কমলা দেৱী পটলে
অৱয়ব
কমলা দেৱী পটলে Kamla Devi Patle | |
---|---|
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ২০০৯ – ২০১৯ | |
পূৰ্বসূৰী | কৰুণা শুক্লা |
উত্তৰসূৰী | গুহাৰাম আজগাল্লে |
সমষ্টি | জাংগীৰ-চম্পা |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ মে', ১৯৬৬ (৫৯ বছৰ) খোড়াল, কোৰবা জিলা, ছট্টিশগড় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ইন্দ্ৰভূষণ পটলে (বি. ১৯৮২) |
সন্তান | ২গৰাকী পুত্ৰ, ২ গৰাকী কন্যা |
মাতৃ | প্ৰক্ষামতী |
পিতৃ | বেদৰাম ক্ষেত্ৰীয় |
পেচা | কৃষিবিদ |
কমলা দেৱী পটলে (ইংৰাজী: Kamla Devi Patle, জন্ম ৫ মে' ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ ছত্তীশগড় ৰাজ্যৰ জাঞ্জগীৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি তেওঁ সংসদৰ সদস্য আছিল।[1][2] ২০০৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ড° শিৱকুমাৰ দহৰিয়াক ৮৭,২১১ টা ভোটত পৰাস্ত কৰি তেওঁ ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ ২০১৪ চনত পুনৰ তেওঁ ১৬ নং লোকসভালৈ নিৰ্বাচিত হয়। তেওঁৰ পিতৃ বেদৰাম ক্ষেত্ৰীয় আৰু মাতৃ প্ৰক্ষামতী৷ ১৯৮২ চনত ইন্দ্ৰভূষণ পটলেৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ দুগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে৷ তেওঁ কৃষিৰ লগতো জড়িত৷[3]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Profile". Government of India. https://india.gov.in/my-government/indian-parliament/kamla-devi-patle। আহৰণ কৰা হৈছে: 9 November 2016.
- ↑ "Kamla Devi Patle". www.prsindia.org. http://www.prsindia.org/mptrack/kamladevipatle। আহৰণ কৰা হৈছে: 2016-11-10.
- ↑ "16th Lok Sabha Election Results 2014, States Wise and Party Wise". http://www.elections.in/parliamentary-constituencies/2014-election-results.html.