কল্পনা মোৰপৰীয়া
কল্পনা মোৰপৰিয়া | |
|---|---|
| মুখ্য কাৰ্যবাহী বিষয়া, জেপি মৰ্গান | |
| কাৰ্যকাল ২০০৮ – ২০২১[1] | |
| উত্তৰসূৰী | লিঅ পুৰি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৩০ মে', ১৯৪৯ (৭৭ বছৰ) |
| শিক্ষানুষ্ঠান | ছফিয়া কলেজ ফৰ অমেন |
| পেচা | মুখ্য কাৰ্যবাহী বিষয়া, জেপি মৰ্গান |
কল্পনা মোৰপৰীয়া এজন ভাৰতীয় বেংকাৰ। তাই তেত্ৰিশ বছৰ ধৰি আইচিআইচিআই বেংকৰ সৈতে জড়িত আছিল। ২.১ ট্ৰিলিয়ন ডলাৰৰ আমেৰিকান কোম্পানী এটাৰ ভাৰতীয় সম্প্ৰসাৰণ জেপি মৰ্গানৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। কল্পনাই কেইবাটাও আগশাৰীৰ ভাৰতীয় কোম্পানীৰ ব’ৰ্ডত স্বতন্ত্ৰ সঞ্চালক হিচাপে কাম কৰে। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক হোৱা মোৰপৰীয়াই ভাৰত চৰকাৰে গঠন কৰা কেইবাখনো সমিতিত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁক ফৰ্চুন নামৰ আলোচনীয়ে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ পঞ্চাশগৰাকী শক্তিশালী মহিলাৰ তালিকাৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে। [2][3][4][5]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কল্পনা মোৰপৰীয়াৰ জন্ম ১৯৪৯ চনৰ ৩০ মে’ত ভুৱাণ্ডা আৰু লক্ষ্মীবেন টান্নাৰ লোহানা পৰিয়ালত হৈছিল। তেওঁ তিনিগৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আছিল। তাইৰ সৰুতে দেউতাকৰ মৃত্যু হৈছিল। ১৬ বছৰ বয়সত তেওঁ নিজৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি ছফিয়া কলেজ ফৰ অমেনত বিজ্ঞান অধ্যয়ন কৰিবলৈ যোগদান কৰিছিল। তাৰ পিছত তাই ১৯৭০ চনত ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]তাই স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শিক্ষকতা সৈতে জঢ়িত হৈছিল। কিন্তু ১১–১২ মাহৰ পিছত তাই বাক্যৰ জটিলতাত ভুগিছিল আৰু ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়াত বাদ দিবলগীয়া হৈছিল। তাইৰ ডাঙৰ ভনীয়েক পাৰুল ঠাকৰে আইন অধ্যয়ন কৰিছিল আৰু এজন উকীলৰ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তায়ো একে পথ অনুসৰণ কৰাৰ সিদ্ধান্ত ল’লে আৰু আইন মহাবিদ্যালয়ত ভৰ্তি হ’ল। ইফালে তাই জয়ছিংহলৈ বিয়া হয়। তেওঁ আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰি ১৯৭৪ চনত বেতন অবিহনে মাতুভাই জামিয়াত্ৰম আৰু মেডন নামৰ এটা আইন প্ৰতিষ্ঠানত যোগদান কৰে। ১৯৭৫ চনত তেওঁ আইনী বিভাগত কাম কৰিবলৈ আইচিআইচিআইত যোগদান কৰে। তাইক বেংক পৰিচালনাই বিভিন্ন দায়িত্ব অৰ্পণ কৰিবলৈ ধৰিলে। ১৯৯১ চনত তাইক বেংক মেনেজমেণ্টে আমেৰিকাত পুঁজিৰ বজাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমেৰিকালৈ পঠিয়াইছিল। তেওঁ নিউয়ৰ্কৰ ডেভিদ পলক আৰু ৱাৰ্ডৱেলত তিনিমাহ ধৰি কাম কৰিছিল। তেওঁ দায়বদ্ধত আইচিআইচিআই বেংকৰ জন্মৰ হৈছিল। যিটো ১৯৯৯ চনত নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ সৈতে তালিকাভুক্ত হৈছিল। তেওঁ ২০০২ চনত আইচিআইচিআইৰ সৈতে আইচিআইচিৰ একত্ৰীকৰণৰ বাবে সুবিধা কৰি দিয়ে।[4]
ব্যৱসায়িক বিকাশ
