কমলা পূজাৰী
| কমলা পূজাৰী | |
|---|---|
পূজাৰী ২০১৯ চনত | |
| জন্ম | ১৯৪৯/১৯৫০ কোৰাপুট জিলা, অৰিছা, ভাৰত |
| মৃত্যু | (৭৪ বছৰ) কাটক, ওড়িশা, ভাৰত |
| জনা যায় | জৈৱিক কৃষিৰ প্ৰসাৰ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০২২) |
কমলা পূজাৰী ইংৰাজী: : Kamala Pujari (১৯৪৯/১৯৫০ – ২০ জুলাই ২০২৪) ভাৰতৰ ওড়িশাৰ কোৰাপুটৰ এগৰাকী ভাৰতীয় জনজাতীয় কৃষক। জৈৱিক কৃষিৰ প্ৰচাৰৰ বাবে তেওঁ পৰিচিত আছিল। পৰম্পৰাগত খেতিৰ প্ৰতি আগ্ৰহী হৈ জেইপুৰৰ এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা মূল কৌশল শিকি জৈৱিক কৃষিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।[1]
জীৱনী
[সম্পাদনা কৰক]ওড়িশাৰ কোৰাপুট জিলাৰ বয়পাৰিগুডাৰ সমীপৰ জেইপুৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ পাত্ৰপুট গাঁৱৰ এগৰাকী জনজাতীয় ভদ্ৰমহিলা কমলা পূজাৰীয়ে স্থানীয় ধান সংৰক্ষিত কৰি ৰাখিছিল। জীৱনকালত শ শ থলুৱা জাতৰ ধান সংৰক্ষণ কৰি ৰাখিছিল। ধান সংৰক্ষণ আৰু জৈৱিক খেতিৰ প্ৰসাৰ কৰাটো তেওঁৰ বাবে কোনো অবসৰ বিনোদনৰ দৰে সাধাৰন বা সহজ কাম নাছিল। ইয়াত তেওঁ দেহে মনে সোমাই পৰাৰ পিছত তেওঁ আগবাঢ়ি গৈ মানুহক সংগঠিত কৰি, দলীয় সভা আয়োজন কৰিছিল আৰু ৰাসায়নিক সাৰৰ পৰা আঁতৰি থাকিবলৈ মানুহৰ সৈতে মত বিনিময় কৰিছিল। তেওঁৰ লগত এই কামত যোগ দিবলৈ বহুত মানুহ লগত লৈ গাঁৱে গাঁৱে, দুৱাৰে দুৱাৰে টোকৰ মাৰি লোকসকলৰ সৈতে কথাবাৰ্তা চলাই জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ উৎসাহ যোগাইছিল । তেওঁৰ এই প্ৰচেষ্টাত সফল হয় আৰু পাত্ৰপুট গাঁও আৰু কাষৰীয়া গাঁৱৰ কৃষকসকলে ৰাসায়নিক সাৰ এৰি দি জৈৱিক সাৰত মন দিলে। কোনো ধৰণৰ মৌলিক শিক্ষা নোহোৱাকৈ কমলাই আজিলৈকে ১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি ৰাখিছে। শ্ৰীমতী পূজাৰীয়ে বিপন্ন আৰু বিৰল প্ৰকাৰৰ বীজ যেনে ধান, হলধী, টিল, ক’লা জিৰা, মহাকান্ত, ফুলা, আৰু ঘণ্টিয়া সংগ্ৰহ কৰিছিল। তেওঁৰ অঞ্চলৰ গাঁওবাসীক ৰাসায়নিক সাৰ পৰিহাৰ কৰিবলৈ আৰু উন্নত মানদন্দৰ খেতি চপাবলৈ আৰু মাটিৰ উৰ্বৰতাৰ বাবে জৈৱিক কৃষি গ্ৰহণ কৰিবলৈ বুজাই দিয়াৰ বাবেও তেওঁ খ্যাতি লাভ কৰিছিল। আগন্তুক প্ৰজন্মৰ বাবে তেওঁ এক প্ৰেৰণা হৈ ৰব।[2][3][4][5]
কটকৰ এখন চিকিৎসালয়ত, ২০ জুলাই ২০২৪ তাৰিখে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ পিছত পূজাৰীৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৭৪ বছৰ।[6]
কৃতিত্ব
[সম্পাদনা কৰক]২০১৭ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ (OUAT) নতুনকৈ নিৰ্মিত মহিলা হোষ্টেলখনৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰে।[7] ভুৱনেশ্বৰৰ ওড়িশা কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (OUAT) কমলা পূজাৰীৰ নামেৰে নামকৰণ কৰা হয়। ২০০২ চনত জোহান্সবাৰ্গত ইকুৱেটৰ অৱ ইনিচিয়েটিভ বঁটা লাভ কৰে। ২০০৪ চনত ওড়িশা চৰকাৰে তেওঁক শ্ৰেষ্ঠ মহিলা কৃষক হিচাপে সন্মান জনায়।নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটা "ক্ৰুচি বিছাৰাদা সন্মান"ৰ দ্বাৰাও তেওঁক সন্মানিত কৰা হয়।[8][9][10][11]
ওড়িশা ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলাৰ অনন্য গৌৰৱ লাভ কৰিছিল। ২০১৮ চনৰ মাৰ্চ মাহত তেওঁক পাঁচজনীয়া দলটোৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় যিয়ে হ্ৰস্ব আৰু দীৰ্ঘম্যাদী নীতিগত নিৰ্দেশনা প্ৰদান কৰাৰ উপৰিও ৰাজ্যখনৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা কৰে।[12][13]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Padma Awards". Padma Awards, Government of India. https://padmaawards.gov.in/PDFS/2019AwardeesList.pdf। আহৰণ কৰা হৈছে: 25 January 2019.
