সমললৈ যাওক

কল্পনা কালাহস্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্পনা কালাহস্তি
জন্ম ১৯৭৪ (বয়স ৫১–৫২)
চেন্নাই, তামিলনাডু, ভাৰত occupation = ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযন্তা
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান
সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)

কল্পনা কালাহস্তি ইংৰাজী: :Kalpana Kalahasti;[1] (জন্ম ১৯৭৪) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত কৰ্মৰত এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযন্তা। বৰ্তমান তেওঁ চন্দ্ৰযান-৩ মিছনৰ সহযোগী প্ৰকল্প পৰিচালক হিচাপে কাম কৰি আছে।[2] কল্পনাই ভাৰতৰ বিভিন্ন উপগ্ৰহ নিৰ্মাণত যথেষ্ট সহায় কৰিছে আৰু চন্দ্ৰযান-২ অভিযানৰ লগত জড়িত আছিল।[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৪ চনত চেন্নাইত জন্মগ্ৰহণ কৰিছিল কল্পনাৰ। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

২০০০ চনত ইছৰো (ISRO)ত বিজ্ঞানী হিচাপে যোগদান কৰে। প্ৰাৰম্ভিক বছৰবোৰত কল্পনাই বিভিন্ন উপগ্ৰহ প্ৰকল্পত কাম কৰি কেইবাটাও যোগাযোগ আৰু ৰিম’ট চেন্সিং উপগ্ৰহৰ সফল উৎক্ষেপণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উপগ্ৰহৰ সঠিক স্থান নিৰ্ণয়ৰ বাবে প্ৰপালচন ব্যৱস্থা বিকশিত কৰাৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ উচ্চ ৰেজোলিউচনৰ ছবি ধৰিব পৰাকৈ উন্নত ইমেজিং সঁজুলি ডিজাইন কৰালৈকে তেওঁ আগবাঢ়ি আহিছে। অৱশেষত তেওঁ ইছৰ'ৰ বাবে এক ল্যাণ্ডমাৰ্ক প্ৰজেক্ট চন্দ্ৰযান-২ মিছনৰ অংশ হৈ পৰে। [4] ২০১৯ চনত তেওঁ চন্দ্ৰযান-৩ মিছনৰ সহযোগী প্ৰকল্প সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে আৰু চন্দ্ৰৰ লেণ্ডাৰ ব্যৱস্থাৰ ডিজাইন আৰু অনুকূলতাত সহায় কৰে। [5]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Who is Kalpana Kalahasti, ISRO scientist behind Chandrayaan 3? - The Statesman, 24 August 2023
  2. Watta, Harnur. "Meet Kalpana K: Force Behind Historic Landing Of Chandrayaan-3" (en ভাষাত). www.shethepeople.tv. https://www.shethepeople.tv/home-top-video/chandrayaan-3-women-scientists-kalpana-k। আহৰণ কৰা হৈছে: 2023-08-23. 
  3. "The Brains Behind Chandrayaan-3 Mission". NDTV.com. https://www.ndtv.com/india-news/the-brains-behind-chandrayaan-3-4321182। আহৰণ কৰা হৈছে: 2023-08-23. 
  4. "ചന്ദ്രയാന്റെ പിന്നിലെ നാരിശക്തി; സ്‌കൂളിലെ ബ്രില്യന്റ് സ്റ്റുഡന്റ് നിന്ന് ഡെപ്യൂട്ടി പ്രൊജക്റ്റ് ഡയറക്ടറിലേക്ക് എത്തിയ ബെംഗളൂരുകാരി; പത്മശ്രീ നൽകി രാജ്യം ആദരിച്ച ശാസ്ത്രജ്ഞ". https://janamtv.com/80737630/। আহৰণ কৰা হৈছে: 2023-08-23. 
  5. Online |, E. T. (2023-08-23). "Most memorable moment for team Chandrayaan-3: Kalpana K, Deputy Project Director, Moon Mission" (en ভাষাত). The Economic Times. https://economictimes.indiatimes.com/news/science/most-memorable-moment-for-team-chandrayaan-3-kalpana-k-deputy-project-director-moon-mission/videoshow/102991222.cms। আহৰণ কৰা হৈছে: 2023-08-23.