সমললৈ যাওক

কমলা সিনহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা সিনহা
ব্যক্তিগত তথ্য
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৩২
ঢাকা, বংগ ৰাষ্ট্ৰপতি, ব্ৰিটিছ ভাৰত
মৃত্যু ৩১ ডিচেম্বৰ, ২০১৪ (৮২ বছৰ)
চিৰাকিউজ, নিউয়ৰ্ক, আমেৰিকা

কমলা সিনহা (ইংৰাজী: : Kamala (Kamla) Sinha; ৩০ ছেপ্টেম্বৰ ১৯৩২-৩২ ডিচেম্বৰ ২০১৪ ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কূটনীতিবিদ আছিল। ১৯৯০ চনৰ পৰা ২০০০ চনলৈকে তেওঁ দুবাৰকৈ ৰাজ্যসভা লৈ নিৰ্বাচিত হৈছিল, আৰু পিছত চুৰিনাম আৰু বাৰ্বাডোছত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আই. কে. গুজৰাল কেবিনেটত বৈদেশিক পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল। ২০১৪ চনৰ ৩১ ডিচেম্বৰত নিউয়ৰ্কৰ চাইৰাকুজত ৮২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1][2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনৰ ৩০ ছেপ্টেম্বৰত ঢাকা (বৰ্তমান বাংলাদেশ) জন্মগ্ৰহণ কৰা জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জী নাতিনী সিনহা,[3][4][5][6] বিহাৰ বিপ্লৱী, জাতীয়তাবাদী, সমাজবাদী, ট্ৰেড ইউনিয়নবাদী আৰু প্ৰথম বিৰোধী দলৰ নেতা বাছাৱন সিনহা সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[7][2][3][4][5][6]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৭২-৮৪ ৰ মাজত বিহাৰ বিধান পৰিষদৰ দুবাৰ সদস্য আৰু তাৰোপৰি ৰাজ্যসভাৰ দুটা কাৰ্যকালৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত, তেওঁ বিভিন্ন কমিটিৰ সদস্য ৰূপেও কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰিছিল।[2] তেওঁৰ স্বামী বাছাৱন সিনহা এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু জয়প্ৰকাশ নাৰায়ণ আৰু কৰ্পূৰী ঠাকুৰৰ সহকৰ্মী আছিল।[2] জয়প্ৰকাশ নাৰায়ণ নেতৃত্বাধীন গণআন্দোলনৰ সময়ত তেওঁক মেইন্টেনেন্স অৱ ইণ্টাৰনেল ছিকিউৰিটি এক্ট (এমআইএছএ) ৰ অধীনত আটক কৰা হৈছিল। তেওঁ বহু বছৰ ধৰি হিন্দ মাজদুৰ সভাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল, আৰু এই পদত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা সভাপতি আছিল। এছিয়া আৰু বিশ্বজুৰি বিভিন্ন দায়িত্বত থাকি তেওঁ ব্যাপকভাৱে ভ্ৰমণ কৰিছিল আৰু দেশ-বিদেশত নিজৰ উপস্থিতি নিশ্চিত কৰিছিল।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Former MoS for External Affairs Kamala Sinha passes away". Business Standard. January 1, 2015. http://www.business-standard.com/article/pti-stories/former-mos-for-external-affairs-kamala-sinha-passes-away-115010100744_1.html আহৰণ কৰা হৈছে: January 1, 2015.
  2. 1 2 3 4 5 "Former union minister Kamla Sinha dies in US away". Times of India. January 1, 2015. http://timesofindia.indiatimes.com/city/patna/Former-union-minister-Kamla-Sinha-dies-in-US/articleshow/45720792.cms আহৰণ কৰা হৈছে: January 1, 2015.
  3. 1 2 Hindu, The (2015-01-02). "Kamala Sinha passes away". The Hindu. https://www.thehindu.com/todays-paper/tp-national/tp-otherstates/kamala-sinha-passes-away/article6746856.ece আহৰণ কৰা হৈছে: 2019-03-31.
  4. 1 2 "Former MoS for External Affairs Kamala Sinha passes away". Business Standard News. 2015-01-01. https://www.business-standard.com/article/pti-stories/former-mos-for-external-affairs-kamala-sinha-passes-away-115010100744_1.html আহৰণ কৰা হৈছে: 2019-03-31.
  5. 1 2 PTI (2015-01-01). "Former MoS for External Affairs Kamala Sinha passes away in US". indiatvnews.com. https://www.indiatvnews.com/politics/national/former-mos-for-external-affairs-kamala-sinha-passes-away-24442.html আহৰণ কৰা হৈছে: 2019-03-31.
  6. 1 2 "Former MoS for External Affairs Kamala Sinha Dead". 2015-01-01. https://www.outlookindia.com/newswire/story/former-mos-for-external-affairs-kamala-sinha-dead/875339 আহৰণ কৰা হৈছে: 2019-03-31.
  7. "Bihar's biwi brigade". The Times of India. 6 October 2013. https://timesofindia.indiatimes.com/home/sunday-times/deep-focus/Bihars-biwi-brigade/articleshow/23601794.cms আহৰণ কৰা হৈছে: 22 November 2017.