক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
কমলা চৌধৰী (ইংৰাজী: Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯০৮ চনৰ ২২ ফেব্ৰুৱাৰীত লক্ষ্ণৌত কমলা চৌধৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰায় মনমোহন দয়াল এজন উপ-সংগ্ৰাহক আছিল।[1] তেওঁৰ আজোককাক (মাতৃৰ ফালৰ) ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধত লক্ষ্ণৌত থকা স্বতন্ত্ৰ অৱধ বাহিনীৰ সেনাপতি আছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৩০ চনৰ নাগৰিক অমান্য আন্দোলনৰ সময়ত চৌধুৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেতিয়াৰ পৰাই ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰাত ব্ৰিটিছ কৰ্তৃপক্ষই একাধিকবাৰ কাৰাগাৰত তেওঁক বন্দী কৰিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৫৪ সংখ্যক অধিৱেশনৰ সময়ত তেওঁ জ্যেষ্ঠ উপাধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰ নিৰ্বাচিত সদস্য আছিল আৰু সংবিধান গৃহীত হোৱাৰ পিছত ১৯৫২ চনলৈকে তেওঁ ভাৰতৰ প্ৰাদেশিক চৰকাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]
১৯৬২ চনত হাপুৰৰ পৰা ভাৰতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে জয়ী হৈ চৌধুৰী তৃতীয় লোকসভাৰ সদস্য হয়।[2]তেওঁ নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক ২৮,৬৩৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[3] তেওঁৰ গল্পৰ চাৰিটা সংকলন; উনমাদ (১৯৩৪), পিকনিক (১৯৩৬), যাত্ৰা (১৯৪৭) আৰু বেল পাত্ৰ প্ৰকাশ পাইছিল। লিংগ বৈষম্য, কৃষকৰ শোষণ আৰু বিধৱাৰ দুৰ্বল অৱস্থা তেওঁৰ ৰচনাৰ মূল বিষয়বস্তু আছিল।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত জে.এম.চৌধৰীৰ সৈতে তেওঁৰ বিবাহ হয়।[2]তেওঁৰ শহুৰেক স্বৰাজ্য পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। লেখক আৰু লেখিকা ড° ইৰা ছাক্সেনাৰ লগতে প্ৰয়াত মাধবেন্দ্ৰ মোহন আৰু ড° হেমেন্দ্ৰ মোহন চৌধুৰীকে ধৰি কেইবাটাও সন্তানৰ তেওঁ মাতৃ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Members Bioprofile: Chaudhri, Shrimati Kamala". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/1452.htm। আহৰণ কৰা হৈছে: 28 November 2017.
- ↑ 2.0 2.1 (Hindi ভাষাত) Saṃsadīya Patrikā. 43. Lok Sabha. 1997. পৃষ্ঠা. 76. https://books.google.com/books?id=CfhflI69xYsC.
- ↑ "Statistical Report on General Elections, 1962 to the Third Lok Sabha". Election Commission of India. পৃষ্ঠা: 440. http://eci.nic.in/eci_main/StatisticalReports/LS_1962/Vol_II_LS_62.pdf। আহৰণ কৰা হৈছে: 28 November 2017.
- ↑ Tharu, Susie J.; Lalita, Ke (1991). Women Writing in India: 600 B.C. to the early twentieth century. Feminist Press at CUNY. পৃষ্ঠা. 472. ISBN 978-1-55861-027-9. https://books.google.com/books?id=u297RJP9gvwC&pg=PA472.