সমললৈ যাওক

কমলা সাংকৃত্যায়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা সাংকৃত্যায়ন

ড° কমলা সাংকৃত্যয়ন (১৯৩০–২০০৯)
স্থানীয় নাম कमला सांकृत्यायन
জন্ম কমলা পাৰিয়াৰ
১৫ আগষ্ট, ১৯৩০
কালিম্পং, পশ্চিমবংগ, ভাৰত
মৃত্যু ২৫ অক্টোবৰ, ২০০৯ (৭৯ বছৰ)
দাৰ্জিলিং, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, সম্পাদিকা, পণ্ডিত
পিতৃ-মাতৃ
  • চন্দ্ৰমন পাৰিয়াৰ (পিতৃ)
  • চন্দ্ৰমায়া পাৰিয়াৰ (মাতৃ)

কমলা সাংকৃত্যায়ন (ইংৰাজী: Kamala Sankrityayan; ১৫ আগষ্ট ১৯৩০ – ২৫ অক্টোবৰ ২০০৯) আছিল বিংশ শতিকাৰ এগৰাকী ভাৰতীয় সাহিত্যিক, সম্পাদিকা আৰু হিন্দী তথা নেপালী সাহিত্যৰ পণ্ডিত। তেওঁ প্ৰখ্যাত বুৰঞ্জীবিদ ৰাহুল সাংকৃত্যায়নৰ পত্নী আছিল।[1]

১৯৩০ চনৰ ১৫ আগষ্ট তাৰিখে, পশ্চিমবংগৰ কালিম্পঙত এক নেপালী দমাই পৰিয়ালত কমলা সাংকৃত্যায়নে জন্মগ্ৰহণ কৰিছিল।[2][3] কমলা সাংকৃত্যায়নৰ পিতৃৰ নাম চন্দ্ৰমন পাৰিয়াৰ আৰু মাতৃৰ নাম চন্দ্ৰমায়া পাৰিয়াৰ। ১৯৪৭ চনত, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু ইতিহাসবিদ ৰাহুল সাংকৃত্যায়নৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী পুত্ৰ, জেটা আৰু এগৰাকী কন্যা, জয়া আছিল।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাংকৃত্যায়ন আছিল এগৰাকী সুপৰিচিত সাহিত্যিক, পণ্ডিত আৰু অনুবাদক। তেওঁ বাল্মিকীৰ ৰামায়ণখন নেপালী ভাষালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেচনেল বিব্লিঅ’গ্ৰাফী অৱ ইণ্ডিয়ান লিটাৰেচাৰ (১৯০১–১৯৫৩)ৰ সদস্য আছিল। এছিয়াত ৰামায়ণী পৰম্পৰা, মহামানৱ মহাপণ্ডিত, প্ৰভা, নেপালী সাহিত্য, ৰাহুল সাংকৃত্যায়নকে ধৰি ভালেকেইখন গ্ৰন্থও ৰচনা কৰিছিল।[5] তেওঁ বহুকেইটা ভাষাত পাকৈত আছিল।

১৯৫০ চনৰ পৰা নেপালী আৰু হিন্দী সাহিত্যৰ ক্ষেত্ৰখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা তেখেতে হিন্দী আৰু নেপালী সাহিত্যৰ অসংখ্য আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। বিচাৰ তথা বিৱেচনা শীৰ্ষক ৰচনাৰ সৃষ্টি আৰু সংকলনৰ বাবে তেওঁ ১৯৮২ চনত ভানূপুৰস্কাৰ আৰু ১৯৯৩ চনত মহাপণ্ডিত ৰাহুল সাংকৃত্যয়ন বঁটাৰে সন্মানিত হৈছিল। ভাৰতীয় সাহিত্য বিশ্বকোষ সৃষ্টিতো অৰিহণা আগবঢ়াইছিল। তেওঁ ১৩খন ভিন্ন হিন্দী আৰু নেপালী গ্ৰন্থ আৰু ৫০০ৰো অধিক প্ৰবন্ধ লিখিছিল। তেওঁ দাৰ্জিলিঙৰ লৰেটো কলেজৰ হিন্দী বিভাগৰ মুৰব্বীও আছিল। ২০০৮ চনত তেওঁৰ শেষৰখন গ্ৰন্থ দিব্য মণি প্ৰকাশ পাইছিল।

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • এছিয়াত ৰামায়ণ পৰম্পৰা
  • মহামানৱ মহাপণ্ডিত – ১৯৯৫
  • প্ৰভা – ১৯৯৪ চন
  • নেপালী সাহিত্য – ১৯৮৬
  • অসম কি লোককথায়েঁ – ১৯৮১–১৯৯৩
  • দিব্য মণি – ২০০৮
  • বিচাৰ তথা বিৱেচনা

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]