কমলিনী মুখাৰ্জী
| কমলিনী মুখাৰ্জী | |
|---|---|
| জন্ম | ৪ মাৰ্চ, ১৯৮৪ (৪২ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৪–২০১৬ |
কমলিনী মুখাৰ্জী (ইংৰাজী: Kamalinee Mukherjee; জন্ম: ৪ মাৰ্চ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যত তেলুগু ছবিৰ লগতে কেইখনমান মালয়ালম আৰু তামিল ছবিত অভিনয় কৰিছে।
ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ মুম্বাইত থিয়েটাৰৰ এটা কৰ্মশালা সম্পূৰ্ণ কৰে। ২০০৪ চনত এইডছ বিষয়ৰ ওপৰত আধাৰিত ফিৰ মিলিঙ্গে ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। তাৰ পিছত একে বছৰতে তেওঁ তেলেগু ছবি আনন্দত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কমলিনীৰ জন্ম ১৯৮৪ চনৰ ৪ মাৰ্চত হৈছিল[1] আৰু তেওঁ ভাৰতৰ কলকাতাত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ এজন মেৰিন ইঞ্জিনিয়াৰ আৰু মাতৃ এগৰাকী গহনা ডিজাইনাৰ। তেওঁ পৰিয়ালৰ তিনিজন ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ।[2] সৰুৰেপৰাই "মঞ্চত থকাৰ প্ৰতি থকা চেনেহৰ" বাবে তেওঁ স্কুল আৰু কলেজত পঢ়ি থকাৰ সময়তে সকলো ধৰণৰ অপেছাদাৰী আৰু পেছাদাৰী নাটকত অভিনয় কৰিছিল। উল্লেখযোগ্য যে, এই নাটকবোৰত তেওঁ সদায় পুৰুষ চৰিত্ৰতহে অভিনয় কৰিছিল।[2] থিয়েটাৰৰ উপৰি তেওঁ পঢ়া, ছবি অঁকা আৰু লিখা-মেলাৰ প্ৰতিও অনুৰাগ গঢ়ি তুলিছিল।[3] লগতে তেওঁ কেইবাবছৰ ধৰি ভৰতনাট্যমৰ প্ৰশিক্ষণো লৈছিল।[3]
কলকাতাৰ লেৰেটো কলেজৰপৰা ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ নতুন দিল্লীত হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল যদিও মুম্বাইত থিয়েটাৰৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সেয়া আধাতে এৰি দিছিল।[4]
অভিনয় জীৱন
[সম্পাদনা কৰক]সফলতাৰ দিশে
[সম্পাদনা কৰক]এক আকস্মিক সাক্ষাতৰ পিছত অভিনেত্ৰী তথা পৰিচালিকা ৰেৱতীয়ে তেওঁৰ দ্বিতীয় পৰিচালিত ছবি ফিৰ মিলিঙ্গেত এটা চৰিত্ৰৰ বাবে কমলিনীক প্ৰস্তাৱ দিছিল। এই ছবিখন এইডছ বিষয়ৰ ওপৰত আধাৰিত আছিল। প্ৰথম অৱস্থাত অভিনয়ক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ তেওঁৰ পিতৃ-মাতৃ অলপ দ্বিধাবোধ কৰিছিল যদিও পিছলৈ তেওঁলোকে যথেষ্ট সমৰ্থন আগবঢ়াইছিল।[3] এই ছবিখনত তেওঁ এজনী ৰেডিঅ' জকী আৰু শিল্পা শেঠীৰ চৰিত্ৰটোৰ কনিষ্ঠ ভগ্নীৰ ভূমিকাত অভিনয় কৰিছিল।[4][5]
প্ৰায় একে সময়তে তেলেগু চলচ্চিত্ৰ জগতৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক শেখৰ কামমুলাই তেওঁৰ পৰৱৰ্তী তেলেগু ছবি আনন্দৰ বাবে চৰিত্ৰ নিৰ্বাচন কৰি আছিল। এটা বিজ্ঞাপনত কমলিনীক দেখাৰ পিছত কামমুলাই তেওঁক ছবিখনৰ বাবে নিৰ্বাচিত কৰে। মুখাৰ্জীয়ে কৈছিল যে এগৰাকী স্বতন্ত্ৰ আৰু আধুনিক মহিলাৰ এই চৰিত্ৰটো তেওঁৰ নিজৰ ব্যক্তিত্বৰ দৰেই হোৱাৰ বাবে ই তেওঁক আকৰ্ষিত কৰিছিল।