সমললৈ যাওক

কলকাতা গ্ৰন্থমেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
International Kolkata Book Fair
কলকাতা আন্তৰ্জাতিক গ্ৰন্থ মেলা
স্থিতি সক্ৰিয়
ধৰণ Multi-genre
স্থান চেণ্ট্ৰেল পাৰ্ক মেলা গ্ৰাউণ্ড, চল্ট লেক, কলকাতা
অৱস্থান কলকাতা
দেশ ভাৰত
প্ৰথম সন্মিলন ১৯৭৬; ৪৯ বছৰ  আগতে (1976)
আয়োজক পাবলিচাৰ্ছ এণ্ড বুক চেলাৰৰ্চ গিল্ড
আধিকাৰিক ৱেবছাইট www.kolkatabookfair.net
ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ ছল্ট লেকৰ চেণ্ট্ৰেল পাৰ্ক মেলা খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা ২০২৩ৰ প্ৰৱেশদ্বাৰৰ ফটো
বিশ্বভাৰতী বুক ষ্টল

আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা (পূৰ্বতে কলিকতা গ্ৰন্থমেলা) ইংৰাজী: Calcutta International Bookfair হৈছে কলকাতাৰ শীতকালীন মেলা। এই গ্ৰন্থমেলাখন পাইকাৰী বিতৰকতকৈ মূলতঃ সাধাৰণ জনতাৰ বাবেহে। ই বিশ্বৰ সৰ্ববৃহৎ অবাণিজ্যিক গ্ৰন্থমেলা আৰু প্ৰকাশকৰ দ্বাৰা আয়োজিত এছিয়াৰ সৰ্ববৃহৎ গ্ৰন্থমেলা বিশেষকৈ সৰ্বাধিক পঢ়ুৱৈ উপস্থিত থকা গ্ৰন্থমেলা।[1]

ফ্ৰেংকফৰ্ট গ্ৰন্থমেলা আৰু লণ্ডন গ্ৰন্থমেলাৰ পিছত কলকাতা বিশ্বৰ তৃতীয় বৃহত্তম বাৰ্ষিক গ্ৰন্থমেলা। কলকাতাবাসীৰ সৰহসংখ্যকে গ্ৰন্থমেলাখনক কলকাতাৰ অন্তৰ্নিহিত অংশ বুলি গণ্য কৰে আৰু গ্ৰন্থমেলাৰ সময়ছোৱাত প্ৰতিদিনে মেলাখনলৈ বহুসংখ্যক লোকৰ আগমন হয়। মেলাখনত জনসাধাৰণে কিতাপৰ সংস্পৰ্শৰ লগতে এক সাধাৰণ মেলাৰ অভিজ্ঞতা লাভ কৰে। সেয়া হৈছে পিকনিক, গায়ক-গীতিকাৰ, আৰু মিঠাই বিক্ৰেতাই সজাই থোৱা মিঠাইৰ বিভিন্ন প্ৰকাৰৰ সৈতে। মুঠ ২০ লাখতকৈ অধিক লোকৰ আগমন হোৱা এইখন উপস্থিতিৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ গ্ৰন্থমেলা। [2]

The focal theme of 38th Kolkata International Book Fair 2014 was Peru
২০১১ চনৰ কলকাতা গ্ৰন্থমেলাৰ থিম দেশ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ

কলকাতা গ্ৰন্থমেলাৰ সফলতাৰ ফলত শিলিগুৰিৰ দৰে পশ্চিম বংগৰ সৰু চহৰবোৰৰ লগতে কলকাতা নগৰ অঞ্চলতো বহু গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাখন পাছলৈ ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাৰ পৰা অনুপ্ৰাণিত হৈছিল। ২০২৬ চনত কলকাতা গ্ৰন্থমেলা ৫০ সংখ্যক সংস্কৰণত উপনীত হোৱা প্ৰথমখন ভাৰতীয় গ্ৰন্থমেলা হিচাপে পৰিগণিত হ’ব, যাৰ ফলত ই ভাৰতৰ আটাইতকৈ পুৰণি বাৰ্ষিক গ্ৰন্থমেলা হিচাপে পৰিগণিত হ’ব। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা যদিও ১৯৭২ চনত উদ্বোধন কৰা হৈছিল, ২০১২ চনলৈকে বাৰ্ষিক অনুষ্ঠানত পৰিণত হোৱা নাছিল। তাৰ আগতে নতুন দিল্লীৰ বিশ্ব গ্ৰন্থমেলাখন দ্বিবাৰ্ষিক আছিল। ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাৰ আয়োজকসকলে জনোৱা মতে, ২০০৬ চনত ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাত সন্মানীয় অতিথি হিচাপে মনোনীত হোৱাটো ভাৰতত কলকাতা গ্ৰন্থমেলাৰ জনপ্ৰিয়তা গুৰুত্বপূৰ্ণ আছিল।

