সমললৈ যাওক

কলকাতা লিটল মেগাজিন পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kolkata Little Magazine Library And Research Center
কলিকাতা লিটল ম্যাগাজিন লাইব্ৰেৰি ও গৱেষণা কেন্দ্ৰ

Kolkata Little Magazine Library
Map
22°34′37″N 88°21′57″E / 22.57699103112569°N 88.3657098954383°E / 22.57699103112569; 88.3657098954383
Location Kolkata, India

কলকাতা লিটল মেগাজিন পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ বা কলকাতা লিটল মেগাজিন লাইব্ৰেৰী এণ্ড ৰিচাৰ্চ চেণ্টাৰ (ইংৰাজী: Kolkata Little Magazine Library And Research Center) হ'ল ভাৰতৰ কলকাতাত অৱস্থিত এক বিকল্প আৰু পৰীক্ষামূলক আলোচনীৰ ব্যক্তিগত মালিকানাধীন পুথিভঁৰাল। ১৯৭৮ চনৰ ২৩ জুনত সন্দীপ দত্তই ইয়াক সামান্যসংখ্যক সাময়িকীৰে প্ৰতিষ্ঠা কৰিছিল যিটো পৰৱৰ্তী সময়ত ভাৰতৰ অন্যতম উন্নত বিকল্প আলোচনীৰ সংগ্ৰহলৈ পৰিণত হৈছিল।[1][2] এই পুথিভঁৰালটো উত্তৰ কলকাতাৰ বইপাৰাৰ কলেজ ষ্ট্ৰীটৰ টেমাৰ লেনত অৱস্থিত।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

ভাৰতৰ লিটল মেগাজিন আন্দোলনৰ ইতিহাসত কলকাতাৰ বিশিষ্ট স্থান আছে, য'ত বহুলাংশে বাংলা ভাষাৰ বিকল্প আলোচনীৰ আধিপত্য আছে। ১৯১৪ চনত সবুজ পত্ৰ আৰু ১৯২৩ চনত কল্লোলৰ প্ৰতিষ্ঠাৰ যোগেদি ইয়াৰ সূচনা হৈছিল। বাংলা সাহিত্যত উত্তৰ আধুনিকতাবাদী লেখাৰ আগমনৰ লগে লগেও এই পৰম্পৰা অব্যাহত আছে। হাংগ্ৰী জেনেৰেচনৰ কৃত্তিবাস, আৰু কৌৰবৰ দৰে বিকল্প আলোচনীৰ আগমনৰ লগে লগে বহুতো সৰু সৰু বিকল্প আলোচনী প্ৰকাশিত হ'বলৈ ধৰিলে। কিন্তু শৈক্ষিক বা ৰাজহুৱা পুথিভঁৰালতো এই অপৰিসীম মূল্যৱান সাংস্কৃতিক বস্তুবোৰৰ বাবে কেতিয়াও ব্যাপক সংৰক্ষণৰ প্ৰচেষ্টা লোৱা হোৱা নাছিল।

১৯৭২ চনত যেতিয়া দত্তই (তেতিয়া তেওঁ ২১বছৰীয়া আৰু কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ বাংলা ভাষাৰ মেজৰৰ ছাত্ৰ)[3]) লিটল মেগাজিন বিচাৰি ৰাষ্ট্ৰীয় পুথিভঁৰাললৈ গৈছিল তেতিয়া তেওঁ গম পাইছিল যে সেইবোৰ কেনেকৈ সম্পূৰ্ণ অৱহেলাৰে ৰখা হৈছে।[1][4][2] দত্তৰ মতে তেওঁক "টোপোলা কৰি বান্ধি থোৱা কিতাপৰ দ'ম এটা দেখুৱাইছিল, য'ত পৃষ্ঠাতকৈ অধিক ধূলি আৰু পোক-পৰুৱা আছিল।" আলোচনীসমূহৰ এনে দুৰ্বল ৰক্ষণাবেক্ষণৰ বাবেই সেই সময়ত আলোচনী অনুৰাগী দত্তই কেৱল লিটল মেগাজিন সংগ্ৰহ আৰু সংৰক্ষণ আৰু সিবিলাকৰ কাৰ্য্য প্ৰচাৰৰ উদ্দেশ্যে এক পুথিভঁৰাল স্থাপন কৰাৰ সিদ্ধান্ত ল’লে। ১৯৭২ চনৰ ২৭ ছেপ্টেম্বৰৰপৰা ৩০ ছেপ্টেম্বৰলৈ দত্তই প্ৰতিবাদস্বৰূপে‍ নিজৰ বাসগৃহত ৭৫০খন এনে লিটল মেগাজিনৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে।[1][3][2]

