কমাণ্ডাৰ লিৱেৱে
| কমাণ্ডাৰ লিৱেৱে | |
|---|---|
| জন্ম | ৰেমেডিঅ'ছ গুইণ্টো গোমেজ ১২ জুলাই ১৯১৮ মেক্সিকো, পম্পাগানা ফিলিপাইনচ দ্বীপ |
| মৃত্যু | ১৫ মে', ২০১৪ (৯৫ বছৰ) কুয়েজন চিটি, মেট্ৰো মানিলা, ফিলিপাইনচ |
| অন্য নাম | ৰেমেডিঅ'ছ গোমেজ পাৰাইছ’ |
| পেচা | নাৰ্চ, আৰ্মী কমাণ্ডাৰ |
| দাম্পত্যসঙ্গী | বানাগ পাৰাইছ’ |
ৰেমেডিঅ'ছ গুইণ্টো গোমেজ পাৰাইছ’ (জন্ম ৰেমেডিঅ’ছ গুইণ্টো গোমেজ, ১২ জুলাই, ১৯১৮ – ১৫ মে', ২০১৪), মূলতঃ কুমাণ্ডাৰ লিৱেৱে নামেৰে পৰিচিত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফিলিপাইনছৰ এজন গেৰিলা যুঁজাৰু আছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ফিলিপাইনছৰ পাম্পাংগাৰ প্ৰাদেশিক চহৰ মেক্সিকোৰ ভাইচ মেয়ৰ মেক্সিমিয়ানা গুইণ্টু আৰু বেচিলিঅ’ গোমেজৰ কন্যা আছিল গোমেজ। কিশোৰী অৱস্থাত তেওঁ ড্ৰেছ আৰু সুগন্ধি নিৰ্মাণৰ প্ৰতি আগ্ৰহী আছিল, আৰু প্ৰায়ে স্থানীয় সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ গেৰিলা
[সম্পাদনা কৰক]১৯৪১ চনত জাপানে ফিলিপাইনছ আক্ৰমণ কৰাৰ পাছত তেওঁৰ পিতৃয়ে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিৰোধৰ সংগঠিত হয়। জাপানীসকলে তেওঁক বন্দী কৰি অত্যাচাৰ কৰি ফাঁচি দিছিল। তেওঁৰ মৃতদেহটো সকলোৱে দেখাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। পিতৃৰ মৃত্যুৱে তেওঁক ঘৰ এৰি জাপানৰ বিৰুদ্ধে গেৰিলা বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে।[1]
মাউণ্ট আৰায়তৰ ওচৰত ভিত্তি কৰি গেৰিলা আন্দোলন হুকবালাহাপে গোমেজ আৰু তেওঁৰ ভাতৃ অস্কাৰক নিযুক্তি দিছিল। গেৰিলা বাহিনীয়ে লিৱেৱেক কুমাণ্ডাৰ লিৱেৱে ("কমাণ্ডাৰ ডন") নাম দিছিল। তেওঁ “প্ৰতিৰোধ নকৰাকৈ মৰি যোৱা ভাল’’ মন্ত্ৰত দীক্ষা লৈ কাম কৰিছিল। যুদ্ধৰ প্ৰশিক্ষণ আৰু মাৰ্ক্সবাদী শিক্ষা দুয়োটা লাভ কৰি তেওঁ সামৰিক বাহিনীৰ পদবীৰ মাজেৰে দ্ৰুতগতিত ওপৰলৈ উঠি যায়।[1]
আনুষ্ঠানিকভাৱে সাজ-পোছাক পৰিধান কৰা আৰু যুদ্ধত ৰঙা লিপষ্টিক লোৱা বাবে তেওঁ পৰিচিত আছিল। তেওঁৰ যুক্তি আছিল যে তেওঁ নিজে মানুহ হোৱাৰ অধিকাৰৰ বাবে যুঁজি আছিল। প্ৰথমে তেওঁ নাৰ্ছ হিচাপে কাম কৰিছিল। মাত্ৰ ১০% সৈনিক মহিলা আছিল। অৱশ্যে কেইমাহমানৰ পিছত তেওঁক নিজৰ সামৰিক দলৰ কমাণ্ডাৰ হিচাপে পদোন্নতি দিয়া হয়।
কামান্সিৰ যুদ্ধৰ সময়ত বিদ্ৰোহীসকলক পিছুৱাই যাবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও লিৱেৱে আৰু তেওঁৰ দলটোৱে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল। যদিও তেওঁৰ সংখ্যা বহু বেছি, তেওঁৰ দলটোৱে জাপানীসকলৰ বিৰুদ্ধে যুঁজিছিল।[2] ফলত জাপানীসকলে পিছুৱাই যাবলৈ বাধ্য হ’ল। যুদ্ধৰ পিছত লিৱেৱেৰ খ্যাতি আন প্ৰদেশলৈও বিয়পি পৰে।[3]
