কমল হাজৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমল হাজৰিকা

কমল হাজৰিকা
জন্ম ০১ ফেব্ৰুৱাৰী, ১৯২৫
কলিয়াবৰ, অসম
মৃত্যু ১৬ নৱেম্বৰ, ২০১৭ (৯২ বছৰ)
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা  ভাৰত
পেচা গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী
জনা যায় চেনাই মই যাওঁদেই শীৰ্ষক গীত
দাম্পত্যসঙ্গী ধীৰা চলিহা হাজৰিকা
সন্তান লুণা হাজৰিকা

কমল হাজৰিকা (ইংৰাজী: Kamal Hazarika) বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আছিল। তেওঁৰ অন্যতম অমৰ সৃষ্টি হিচাপে পৰিগণিত হোৱা ‘চেনাই মই যাওঁ দেই’ গীতটোত কণ্ঠশিল্পী দীপালি বৰঠাকুৰে কণ্ঠদান কৰিছিল।[1][2]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৭ চনৰ ১ ফেব্ৰুৱাৰীত কলিয়াবৰৰ আখিৰঙা গাঁৱত কমল হাজৰিকাৰ জন্ম হৈছিল। প্ৰয়াত কমল হাজৰিকাই শ্বিলং চৰকাৰী স্কুল আৰু ছেইণ্ট এন্থনী কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।অসমৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।[2]

কৰ্ম আৰু সংগীত জীৱন[সম্পাদনা কৰক]

১৯৫৬ চনত তেওঁ লণ্ডনত ভাৰতীয় উচ্চায়োগত চাকৰিত যোগ দি তালৈ যায়। কিছু বছৰৰ পাছত তেওঁ ব্ৰিটিছ চৰকাৰৰ স্বাস্থ্য সেৱাত যোগ দিয়ে। তাৰ পৰাই তেওঁ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ লণ্ডনৰ স্থায়ী নিৱাসী হৈ পৰে। কিন্তু অৱসৰৰ পাছত সঘনে অসমৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ নয়নপুৰতো তেওঁৰ ঘৰ আছিল। অৱশ্যে অসুস্থতাৰ পাছত তেওঁ অসমতে স্থায়ীভাৱে বাস কৰিবলৈ লয়।[2][3]

উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰো আগৰ পৰা কলকাতা কেন্দ্ৰৰ পৰা আকাশবাণীযোগে তেওঁ গীত পৰিৱেশন কৰিছিল। সমসাময়িকভাৱে তেওঁ গীত ৰচনা আৰু সুৰ দি আহিছিল। ১৯৪৮ চনত স্থাপন হোৱা শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ভালেকেইটি গীত গাইছিল।[2]

কেইটিমান উল্লেখযোগ্য গীত[সম্পাদনা কৰক]

গীতৰ শীৰ্ষ
নং শিৰোনাম দৈৰ্ঘ্য
1. "আই ঐ দেহি অসমখনি"    
2. "অভিমান কিয় তোমাৰ"    
3. "চেনেহৰ দোলডাল নিছিঙিবা"    
4. "সাগৰৰ সীমাৰেখা খেদি"    
5. "গাঁওবুঢ়াৰ জীয়ৰী"    

তেওঁ লিখা আৰু সুৰ দিয়া জনপ্ৰিয় 'চেনাই মই যাও দেই' গীতটি দীপালি বৰঠাকুৰে গ্ৰামোফোন ৰেকৰ্ড কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

দীৰ্ঘদিন অসুস্থতাত ভুগি ২০১৭ চনৰ ১৬ নৱেম্বৰৰ বিয়লি প্ৰায় ২-৪০ বজাত আয়ুৰসুন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[2][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]