কল্পনা ছাইনী
কল্পনা ছাইনী | |
|---|---|
| ৰাজ্যসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৫ জুলাই ২০২২ | |
| পূৰ্বসূৰী | প্ৰদীপ তামটা |
| সমষ্টি | উত্তৰাখণ্ড |
| ব্যক্তিগত তথ্য | |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
কল্পনা ছাইনী (ইংৰাজী: Kalpana Saini; জন্ম: ১ অক্টোবৰ ১৯৫৯) ভাৰতীয় জনতা পাৰ্টিৰ (BJP) [1] এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ বৰ্তমান ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ উত্তৰাখণ্ড চৰকাৰৰ পিছপৰা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] ৰাষ্ট্ৰীয় সাৰ লিমিটেডৰ সঞ্চালক [3] আৰু ৰুৰকীৰ [4] (উত্তৰাখণ্ড) জিলা সভাপতি, আৰু ইয়াৰ পূৰ্বে উত্তৰাখণ্ড প্ৰধানাচাৰ্য পৰিষদৰ অধ্যক্ষ আছিল। তেওঁ দুৰ্গা বাহিনী, ৰুৰকী উত্তৰাখণ্ডৰ মহাসচিব আৰু সেৱা ভাৰতী মাতৃ মণ্ডল, ৰুৰকীৰ অধ্যক্ষ ভাজপা পৰিষদৰ বহু জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ আছে। প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৮৭ চনৰ পৰা গান্ধী মহিলা শিল্প বিদ্যালয়ত অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে দীঘলীয়া সম্পৰ্কৰ সুবাদত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈ পৰে। ২০২২ চনৰ ২৯ মে'ত ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰাখণ্ডৰ পৰা ৰাজ্যসভাৰ আসনৰ বাবে কল্পনা ছাইনীক মনোনীত কৰে আৰু পাহাৰীয়া ৰাজ্যখনৰ পৰা ৰাজ্যসভাত উত্তৰাখণ্ডক প্ৰতিনিধিত্ব কৰা ২য় মহিলা হিচাপে পৰিগণিত হয়।[3][4][5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Bharatiya Janata Party - The Party With a Difference". www.bjp.org. http://www.bjp.org। আহৰণ কৰা হৈছে: 2016-04-03.
- ↑ "कल्पना सैनी के राज्यमंत्री बनने पर शिक्षकों में खुशी". Hindustan. https://www.livehindustan.com/uttarakhand/roorki/story-kalpana-saini-becomes-the-minister-of-state-2439143.html.
- ↑ "News report". Bloomberg. https://news.raftaar.in/roorkee-kalpana-saini-teacher-happiness-hindi-news-%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A8%E0%A4%BE-%E0%A4%B8%E0%A5%88%E0%A4%A8%E0%A5%80-%E0%A4%B0%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A4%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%95-%E0%A4%96%E0%A5%81%E0%A4%B6%E0%A5%80/detail/114eee43bf386c2cd6ce67f47386a3b2। আহৰণ কৰা হৈছে: 2019-09-26.[সংযোগবিহীন উৎস]
- ↑ Last updated: Sat, 09 Mar 2019 05:35 PM IST (2019-03-09). "Kalpana Saini becomes the Minister of State - कल्पना सैनी के राज्यमंत्री बनने पर शिक्षकों में खुशी". Livehindustan.com. https://www.livehindustan.com/uttarakhand/roorki/story-kalpana-saini-becomes-the-minister-of-state-2439143.html। আহৰণ কৰা হৈছে: 2019-09-26.
- ↑ "Info". Bloomberg. https://www.bloomberg.com/research/stocks/people/person.asp?personId=431903996&privcapId=8809159। আহৰণ কৰা হৈছে: 2019-09-26.