কমলা লক্ষ্মণ
কমলা লক্ষ্মণ | |
---|---|
জন্ম | ১৯২৪ অথবা ১৯২৫ চেন্নাই, তামিলনাডু,ভাৰত |
মৃত্যু | ১৪ নভেম্বৰ,২০১৫ পুনে, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | লেখিকা |
দাম্পত্যসঙ্গী | আৰ.কে.লক্ষ্মণ |
কমলা লক্ষ্মণ ইংৰাজী: Kamala Laxmanশিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লক্ষ্মণৰ জন্ম চেন্নাইত হৈছিল আৰু ছেইণ্ট থমাছ কনভেণ্টত অধ্যয়ন কৰিছিল আৰু পিছত দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টৰ পৰা অভ্যন্তৰীণ সজ্জা বিষয়তো(ইণ্টেৰিয়ৰ ডেকৰেছন) ডিগ্ৰী লাভ কৰিছিল। ইণ্ডিয়া বুক হাউচে লক্ষ্মণক ১৯৭০ ৰ দশকত শিশু গ্ৰন্থ লিখিবলৈ আয়োগ দিছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে থামা ষ্টৰীজ, তেনালী এণ্ড আদাৰ ষ্টৰীজৰ ৰমন আৰু থামা আৰু হিজ মিচিং মাদাৰ। তেওঁৰ বহুতো ৰচনা স্বামী আৰ কে লক্ষ্মণে চিত্ৰিত কৰিছিল। তেওঁৰ কাহিনীবোৰ ভাৰতীয় টিভি ষ্টেচন দূৰদৰ্শনৰ দ্বাৰা ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰা হৈছিল।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]লক্ষ্মণ ১৯৬৫ চনত মুম্বাইত তেওঁৰ মাতৃৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মহালক্ষ্মী লেডিজ ক্লাবৰ আজীৱন সভাপতি আছিল।[3]
কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ প্ৰথমা পত্নী কুমাৰী কমলাৰ পৰা বিবাহ বিচ্ছেদৰ পিছত[4] তেওঁ কমলা লক্ষ্মণৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। আৰ. কে. লক্ষ্মণ তেওঁৰ সম্পৰ্কত মামাও আছিল। তেওঁৰ এজন পুত্ৰ শ্ৰীনিবাস এগৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিক, এগৰাকী বোৱাৰী ঊষা আৰু এগৰাকী নাতিনী ৰিমণিকা।
লক্ষ্মণৰ ২০১৫ চনত ৯০ বছৰ বয়সত মৃত্যু হয়।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Children's Book Writer and RK Laxman's Wife Kamala Laxman Dies". NDTV. 14 November 2015. http://www.ndtv.com/india-news/childrens-book-writer-kamala-laxman-dead-1243442.
- ↑ Banerjee, Shoumojit (15 November 2015). "Children's books author Kamala Laxman passes away". The Hindu. http://www.thehindu.com/news/national/childrens-books-author-kamala-laxman-passes-away/article7878188.ece। আহৰণ কৰা হৈছে: 29 March 2016.
- ↑ "Where Knowledge is the only gossip". DNA. 10 October 2010. http://dnasyndication.com/dna/article/DNPUN32127.
- ↑ De, Shobhaa (31 January 2015). "An 'uncommon' marriage: RK Laxman and Kamala". Mumbai Mirror. http://www.mumbaimirror.com/columns/columnists/shobhaa-de/An-uncommon-marriage-RK-Laxman-and-Kamala/articleshow/46071935.cms। আহৰণ কৰা হৈছে: 29 March 2015.