- ↑ Goled, Shraddha (2019-03-18). "Tribal Agricultural Activist & "Preserver Of Paddy Seeds" From Odisha Awarded Padma Shri" (en ভাষাত). thelogicalindian.com. Archived from the original on 2024-05-23. https://web.archive.org/web/20240523094104/https://thelogicalindian.com/story-feed/get-inspired/kamala-pujari-padma-shri/। আহৰণ কৰা হৈছে: 2024-05-23.
- ↑ "They stoop to conquer" (en-IN ভাষাত). The Hindu. 2012-10-21. ISSN 0971-751X. https://www.thehindu.com/sci-tech/agriculture/they-stoop-to-conquer/article4016949.ece.
- ↑ [1]
- ↑ "Padmashree Kamala Pujari - Wiki Profession Work Biography Facts Family Son Daughter - Coin Master Spins Today". Coin Master Spins Today. 17 March 2019. Archived from the original on 24 September 2020. https://web.archive.org/web/20200924065728/https://youthnow.in/biography/padmashree-kamala-pujari-wiki-profession-work-biography-facts-family-son-daughter.html। আহৰণ কৰা হৈছে: 5 March 2025.
- ↑ Padma Shri awardee Kamala Pujari passes away at 74
- ↑ Bureau, Odishatv. "OUAT hostel named after famous woman farmer Kamala Pujari" (en ভাষাত). OUAT hostel named after famous woman farmer Kamala Pujari. https://odishatv.in/odisha-news/body-slider/ouat-hostel-named-after-famous-woman-farmer-kamala-pujari-202966। আহৰণ কৰা হৈছে: 2024-07-20.
- ↑ "Odisha agri varsity hostel named after eminent woman farmer". https://odishasuntimes.com/odisha-agri-varsity-hostel-named-after-eminent-woman-farmer/.
- ↑ "Indigenous idea wins Naveen praise". https://www.telegraphindia.com/states/odisha/indigenous-idea-wins-naveen-praise/cid/1397838/.
- ↑ "Odisha News: Breaking News Update on First BJP CM Odisha & Weather News - Odisha TV". Archived from the original on 2019-04-02. https://web.archive.org/web/20190402192444/https://odishatv.in/odisha/body-slider/woman-farmer-kamala-pujari-fails-to-get-pucca-house-203061। আহৰণ কৰা হৈছে: 2025-03-05.
- ↑ "चाय बेचने वाले शख्स को मिला पद्मश्री, मन की बात में PM मोदी भी कर चुके हैं तारीफ - D Prakash Rao Kamala Pujari and Daitari Naik Receive Padma Shri From President Kovind" (hi ভাষাত). Jagran. https://www.jagran.com/odisha/cuttack-d-prakash-rao-kamala-pujari-and-daitari-naik-receive-padma-shri-from-president-kovind-19049366.html। আহৰণ কৰা হৈছে: 2024-05-23.
- ↑ Goled, Shraddha (2019-03-18). "Tribal Agricultural Activist & "Preserver Of Paddy Seeds" From Odisha Awarded Padma Shri" (en ভাষাত). thelogicalindian.com. Archived from the original on 2024-05-23. https://web.archive.org/web/20240523094104/https://thelogicalindian.com/story-feed/get-inspired/kamala-pujari-padma-shri/। আহৰণ কৰা হৈছে: 2024-05-23.
- ↑ "Dailyhunt". https://m.dailyhunt.in/news/india/english/orissa+post-epaper-orisapos/padma+shri+awardee+kamala+pujari+hospitalised-newsid-107227654/.