কমলা (১৯৮৪ চলচ্চিত্ৰ)
| কমলা | |
|---|---|
![]() | |
| পৰিচালক | জগমোহন মুন্ধৰা |
| ৰচনা | বিজয় টেণ্ডুলকাৰ বসন্ত দেৱ (সংলাপ) |
| চিত্ৰনাট্য | বিজয় টেণ্ডুলকাৰ |
| কাহিনী | বিজয় টেণ্ডুলকাৰ |
| ভিত্তি | কমলা লেখক: বিজয় টেণ্ডুলকাৰ |
| প্ৰযোজক | জগমোহন মুন্ধৰা |
| অভিনয়ত | শাবানা আজমী দীপ্তি নাভাল মাৰ্ক জুবেৰ এ কে হেংগল টুনটুন সুলভা দেশপাণ্ডে |
| সংগীত পৰিচালক | বাপ্পী লাহিড়ি |
মুক্তি |
১৯৮৫ |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
কমলা (ইংৰাজী: Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে।[1] বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
প্লট
[সম্পাদনা কৰক]দিল্লীৰ সাংবাদিক জয়সিংহ যাদৱে (মাৰ্ক জুবেৰ) গম পায় যে আজিলৈকে মধ্যপ্ৰদেশৰ এখন গাঁৱত দেহৰ ব্যৱসায় চলি আছে, আৰু ভুক্তভোগীসকল ভীল জনগোষ্ঠীৰ ছোৱালী। যিকোনো উৎসুক সাংবাদিকৰ দৰেই তেওঁ গাঁওখনলৈ যাত্ৰা কৰে; তাৰ পিছত সঁচাকৈয়ে কমলা (দীপ্তি নাৱাল) নামৰ ছোৱালী এজনী কিনি দিল্লীত থকা নিজৰ ঘৰলৈ লৈ আহে। যিহেতু তেওঁৰ উদ্দেশ্য সৎ, সেয়েহে কিছুদিন পিছত তেওঁ এখন সংবাদমেল অনুষ্ঠিত কৰে, য'ত তেওঁ গাঁওখনত চলি থকা প্ৰকৃত অন্যায়ৰ বিষয়ে প্ৰকাশ কৰে।[2]
সমালোচকৰ প্ৰতিক্ৰিয়া
[সম্পাদনা কৰক]মুক্তিৰ লগে লগে কমলাই উচ্চ প্ৰশংসা লাভ কৰে। টাইমছ অফ ইণ্ডিয়াই এটা লেখাত কয় যে, "দীপ্তী নাভালক চকু দুটা ডাঙৰ কৰিবলৈ, ভয় খোৱা শহাপহুৰ দৰে কঁপিবলৈ আৰু মুকুতাৰ দৰে হাঁহি মাৰিবলৈ মাতি অনা হৈছে। তেওঁ এই কামবোৰ দক্ষতাৰে কৰে।" ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছে, "দীপ্তি নাভাল আৰু মাৰ্ক জুবেৰৰ পৰা বিশ্বাসযোগ্য – হয়তো উল্লেখযোগ্য – অভিনয় আদায় কৰাৰ বাবে মুন্ধৰাক প্ৰশংসা কৰা উচিত – যাৰ প্ৰতিভা এতিয়ালৈকে লুকাই আছে।"[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Kamla সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