১৯৭৬ চনত যেতিয়া কলিকতা গ্ৰন্থমেলা আৰম্ভ হৈছিল, তেতিয়া লিটিল মেগাজিনে ইয়াত অংশ লৈছিল আৰু ইয়াৰে অন্যতম অংশগ্ৰহণকাৰী আছিল দত্ত। ১৯৭৮ চনৰ ২৩ জুনত জন্মগ্ৰহণ কৰা এই পুথিভঁৰালটোৰ নাম আছিল "বাংলা সৰু আলোচনীৰ পুথিভঁৰাল আৰু পৰীক্ষাগাৰ" ("বাংলা সময়িকপত্ৰ পাঠাগাৰ ও গৱেষণা কেন্দ্ৰ")।[5] কলেজ ষ্ট্ৰীটৰ কিতাপৰ বজাৰৰ ওচৰৰ ১৮এম টেমাৰ লেনত থকা দত্তৰ পূৰ্বপুৰুষৰ দুমহলীয়া ঘৰৰ তলৰ মহলাত এই পুথিভঁৰাল প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়াও তাত মাত্ৰ দুটা কোঠাহে আছে। ১৯৭৯ চনৰ ৮ মে’ত এই পুথিভঁৰালটো ৰাইজৰ বাবে মুকলি কৰা হয়। ১৯৯৬ চনত ইয়াক আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হয়[6] আৰু তাৰ পাছত আনুষ্ঠানিকভাৱে ইয়াৰ নাম সলনি কৰা হয় "কলকাতা লিটল মেগাজিন পুথিভঁৰাল আৰু গৱেষণা কেন্দ্ৰ" থোৱা হয়।

Sandip Dutta
দত্ত নিজৰ বাসগৃহ আৰু লিটল মেগাজিন লাইব্ৰেৰীত

আৰম্ভণিৰেপৰাই আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা সত্বেও দত্তৰ প্ৰচেষ্টাত এই পুথিভঁৰালটো প্ৰতিষ্ঠা হৈছিল। সেয়েহে তেওঁ বাৰ্টল্ট ব্ৰেখটৰ বিখ্যাত নাটক "থ্ৰী পেনি অপেৰা" নামেৰে অৰ্থ-সাহায্য্যৰ বাবে‍ এটা বেংক গঢি় তুলিছিল।[4] তেওঁ নিজৰ উপাৰ্জনৰ এটা অংশ নিয়মীয়াকৈ ইয়াৰ বাবে থৈছিল। বৰ্তমান পুথিভঁৰালটোৰ বাৰ্ষিক বাজেট প্ৰায় ১৫ হাজাৰ টকা।

২০২০ চনলৈকে লিটল মেগাজিন লাইব্ৰেৰীত ১৫০ জনতকৈ অধিক সদস্য আছে, ইয়াৰে ৫০ জনতকৈ অধিক আজীৱন সদস্য।[1] দৈনিক কমেও ১০-১২ জন লোক পুথিভঁৰালটোলৈ আহে। সমাজৰ সকলো ক্ষেত্ৰৰপৰা ইয়ালৈ সদস্য আহে। এই পুথিভঁৰাললৈ‍ নিয়মীয়াকৈ ছাত্ৰ-ছাত্ৰী, পেছাদাৰী, গৱেষক পণ্ডিত, লেখক, সাংবাদিক আহে। পুথিভঁৰালটোৰ সহায় লোৱা উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত কবি জয় গোস্বামী আৰু লেখিকা মহাশ্বেতা দেৱী। পুথিভঁৰালৰ ৱেবছাইটৰ তথ্য অনুসৰি ভাৰতৰ অন্যান্য প্ৰান্তৰপৰা আৰু চুবুৰীয়া বাংলাদেশৰপৰাও পাঠক আহে।