[3][6] ছবিখনে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰপৰা ২০০৪ চনৰ ছয়টা সন্মানীয় নন্দী বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত মুখাৰ্জীয়ে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ নন্দী বঁটা লাভ কৰে।[7] তেওঁ সেই বছৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী হিচাপেও দুটাকৈ বঁটা লাভ কৰিছিল।[8][9]
২০০৫–বৰ্তমান
[সম্পাদনা কৰক]আনন্দ ছবিত এগৰাকী দৃঢ়মনা, স্বতন্ত্ৰ আৰু আধুনিক মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰাৰ পাছত তেওঁৰ পৰৱৰ্তী ছবি আছিল ২০০৫ চনৰ মীনাক্ষী। ছবিখনে ব্যাৱসায়িকভাৱে বিশেষ সফলতা লাভ নকৰিলে যদিও মুখাৰ্জীয়ে কৈছিল যে তেওঁ এই ছবিখনত অভিনয় কৰি অনুসূচনা কৰা নাই আৰু এয়া তেওঁৰ বাবে এক ডাঙৰ শিক্ষা আছিল।[2] চলচ্চিত্ৰ সমালোচকসকলে মুখাৰ্জীৰ অভিনয় দক্ষতাৰ প্ৰশংসা কৰিছিল।[10] ২০০৬ চনত তেওঁ দুখন তেলেগু ছবি (ষ্টাইল আৰু গোদাবৰী) আৰু এখন তামিল ছবি (ভেট্টাইয়াডু ভিলাইয়াডু)ত অভিনয় কৰিছিল। ষ্টাইল আছিল নৃত্যৰ ওপৰত আধাৰিত এখন ছবি য’ত অভিনয় কৰিছিল প্ৰভু দেৱা, ৰাঘৱ লৰেন্স আৰু চাৰ্মী কৌৰে।[11]
শেখৰ কামমুলাৰ পৰৱৰ্তী ছবি গোদাবৰীত সুমন্ত আৰু মুখাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ড্ৰামা ধৰ্মী ছবিখনৰ পটভূমি আছিল গোদাবৰী নদী আৰু ইয়াৰ মুখ্য চৰিত্ৰদ্বয়ৰ মাজত এক প্ৰেম কাহিনী গঢ় লৈ উঠিছিল। কমলিনীয়ে ইয়াত এগৰাকী স্বতন্ত্ৰ চিন্তাধাৰাৰ আৰু প্ৰচণ্ড মানসিক শক্তি থকা মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।[12] ছবিখনে ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে কমলিনীৰ চৰিত্ৰটো বিশেষভাৱে প্ৰশংসিত হৈছিল। এজন সমালোচকে কৈছিল যে তেওঁ "দেখাত সুন্দৰ হোৱাৰ লগতে তেওঁৰ অভিনয় শৈলীও পৰিপক্ব,"[13] আনহাতে আন এজন সমালোচকে তেওঁক "গম্ভীৰ অথচ শান্ত চিত্ৰায়নৰ" বাবে প্ৰশংসা কৰিছিল।[12]
২০০৬ চনত গৌতম বাসুদেৱ মেননৰ ভেট্টাইয়াডু ভিলাইয়াডু ছবিৰ জৰিয়তে কমলিনীয়ে তামিল চলচ্চিত্ৰ জগতত খোজ পেলায় য’ত তেওঁ কমল হাছানৰ বিপৰীতে অভিনয় কৰিছিল। ইয়াৰ পিছত আহে কৃছৰদ্বাৰা পৰিচালিত ছবি গম্যম, যিখন সমালোচক আৰু দৰ্শক উভয়ৰেদ্বাৰা প্ৰশংসিত হৈছিল। এই ছবিখন নন্দী আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰি অস্কাৰ বঁটাৰ বাবে ভাৰতৰ প্ৰৱেশ পত্ৰৰ দৌৰত দক্ষিণৰ একমাত্ৰ আঞ্চলিক চলচ্চিত্ৰ আছিল।
২০০৯ চনত তেওঁ কান বঁটা বিজয়ী পৰিচালক শাজী এন কৰুণৰদ্বাৰা পৰিচালিত ছবি কুট্টি শ্ৰাংকত এজনী লেটিন খ্ৰীষ্টান মহিলা পেমেন্নাৰ চৰিত্ৰত অভিনয় কৰে য’ত মাম্মুটীয়ে মুখ্য চৰিত্ৰত আছিল। ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি ছয়টা শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেই একে বছৰতে তেওঁ জ্যেষ্ঠ পৰিচালক বংশীৰ মিউজিকেল ছবি গোপী গোপিকা গোদাবৰীত কাম কৰিছিল।
