সমললৈ যাওক

কমিটি ভাওনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমিটি ভাওনা
স্থিতি সক্ৰিয়
ধৰণ হিন্দু ধৰ্মোৎসৱ
অৱস্থান চৰাইবাহী, মৰিগাঁও জিলা, অসম
দেশ ভাৰত
প্ৰথম সন্মিলন ১৮৫৮[1]
আয়োজক চৰাইবাহীৰ ৰাইজ

কমিটি ভাওনা অসমমৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ।[2] ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে মৰিগাঁৱৰ কমিটি ভাওনা বিখ্যাত।[3][2]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

এই ভাওনা মহোৎসৱৰ আয়োজন এখন কমিটিয়ে কৰিছিল। পিছলৈ কমিটিয়ে আয়োজন কৰাৰ বাবে ইয়াৰ নাম কমিটি ভাওনা হ'ল।[3]

১৮৫৮ চনৰ ডিচেম্বৰ মাহত চৰাইবাহীত প্ৰথমবাৰৰ বাবে কমিটি ভাওনা অনুষ্ঠিত হৈছিল। প্ৰথম অৱস্থাত বছৰেকীয়া হিচাপত এই মহোৎসৱৰ আয়োজন কৰা হৈছিল। ১৮৮৫ চনৰ পৰা তিনিবছৰৰ মূৰত কমিটি ভাওনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তেতিয়াৰে পৰা ৰাস পুৰ্ণিমা তিথিত চৰাইবাহীৰ বৰআলি ৰাসমন্দিৰ, বটতল শংকৰ মন্দিৰ আৰু নাথ মন্দিৰৰ প্ৰাংগণৰ তিনি মঞ্চত কমিটি ভাওনা অনুষ্ঠিত হৈ আহিছে।[3]

শৰৎ ঋতুৰ ৰাস পূৰ্ণিমা তিথিত চৰাইবাহীত প্ৰায় আধা কিলোমিটাৰ দূৰে দূৰে তিনিখন মঞ্চত কমিটি ভাওনা অনুষ্ঠিত হয়। তিনি ঠাইত অনুষ্ঠিত হোৱাৰ বাবে মূল কমিটিৰ উপৰিও আন তিনিখন কমিটি গঠন কৰা হয়।

বৰআলিৰ ৰাস মন্দিৰত ৰাসোৎসৱৰ লগতে অনুষ্ঠিত কমিটি ভাওনা খনত চুতীয়া সম্প্ৰদায়ৰ লোকে এখন অংকীয়া নাট প্ৰদৰ্শন কৰে।

বৰতলৰ শংকৰ মন্দিৰত অনুষ্ঠিত কমিটি ভাওনাত নিজ চৰাইবাহীৰ তিৱা আৰু হীৰা সম্প্ৰদায়, কাহিবাৰীৰ তিৱা সম্প্ৰদায়, কাছধৰাৰ কৈৱৰ্ত সম্প্ৰদায় ভোমোৰাগুৰি আৰু লোঙগামুখৰ তিৱা সম্প্ৰদায়, মেধি গাঁৱৰ চুতীয়া সম্প্ৰদায়, আহোম গাঁৱৰ আহোম সম্প্ৰদায় আৰু বামুণ গাঁৱৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলে অংশগ্ৰহণ কৰে। ইয়াত উক্ত গাঁৱৰ লোক সকলে আঠৰ পৰা বাৰখন ভাওনা প্ৰদৰ্শন কৰে।[4]

২০০৪ চন নাথ মন্দিৰত অনুষ্ঠিত হোৱা কমিটি ভাওনাত আঞ্চলিক চৈধ্যটা খেলে বাৰখন ভাওনা অনুষ্ঠিত হৈছিল। কমিটি ভাওনাৰ সৰহ সংখ্যক ভাওনা নাথ মন্দিৰৰ প্ৰাংগণতে প্ৰদৰ্শন কৰা হয়।

বৈশিষ্ট্য

[সম্পাদনা কৰক]

কমিটি ভাওনা তিনিঠাইৰ পৰা অনুষ্ঠিত হোৱাৰ বাবে ইয়াত মূল কমিটিৰ উপৰিও আন তিনিখন উপকমিটি গঠন কৰা হয়। ইয়াত কেৱল অংকীয়া নাট প্ৰদৰ্শন কৰা হয়। শংকৰ মন্দিৰ আৰু নাথ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কমিটি ভাওনাৰ ৰভা ঘূৰণীয়া আকৃতিত নিৰ্মাণ কৰা হয়। কমিটি ভাওনাত মুখাৰ ব্যৱহাৰ কৰা হয়। ভাওনাৰ প্ৰত্যেক সন্ধ্যা গায়ন-বায়নৰ দলে সাতবাৰ মণিকূট প্ৰদৰ্শন কৰি ভাওনা মহোৎসৱৰ আৰম্ভণি কৰা হয়।[3][1]

তথ্য উৎস

[সম্পাদনা কৰক]