দত্তৰ পুথিভঁৰালটো প্ৰায় এহাজাৰ পাঁচশ লিটল মেগাজিনৰ সংগ্ৰহৰে আৰম্ভ হৈছিল। ২০২০ চনলৈকে পুথিভঁৰালটোত প্ৰায় ৮০,০০০ পৰীক্ষামূলক, ৰেডিকেল, বিকল্প আৰু আভাংগাৰ্ড সাময়িকী আৰু লিটল মেগাজিন সংগৃহীত হৈ আছে।[1] ইয়াৰ উপৰি ২০০০খন কবিতা পুথি আছে। সংগ্ৰহৰ অধিকাংশই বাংলা ভাষাৰ যদিও ইংৰাজী আৰু হিন্দীকে ধৰি আন ভাষাৰ কিতাপ আৰু সাময়িকীও ইয়াত আছে। সংগৃহীত আলোচনীৰ বিষয়সমূহ সাহিত্যৰপৰা আৰম্ভ কৰি সমাজ বিজ্ঞান আৰু মানৱিকী বিজ্ঞানৰ বহল শাখালৈকে বিস্তৃত। মুঠতে পুথিভঁৰালটোত ৪ হাজাৰৰো অধিক কিতাপ আছে। ইয়াত এটা পঢ়া কোঠা আছে য’ত এবাৰত ১৫ জনলৈকে একেলগে অধ্যয়ন কৰিব পাৰে। পুথিভঁৰালটোত বহুতো বিৰল সাময়িকী আছে যিবোৰ আন ক’তো বিচাৰি পোৱাটো কঠিন। পুথিভঁৰালটোৰ বিশিষ্ট লিটল মেগাজিনসমূহৰ ভিতৰত আছে:[7]

  • সবুজপত্ৰ (প্ৰমথ চৌধুৰী প্ৰতিষ্ঠিত)
  • কল্লোল, লাঙল (মুজাফৰ আহমেদ আৰু কাজী নজৰুল ইছলামৰ অৱদানেৰে পুষ্ট)
  • সংহতি
  • প্ৰগতি
  • ময়ূখ
  • কালি কলম
  • পৰিচয়
  • বঙ্গলক্ষ্মী
  • নবযুগ, ধূমকেতু
  • নাচঘৰ, বঙ্গশ্ৰী
  • পূৰ্বাশা (ত্ৰিপুৰাৰ পৰা প্ৰকাশিত)
  • কবিতা আৰু চতুৰঙ্গ (দুয়োখন বুদ্ধদেৱ বসুৰ দ্বাৰা সম্পাদিত)
  • অৰণি
  • সাময়িকী
  • গল্পভাৰতী
  • প্ৰমা
  • এক্ষণ (নিৰ্মল্য আচাৰ্য্য আৰু অভিনেতা সুমিত্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা সম্পাদিত)
  • উত্তৰসূৰী
  • বৰ্তমান
  • শতাব্দী (বিৰেন মুখোপাধ্যায়ৰ দ্বাৰা সম্পাদিত)
  • ভবিষ্যৎ (শুভ ঠাকুৰৰ দ্বাৰা সম্পাদিত)
  • উচ্চাৰণ
  • দৰ্শক
  • অনিক
  • নান্দীমুখ
  • কবিতা পৰিচয়
  • চতুষ্কোণ
  • কৃত্তিবাস(সুনীল গঙ্গোপাধ্যায় আৰু দীপক মজুমদাৰৰ দ্বাৰা সম্পাদিত)
  • অনুষ্টুপ (অনিল আচাৰ্য্যৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু সম্পাদিত)
  • কলকাতা
  • নবান্ন
  • শতভিশা
  • গল্প ও কবিতা
  • কৌৰব
  • ধ্ৰুপদী
  • কবিতা সাপ্তাহিকী (কবি শক্তি চট্টোপাধ্যায়ৰ দ্বাৰা সম্পাদিত)

পুথিভঁৰালটোত হাংগ্ৰী জেনেৰেচনৰ কিছুমান বিৰল পুস্তিকা আৰু সাময়িকীও আছে, ই হ'ল পৃথিৱীৰ একমাত্ৰ এনে এক স্থান য’ত হাংগ্ৰী জেনেৰেচনৰ বুলেটিন, ইস্তাহাৰ, আলোচনী আদি সংৰক্ষণ কৰা হৈছে।

প্ৰচেষ্টা

[সম্পাদনা কৰক]