[সম্পাদনা কৰক]১৯৭৫ চনৰ পৰা ১৯৯৪ চনলৈকে কল্পনায় আইচিআইচিআই বেংকত আইনী বিভাগত কাম কৰিছিল। তেওঁক ১৯৯৬ চনত জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। তাৰ পিছত আইনী, পৰিকল্পনা, কোষাগাৰ আৰু কৰ্পৰেট যোগাযোগ বিভাগৰ দায়িত্বত আছিল। ১৯৯৮ চনত আইচিআইচিআইৰ জ্যেষ্ঠ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হয়। ২০০১ চনৰ মে’ মাহত আইচিআইচিআইৰ পৰিচালনা সমিতিত যোগদান কৰে। ২০০২ চনৰ মে’ মাহত কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়ে। তেওঁক পুনৰ ২০০৬ চনৰ এপ্ৰিল মাহত উপ-পৰিচালনা সঞ্চালক হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। তাৰ পিছত তাইক যৌথ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তাৰ পিছত তেওঁ পাইকাৰী, খুচুৰা, গ্ৰাম্য আৰু আন্তঃৰাষ্ট্ৰীয় বেংকিং, কৌশল, বিপদ ব্যৱস্থাপনা, সম্মতি, অডিট, আইনী, বিত্তীয়, কোষাগাৰ, সচিবালয়, মানৱ সম্পদ ব্যৱস্থাপনা, কৰ্পৰেট যোগাযোগৰ বাবে লেনদেন প্ৰক্ৰিয়াকৰণ আৰু পৰিচালনাৰ দৰে দায়িত্বৰ সৈতে কৰ্পৰেট কেন্দ্ৰৰ সুবিধাসমূহ ব্যৱস্থাপনা আৰু প্ৰশাসনৰ কাৰ্য্যসমূহৰ দায়িত্বত আছিল। তেওঁ ২০০৭ চনৰ ১ জুন পৰা ২০১২ চনলৈকে পাঁচ বছৰৰ বাবে মুখ্য কৌশল আৰু যোগাযোগ বিষয়া আছিল। তেওঁ জে পি মৰ্গানৰ (চিইঅ), ড° ৰেড্ডীৰ লেব, বেনেট এণ্ড কলমেন, টাটা কনচালটেন্সী চিএমচি লিমিটেডৰ স্বতন্ত্ৰ পৰিচালক হিচাপেও কাৰ্যনিৰ্বাক কৰি আছে। তেখেতে ভাৰতী ফাউণ্ডেচনৰ সুনীল মিত্তল দ্বাৰা পৰিচালিত ভাৰতী এয়াৰটেল পৰিচালনা কৰিছিল। তেওঁ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু তামিলনাডুত বিদ্যালয় নিৰ্মাণ আৰু অৱহেলিত বিদ্যালয়সমূহ নিৰ্মাণ ব্যৱস্থা সৈতে জড়িত আছিল।[4]
কৃতিত্ব
[সম্পাদনা কৰক]- আইচিআইচিআই গ্ৰুপৰ প্ৰধান কৰ্পৰেট গঠনমূলক পদক্ষেপ – আইচিআইচিআই লিমিটেডৰ একত্ৰীকৰণ আইচিআইচিআই বেংকৰ সৈতে একত্ৰীকৰণ, ভাৰতৰ দ্বিতীয় বৃহত্তম বেংক সৃষ্টিৰ বাবে কল্পনাই যথেষ্ট সহায় কৰিছে।
- কল্পনা মোৰপৰীয়াক ২০০৮ চনত ফৰ্চুন মেগাজিনৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ ৫০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Leo Puri to take over as Chairman of JP Morgan". Business Line. প্ৰকাশক Chennai. 27 May 2020. https://www.thehindubusinessline.com/money-and-banking/leo-puri-to-take-over-as-chairman-of-jp-morgan/article31686273.ece। আহৰণ কৰা হৈছে: 3 July 2021.
- 1 2 "MOSTPOWERFUL WOMEN". fortuneindia.com. https://www.fortuneindia.com/mpw/kalpana-morparia?year=2018। আহৰণ কৰা হৈছে: 3 July 2021.
- ↑ "The Complete Businesswoman". chitralekha.com. https://www.chitralekha.com/JewelsofIndia/English/KalpanaMorparia.pdf। আহৰণ কৰা হৈছে: 3 July 2021.[সংযোগবিহীন উৎস]
- 1 2 3 "Kalpana Morparia to retire from JPM". indiatimes.com. 28 May 2020. https://timesofindia.indiatimes.com/business/india-business/kalpana-morparia-to-retire-from-jpm/articleshow/76048499.cms। আহৰণ কৰা হৈছে: 3 July 2021.
- ↑ "Kalpana Morparia, an iconic banker, set to draw curtains on an illustrious career". moneycontrol.com. 28 May 2020. https://www.moneycontrol.com/news/business/kalpana-morparia-an-iconic-banker-who-loved-12-hour-working-days-5326861.html। আহৰণ কৰা হৈছে: 3 July 2021.