২০১২ চনত কমলিনীয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক অনিৰুদ্ধ ৰায় চৌধুৰীৰ ছবি অপৰাজিতা তুমিৰ জৰিয়তে নিজৰ মাতৃভাষা বঙালীত অভিনয় জীৱনৰ পাতনি মেলে। ছবিখনে সমালোচক আৰু ব্যাৱসায়িক দিশত সফলতা লাভ কৰিছিল।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kamalinee Mukherjee on why she quit". Telugu Cinema. 29 August 2025. https://telugucinema.com/news/kamalinee-mukherjee-on-why-she-quit-after-ram-charans-film.
- 1 2 3 Jeevi (19 July 2006). "Kamalinee Mukherjee - Idlebrain.com Interview". Idlebrain.com. http://www.idlebrain.com/celeb/interview/kamalinee.html। আহৰণ কৰা হৈছে: 6 June 2008.
- 1 2 3 4 Jeevi (10 April 2004). "Kamalinee Mukherjee - Idlebrain.com Interview". Idlebrain.com. http://www.idlebrain.com/celeb/interview/interview-kamalineemukherjee.html। আহৰণ কৰা হৈছে: 6 June 2008.
- 1 2 Sengupta, Reshmi (21 August 2004). "Star-struck sister act". The Telegraph. http://www.telegraphindia.com/1040821/asp/calcutta/story_3652496.asp। আহৰণ কৰা হৈছে: 6 June 2008. "She’s 24, but ... Kamalinee Mukherjee."
- ↑ Iyer, Shilpa (27 August 2004). "Phir milenge: Sensitive attempt". Rediff.com. http://www.rediff.com। আহৰণ কৰা হৈছে: 7 June 2008.
- ↑ "Kamalini's here to stay". The Times of India. 20 September 2007. http://timesofindia.indiatimes.com.
- ↑ "Nandi Awards 2004 Response". Idlebrain.com. http://www.idlebrain.com। আহৰণ কৰা হৈছে: 10 October 2007.
- ↑ "Santosham Film Awards 2005". Idlebrain.com. http://www.idlebrain.com। আহৰণ কৰা হৈছে: 7 June 2007.
- ↑ "CineMAA Awards 2004". Idlebrain.com. http://www.idlebrain.com। আহৰণ কৰা হৈছে: 7 June 2008.
- ↑ "Minni magic stands out in love flick". The Hindu (Chennai, India). 19 November 2005. http://www.hindu.com.
- ↑ "Style - The right steps". Indiaglitz.com. http://www.indiaglitz.com। আহৰণ কৰা হৈছে: 7 June 2008.
- 1 2 "Movie review - Godavari". Idlebrain.com. http://www.idlebrain.com। আহৰণ কৰা হৈছে: 7 June 2008.
- ↑ "Godavari - A quiet flow". Indiaglitz.com. 19 May 2006. http://www.indiaglitz.com। আহৰণ কৰা হৈছে: 7 June 2008.
- ↑ "Critic Review". The Times of India. 19 May 2018. https://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 7 June 2018.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Kamalinee Mukherjee সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।