২০২০ চনৰ ২৯ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত বিধাননগৰৰ চেণ্ট্ৰেল পাৰ্কত ৪৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা অনুষ্ঠিত হয়।

৪৫ সংখ্যক কলকাতা আন্তজাৰ্তিক গ্ৰন্থমেলা স্থগিত ৰখা হৈছিল বিশেষকৈ কোভিড-১৯ মহামাৰীৰ বাবে। [3]

২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চৰ ভিতৰত বিধাননগৰৰ চেণ্ট্ৰেল পাৰ্কত ৪৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা অনুষ্ঠিত হয়। ৪৫ সংখ্যকগ্ৰন্থমেলাৰ থিম আছিল বাংলাদেশ।

২০২৫ চনৰ ২৮ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত ছল্ট লেকৰ বইমেলা প্ৰাংগন কৰুণামোয়ীত ৪৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা অনুষ্ঠিত হয়। ৪৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাৰ সময় দৈনিক নিশা ১২ বজাৰ পৰা ৮ বজালৈ। ২০২৫ চনৰ বাবে থিম আছিল জাৰ্মানী।

আৰম্ভণি

[সম্পাদনা কৰক]
'গিল্ড হাউচ' হৈছে কলকাতাৰ 'দ্য পাব্লিচাৰ্ছ এণ্ড বুকচেলাৰ্ছ গিল্ড'ৰ কাৰ্যালয়। জানুৱাৰী ২০১৪

কলকাতা পাব্লিচাৰ্ছ এণ্ড বুকচেলাৰ গিল্ডৰ উদ্যোগত ১৯৭৬ চনত ক্ষুদ্ৰ পৰিসৰত এই গ্ৰন্থমেলা আৰম্ভ হয়। গ্ৰন্থৰ ক্ৰমবৰ্ধমান জনসাধাৰণৰ চাহিদা পূৰণৰ বাবে এই গ্ৰন্থমেলা আৰম্ভ কৰা হৈছিল।

নিৰ্দিষ্ট স্থান

[সম্পাদনা কৰক]

২০০৯ চনৰ পৰা ই.এম.বাইপাছৰ বিজ্ঞান চহৰৰ ওচৰৰ মিলান মেলাত নতুন স্থানত অনুষ্ঠিত হৈছে এই মেলা। ২০০৯ চনত লাখ লাখ লোকে এই গ্ৰন্থমেলাখনলৈ গৈছিল। আগতে এছিয়াৰ বৃহৎ নগৰীয়া উদ্যান ময়দানত অনুষ্ঠিত হৈছিল এই মেলা। ১৯৯১ চনত মৈদানৰ পাৰ্ক ষ্ট্ৰীটৰ মূৰত অনুষ্ঠিত হৈছিল।

১৯৮০ চনৰ দশক আৰু নব্বৈৰ দশকৰ আৰম্ভণিতে কলকাতাত বাৰ্ষিক দুখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল, এখন কলকাতা প্ৰকাশক আৰু কিতাপ বিক্ৰেতা গিল্ডৰ, আৰু এখন পশ্চিম বংগ চৰকাৰৰ − গ্ৰন্থো মেলা (‘গ্ৰন্থো’ হৈছে গ্ৰন্থৰ বাবে প্ৰাচীন বাংলা শব্দ)। ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ আৰম্ভণিলৈকে অনুষ্ঠিত হোৱা ‘গ্ৰন্থো মেলা’ চৰকাৰী প্ৰকাশন প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰা গ্ৰন্থৰ প্ৰদৰ্শনী আছিল। প্ৰথম অৱস্থাত এইটো এটা প্ৰতিদ্বন্দ্বী বাণিজ্যিক উদ্যোগ আছিল যদিও ‘কলকাতা গ্ৰন্থমেলা’ৰ অভূতপূৰ্ব বৃদ্ধিৰ বাবে পশ্চিম বংগ চৰকাৰে ১৯৯২ চনত দুয়োখন গ্ৰন্থমেলা একত্ৰিত কৰে।

আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলা ২০২২

[সম্পাদনা কৰক]

২৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ চেণ্ট্ৰেল পাৰ্কৰ ছল্ট লেকত অনুষ্ঠিত ৪৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা। গ্ৰন্থমেলা ২০২২ৰ থিম দেশ বাংলাদেশ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বাংলাদেশৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কে এম খালিদে মেলাখন উদ্বোধন কৰে।

কলকাতা গ্ৰন্থমেলা সমূহ

[সম্পাদনা কৰক]

কলকাতা গ্ৰন্থমেলা ২০২১

[সম্পাদনা কৰক]

২০২১ চনৰ জানুৱাৰী–ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা ক’ভিড-১৯ মহামাৰীৰ বাবে বাতিল কৰা হয়।

