কমৰ ৰহমান
কমৰ ৰহমান | |
---|---|
জন্ম | শ্বাহজাহানপুৰ |
নাগৰিকত্ব | ভাৰতীয় |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | নেন'টক্সিক'লজি, পালমোনাৰী জৈৱ ৰসায়ন, জিন' টক্সিচিটি |
কৰ্মস্থান | লক্ষ্ণৌ বিশ্ববিদ্যালয়, আই আই টি আৰ |
শিক্ষানুষ্ঠান | চেণ্ট. জন কলেজ, আগ্ৰা |
উল্লেখনীয় বঁটা | বিজ্ঞান বিভূষণ বঁটা (২০১৩) |
কমৰ ৰহমান (ইংৰাজী: Qamar Rahman) এজন ভাৰতীয় বিজ্ঞানী যিয়ে যোৱা ৪০ বছৰত নেনোকণাৰ শাৰীৰিক প্ৰভাৱ বুজিবলৈ ব্যাপকভাৱে কাম কৰি আহিছে। এছবেষ্টছিছ, স্লেটৰ ধূলি আৰু অন্যান্য ঘৰুৱা আৰু পৰিৱেশৰ কণা প্ৰদূষণৰ প্ৰভাৱ আৰু বৃত্তিগত স্বাস্থ্য উন্নত কৰাৰ উপায়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত।[1]
বৰ্তমান ভাৰতৰ লক্ষ্ণৌৰ এমিটি বিশ্ববিদ্যালয়ৰ গৱেষণা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ডীন।[2]
জাৰ্মানীৰ ৰষ্টক বিশ্ববিদ্যালয়ে ২০০৯ চনত তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।[3] ৬০০ বছৰীয়া এই বিশ্ববিদ্যালয়ৰ পৰা এই সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় ৰহমান। এছবেষ্টছৰ লগতে অন্যান্য বহুতো প্ৰদূষকৰ বিষাক্ততাৰ বিষয়ে তেওঁ ব্যাপকভাৱে অধ্যয়ন কৰিছে। কৰ্মক্ষেত্ৰত মহিলাসকলে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহা বিষয়ক লৈও তেওঁ এখন ছবি নিৰ্মাণ কৰিছে।
গুগল স্কলাৰৰ মতে তেওঁৰ আটাইতকৈ উদ্ধৃত গৱেষণা পত্ৰখন ৪৫০ বাৰ উদ্ধৃত কৰা হৈছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Rahman, Qatar. "Lilavathi's Daughters". http://www.ias.ac.in/womeninscience/LD_essays/230-233.pdf। আহৰণ কৰা হৈছে: 11 October 2014.
- ↑ Rahman, Qatar. "Current position". https://in.linkedin.com/pub/qamar-rahman/a/819/41। আহৰণ কৰা হৈছে: 31 October 2014.[সংযোগবিহীন উৎস]
- ↑ Rahman, Qamar. "Honorary Doctorate". http://www.niehs.nih.gov/news/newsletter/2013/8/science-indian/। আহৰণ কৰা হৈছে: 11 October 2014.
- ↑ "Most_cited_Article_in_Google_Scholar". http://scholar.google.com/scholar?hl=en&q=%22Qamar+Rahman%22&btnG=&as_sdt=1%2C33&as_sdtp=। আহৰণ কৰা হৈছে: 2022-02-06.