১৯৯৩ চনত কলকাতাত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া লিটল মেগাজিন সন্মিলন আৰু ২০০০ চনত চাওঁতালী ডোগ্ৰা লেখক কৰ্মশালাৰ মূল আয়োজক আছিল লিটিল মেগাজিন লাইব্ৰেৰী।[8] ইয়াৰ উপৰি বিভিন্ন সৰু সৰু আলোচনীত প্ৰকাশিত ৰচনাৰ গ্ৰন্থতালিকাও ই পৰিচালনা কৰে। ইয়াৰ যোগেদি‍ দুটা বঁটা প্ৰদান কৰা হয়: এটা শ্ৰেষ্ঠ লিটল মেগাজিনৰ বাবে আৰু আনটো সৰস্বতা বঁটা নামেৰে‍ এজন বিশিষ্ট সাহিত্যিক ব্যক্তিত্বক প্ৰদান কৰা হয়। লিটল মেগাজিনৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে‍ দত্তই সমগ্ৰ ভাৰতবৰ্ষত বহুতো আলোচনা-চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে। গৱেষণা কেন্দ্ৰটোৱে নিজেই উজ্জ্বল উদ্ধাৰ নামৰ এখন লিটল মেগাজিন প্ৰকাশ কৰে যিয়ে পুৰণি লিটল মেগাজিনৰপৰা প্ৰাসংগিকতা থকা পুৰণি আৰু বিৰল লেখাবোৰ পুনৰ ছপা কৰে। ২০০৮ চনত পুথিভঁৰালটোৱে ইয়াৰ সংগ্ৰহ ডিজিটেলাইজ কৰিবলৈ ৫ লাখ টকাৰ অনুদান লাভ কৰে। প্ৰমা, এক্ষণ, পৰিচয় আৰু বঙ্গদৰ্শন ইতিমধ্য‍ে ডিজিটেলভাৱে সংৰক্ষিত কৰা হৈছে।[7] দত্তই লিটল মেগাজিনৰ বিৱৰ্তন আৰু ইতিহাস সম্পৰ্কে বিভিন্ন প্ৰকাশনৰ বাবে বহুকেইটা প্ৰবন্ধ ৰচনা কৰাৰ লগতে এখন গ্ৰন্থও প্ৰণয়ন কৰিছে। তেওঁৰ পুথিভঁৰালটোৱে কলকাতা গ্ৰন্থমেলা, লিটল মেগাজিন মেলা আৰু অন্যান্য গ্ৰন্থমেলাত নিয়মীয়াকৈ অংশগ্ৰহণ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Mitra, Dola (October 14, 2020). "Kolkata Little Magazine Library: one-man effort to preserve rare books & periodicals". 30 Stades. https://30stades.com/2020/10/14/kolkata-little-magazine-library-one-man-effort-to-preserve-rare-books-and-periodicals-literature-heritage/। আহৰণ কৰা হৈছে: March 5, 2023. 
  2. 2.0 2.1 2.2 Rajagopal, Bulbul (November 23, 2018). "The big fight for little magazines: A close look at Little Magazine Library at 40". Qris. https://qrius.com/little-magazine-library-at-40/। আহৰণ কৰা হৈছে: March 5, 2023. 
  3. 3.0 3.1 Dey, Anurag (9 August 2011). "Kolkata; s big library of little magazines". India Talkies. http://www.indiatalkies.com/2011/08/kolkatas-big-library-magazines-feature.html। আহৰণ কৰা হৈছে: 5 July 2021. 
  4. 4.0 4.1 Singh, Shiv Sahay (4 September 2011). "Little valuable treasures". The Indian Express. http://www.indianexpress.com/news/little-valuable-treasures/841369/। আহৰণ কৰা হৈছে: 5 July 2021. 
  5. "Kolkata Little Magazine Library And Research Center:History". Archived from the original on 25 April 2012. https://web.archive.org/web/20120425134337/http://littlemagazinelibrary.org/User/history.aspx। আহৰণ কৰা হৈছে: 1 November 2011. 
  6. "Kolkata Little Magazine Library: History". http://littlemagazinelibrary.org/User/history.aspx.। আহৰণ কৰা হৈছে: 1 November 2011. [সংযোগবিহীন উৎস]
  7. 7.0 7.1 Das, Soumitra (20 July 2008). "Little Things Mean A Lot". The Telegraph (Calcutta, India). http://www.telegraphindia.com/1080720/jsp/calcutta/story_9559837.jsp। আহৰণ কৰা হৈছে: 1 November 2011. 
  8. "Little Magazine Library: About Us". Archived from the original on 25 April 2012. https://web.archive.org/web/20120425134337/http://littlemagazinelibrary.org/User/history.aspx। আহৰণ কৰা হৈছে: 1 November 2011.