কলকাতা গ্ৰন্থমেলা ২০২০

[সম্পাদনা কৰক]

২৯ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ৪৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা অনুষ্ঠিত হয়। আই কে বি এফ ২০২০ ৰ বাবে ৰাছিয়া আছিল কেন্দ্ৰীয় বিষয়বস্তুৰ দেশ। ৰাছিয়া পেভিলিয়নত বিভিন্ন ৰাছিয়াৰলেখক আৰু বক্তাৰ অধিবেশন আয়োজন কৰা হৈছিল। কলকাতা গ্ৰন্থমেলা ২০২০ৰ মাস্কট হিচাপে গ্ৰহণ কৰা হৈছিল'টিটো'। [4][5]

কলকাতা গ্ৰন্থমেলা ২০১৯

[সম্পাদনা কৰক]

২০১৯ চনৰ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা ৪৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাখন পশ্চিম বংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উদ্বোধন কৰে আৰু গ্ৰন্থমেলাখনৰ মঞ্চত উপস্থিত থাকে আৰু অন্যান্য বিশিষ্ট সাহিত্যিকসকলে। নিৰ্মাণৰ কাম চলি থকাৰ বাবে গ্ৰন্থমেলাৰ স্থান মিলান মেলা খেলপথাৰৰ পৰা ছল্ট লেক চেণ্ট্ৰেল পাৰ্কলৈ স্থানান্তৰ কৰা হয়। প্ৰতিদিনে দিনৰ ১২ বজাৰ পৰা নিশা ৮ বজালৈ দৰ্শনাৰ্থীৰ অনুমতি দিয়া হৈছিল। আই কে বি এফ ২০১৯ৰ বাবে কেন্দ্ৰীয় বিষয় আছিল গুৱেটামালা।[6] থিমৰ উদ্দেশ্যে আগত ৰাখি মূল প্ৰৱেশদ্বাৰ দুখনত গুৱেটামালাৰ স্থাপত্য প্ৰদৰ্শন কৰা হৈছিল।

কলকাতা গ্ৰন্থমেলা ২০১৮

[সম্পাদনা কৰক]

২০১৮ চনৰ ৩০ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ ৪২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা অনুষ্ঠিত হয়। এই গ্ৰন্থমেলা AIS(Adamas International School)[7] ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মুকলি অনষ্ঠান কাৰ্যকৰী কৰা হয়। ২০১৮ চনৰ গ্ৰন্থমেলাৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল ফ্ৰান্স। গ্ৰন্থমেলা উদ্বোধন কৰে পশ্চিমবংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীয়ে আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ সংস্কৃতি আৰু যোগাযোগ মন্ত্ৰী মাননীয় শ্ৰীমতী ফ্ৰান্সোৱা নিচেন।

কলকাতা গ্ৰন্থমেলা ২০১৭

[সম্পাদনা কৰক]

২০১৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা ৪১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল কোষ্টা ৰিকা। গ্ৰন্থমেলা উদ্বোধন কৰিছিল পশ্চিমবংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী।

কলকাতা গ্ৰন্থমেলা ২০১৬

[সম্পাদনা কৰক]

২০১৬ চনৰ ২৭ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল ৪০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা। ২০১৬ চনত বলিভিয়া আছিল কেন্দ্ৰীয় বিষয়বস্তুৰ দেশ। বলিভিয়াৰ ফ’কেল থিম কাণ্ট্ৰীৰ বিশিষ্ট সাহিত্যিক আৰু মহিলা ঔপন্যাসিক মেগেলা বাউড’ইনে সন্মানীয় মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

কলকাতা গ্ৰন্থমেলা ২০১৫

[সম্পাদনা কৰক]

২৭ জানুৱাৰীত বিয়লি ৪:০০ বজাত পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা ২০১৫ উদ্বোধন কৰে। ২৮ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীৰ ভিতৰত দিনৰ ১ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত হয় এই মেলা।

২০১৫ চনৰ মেলাৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল গ্ৰেট বৃটেইন

কলকাতা গ্ৰন্থমেলা ২০১৪

[সম্পাদনা কৰক]

২০১৪ চনৰ ২৮ জানুৱাৰীৰ বিয়লি ৪:৩০ বজাত পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৩৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা ২০১৪ উদ্বোধন কৰে। ২৯ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত দিনৰ ১ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত হয় এই মেলা।

২০১৪ চনৰ মেলাৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল পেৰু। বিশ্বৰ সৰ্ববৃহৎ বহুভাষিক বিনামূলীয়া ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াই ৩৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলাতো আত্মপ্ৰকাশ কৰিছিল। য'ত ই ৱিকিপিডিয়াৰ বাংলা ভাষাৰ সংস্কৰণটোক "চহী কৰিবলৈ অৰিহণা যোগাব পৰা স্বেচ্ছাসেৱকক চাইন আপ কৰাৰ" অভিযান আৰম্ভ কৰিছিল। [8]