১৯৪৪ চনত আমেৰিকানসকল ফিলিপাইনছলৈ উভতি অহাৰ পাছত হাকসকলে লুজনত মিত্ৰশক্তিৰ বাহিনীৰ প্ৰচেষ্টাত সহায় কৰে। যুদ্ধৰ শেষৰফালে লিৱাৱেৱেই তেওঁৰ পিতৃক হত্যা কৰা জাপানী বিষয়াজনক বিচাৰি উলিয়াইছিল। তায়ো তেওঁক দেউতাকৰ দৰেই শাস্তি দিছিল।[3]
যুদ্ধৰ পিছৰ জীৱন
[সম্পাদনা কৰক]জাপানীসকলৰ ওপৰত জয়লাভক তেওঁ সংগ্ৰামৰ অন্ত বুলি মানি লোৱা নাছিল। ফিলিপাইনছৰ নতুন গণতন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰাত তেওঁ পুনৰ হকসকলৰ সৈতে যোগ দিলে যিটোক তেওঁ “প্ৰহসন” বুলি গণ্য কৰিছিল। গ্ৰেপ্তাৰ কৰি বিদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হয় যদিও পিছলৈ মুকলি কৰি দিয়া হয় আৰু ১৯৪৮ চনত ভিছায়াছত সম্প্ৰসাৰণ বাহিনীৰ অংশ হিচাপে স্বামী বাণী পাৰাইছ’ৰ সৈতে যোগদান কৰে। সেই বছৰৰ শেষৰফালে কৰা অভিযানত বাণীক হত্যা কৰা হয় আৰু লিৱেৱেক বন্দী কৰা হয়। যদিও অৱশেষত তেওঁক দোষমুক্ত কৰা হয়, বিপ্লৱী সামৰিক সেনাপতি হিচাপে তেওঁৰ কেৰিয়াৰ ইয়াতেই শেষ হয়।[4]
এটা পুত্ৰৰ ভৰণ-পোষণৰ দায়িত্ব লৈ লিৱেৱেই বজাৰ এখনত কাম কৰিবলৈ গ'ল।[3] লিৱেৱেই ফিলিপাইনছৰ প্ৰতিৰোধ যোদ্ধাসকলক দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণ সৈনিক হিচাপে স্বীকৃতিৰ বাবে যুঁজিছিল।[3] তদুপৰি তেওঁ সামৰিক পেঞ্চনৰ বাবে সংগ্ৰাম কৰিছিল আৰু যুদ্ধত ফিলিপাইনছৰ মহিলাসকলৰ অৱদানৰ বিষয়েও মত প্ৰকাশ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১৪ চনত হৃদযন্ত্ৰৰ পালমোনাৰী বন্ধ হোৱাৰ বাবে ৯৫ বছৰ বয়সত গোমেজৰ মৃত্যু হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Lanzona, Vina A. (2009). Amazons of the Huk Rebellion (Gender, Sex, and Revolution in the Philippines). প্ৰকাশক Wisconsin: University of Wisconsin Press. ISBN 978-0-299-23094-4.
- ↑ Schmermund, Elizabeth (2017). Women Warriors. প্ৰকাশক Berkeley Heights, NJ: Enslow Publishing. পৃষ্ঠা. 114–116. ISBN 978-0766081512.
- 1 2 Stilwell, Blake (2023-02-28). "How a Beauty Queen Turned Guerrilla Avenged Her Father's Death in World War II" (en ভাষাত). Military.com. https://www.military.com/history/how-beauty-queen-turned-guerrilla-avenged-her-fathers-death-world-war-ii.html। আহৰণ কৰা হৈছে: 2023-03-07.