কলকাতা গ্ৰন্থমেলা ২০১৩

[সম্পাদনা কৰক]

২০১৩ চনৰ ২৬ জানুৱাৰীত উদ্বোধন কৰা ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা ২০১৩ চনৰ ৩০ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। ২০১৩ বাৰ্ষিক গ্লন্থমেলাৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল বাংলাদেশ। প্ৰায় ১৯ লাখ গ্ৰন্থপ্ৰেমীয়ে এই মেলালৈ আহিছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষুদ্ৰ আৰু মজলীয়া প্ৰকাশকক সহায়ৰ বাবে অনুৰোধ জনোৱাৰ পিছতে ২০১৩ চনৰ কলকাতা গ্ৰন্থমেলাৰ সময়সীমা তিনিদিন বৃদ্ধি কৰা হয়। ২৯ জানুৱাৰীৰ পৰিৱৰ্তে ৰাজ্যৰ ৰাজধানীত ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৩৭ তম সংস্কৰণৰ জনপ্ৰিয় মেলাখন পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি ১০ ফেব্ৰুৱাৰীত সমাপ্ত হয়। এই মেলাখনে ২০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছিল। কেন্দ্ৰীয় বিষয়বস্তুৰ দেশ বাংলাদেশৰ উপৰিও ব্ৰিটেইন, আমেৰিকা, ইটালী, ভিয়েটনাম, চীন, ইজৰাইল আৰু কোষ্টা ৰিকাই মেলাত কিতাপৰ পেভিলিয়ন স্থাপন কৰে। লগতে ১৯১৩ চনত কবি-সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰাৰ শতবাৰ্ষিকী উপলক্ষে বিভিন্ন দেশৰ নোবেল বিজয়ী, সাহিত্যিক, নাট্যকাৰ আৰু সংগীতজ্ঞসকলে অংশগ্ৰহণ কৰে। [9][10]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "To find the world in books, here's a list of book fairs in the world". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/to-find-the-world-in-books-heres-a-list-of-book-fairs-in-the-world/articleshow/60894462.cms. 
  2. "3 lakh visitors throng book fair on Sunday - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/kolkata/3-lakh-visitors-throng-book-fair-on-sunday/articleshow/62783858.cms. 
  3. "International Kolkata Book Fair Postponed Till Covid-19 Situation Improves: Guild Official" (en ভাষাত). News18. 2020-12-27. https://www.news18.com/news/india/international-kolkata-book-fair-postponed-till-covid-19-situation-improves-guild-official-3219416.html। আহৰণ কৰা হৈছে: 2021-08-04. 
  4. "Theme Country – Russia – International Kolkata Book Fair" (en-US ভাষাত). Archived from the original on 2019-12-10. https://web.archive.org/web/20191210121923/http://kolkatabookfair.net/theme-country-russia/। আহৰণ কৰা হৈছে: 2019-12-10. 
  5. "Mascot Tyto to welcome book lovers at Kolkata fair" (en-US ভাষাত). https://indianexpress.com/article/cities/kolkata/from-jan-29-to-feb-9-mascot-tyto-to-welcome-book-lovers-at-kolkata-fair-6238729/। আহৰণ কৰা হৈছে: 2020-01-20. 
  6. "Kolkata Book Fair 2019: Dates, venue, timings, special attractions and all you need to know" (en-US ভাষাত). The Statesman. 2019-01-28. https://www.thestatesman.com/cities/kolkata/kolkata-book-fair-2019-dates-venue-map-new-attractions-need-know-1502728258.html। আহৰণ কৰা হৈছে: 2019-12-10. 
  7. "International Kolkata Book Fair 2018: Date, Venue And Highlights". NDTV.com. https://www.ndtv.com/india-news/international-kolkata-book-fair-2018-begins-date-venue-and-highlights-1806325. 
  8. "Wikipedia debut at Kolkata Book Fair". The Hindu. 2013-12-25. http://www.thehindu.com/books/wikipedia-debut-at-kolkata-book-fair/article5501557.ece। আহৰণ কৰা হৈছে: 2014-04-03. 
  9. "Kolkata Book Fair 2013 duration extended" (ZeeNews). 2012-11-30. http://zeenews.india.com/entertainment/bookworm/bookworm-s-trail/kolkata-book-fair-2013-duration-extended_2618.htm। আহৰণ কৰা হৈছে: 2014-04-03. 
  10. "37th Kolkata Book Fair opened". NewsWala, the Hyderabad Deccan English Daily. 2013-01-27. Archived from the original on 2014-02-19. https://web.archive.org/web/20140219060113/http://www.newswala.com/India-National-News/37th-Kolkata-Book-Fair-opened-28454.html.