সমললৈ যাওক

কল্পনা শ্বাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্পনা শ্বাহ

ভাৰতীয় শাৰী শৈলী বিশেষজ্ঞ
জন্ম ৩০ নৱেম্বৰ, ১৯৪৮ (৭৭ বছৰ)
চুৰাট, গুজৰাট
ছদ্মনাম কল্পনা
পেচা লেখিকা
ধৰণ অ-কল্পকাহিনী
বিষয় ভাৰতীয় সংস্কৃতি, দৈনন্দিন জীৱন, শৈলী
সন্তান নিৰ্ভয় আৰু বৃন্দা
ৱেবছাইট kalpanashah.in

কল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লেখিকা আৰু উদ্যমী।[1] তেওঁ ভাৰতমুম্বাইৰ অল্টামাউণ্ট ৰোডত বাস কৰে। ১৯৮৫ চনৰপৰা তেওঁ শাৰী পৰিধানৰ কলা চৰ্চা কৰি আহিছে। তেওঁ শাৰী পৰিধানৰ পাঠদান আৰু কৰ্মশালাৰ আয়োজন কৰে[2] আৰু আনুষ্ঠানিক অনুষ্ঠানসমূহৰ বাবে শাৰী পৰিধানৰ শৈলী নিৰ্ধাৰণ কৰে।[3][4][5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কল্পনা শ্বাহৰ জন্ম এটা গুজৰাটী জৈন গহনা ব্যৱসায়ী পৰিয়ালত হৈছিল। তেওঁ শৈশৱৰ প্ৰথমছোৱা গুজৰাটৰ চুৰাটত অতিবাহিত কৰিছিল। ১০ বছৰ বয়সত তেওঁ আৰু তেওঁৰ পৰিয়াল মহাৰাষ্ট্ৰৰ মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ বিদ্যালয়ৰ শিক্ষা আৰু কলেজীয়া শিক্ষাৰ কেইবছৰমান সম্পূৰ্ণ কৰে।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

কল্পনা এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী হিচাপে প্ৰশিক্ষিত আছিল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত মঞ্চানুষ্ঠান পৰিৱেশন কৰিছিল। ২৩ বছৰ বয়সত তেওঁ বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত কল্পনাই সৌন্দৰ্য আৰু সাজ-সজ্জাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। কল্পনাই লক্ষ্য কৰিছিল যে বহু মহিলাই শাৰী পিন্ধিবলৈ সহজ অনুভৱ নকৰে, সেয়েহে তেওঁ ফেশ্বন উদ্যোগত নিজৰ কেৰিয়াৰ কেন্দ্ৰীভূত কৰিবলৈ আৰম্ভ কৰে। তেওঁ বলিউডৰ চিনেমা, ফেশ্বন শ্ব' আৰু ব্যক্তিগত অনুষ্ঠানত শাৰী পৰিধানৰ শৈলী বিশেষজ্ঞ হিচাপে সহায় কৰি আহিছে।[6][7]

কল্পনা শ্বাহে দীপিকা পাডুকন, ঐশ্বৰ্য ৰায়, সোণম কাপুৰ, কৰীণা কাপুৰ, কেটৰিনা কাঈফ, নাৰ্গিছ ফাখৰী, হুমা কুৰেছি আৰু জেকলিন ফাৰ্ণাণ্ডীজৰ দৰে বলিউডৰ তাৰকাসকলৰ বাবে শাৰী পৰিধানৰ শৈলী সজাইছে।[8][9][10]

তেওঁ বিৰলা, হিন্দুজা, ধুত, ৰুইয়া, আম্বাণী, গোৱেল, ৱাডিয়া আৰু দিল্লী তথা লণ্ডনৰ মিত্তাল পৰিয়ালৰ দৰে বিভিন্ন ব্যাৱসায়িক গোষ্ঠীৰ বিবাহ আৰু আনুষ্ঠানিক অনুষ্ঠানত শাৰী শৈলীৰ কাম কৰিছে।[11]

তেওঁৰ গ্ৰন্থ "দ্য হোল ৯ ইয়াৰ্ডছ" ২০১২ চনত প্ৰকাশ পাইছিল,[12][13][14][15][16][17] আৰু তাৰ পিছত ২০১৪ চনত "লাৰ্ণ চাৰি" নামৰ এটা এপ মুকলি কৰা হয়।[18][19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Farooq, Aisha (10 May 2013). "Kalpana Shah and The Whole Nine Yards". Desiblitz.com. http://www.desiblitz.com/content/kalpana-shah-yards আহৰণ কৰা হৈছে: 2015-02-05.
  2. "Pune, 13 May, 2014". Epaper.indianexpress.com. Archived from the original on 2018-11-02. https://web.archive.org/web/20181102002236/http://epaper.indianexpress.com/271896/Indian-Express-Pune/13-May-2014#page/24/1 আহৰণ কৰা হৈছে: 2015-02-05.
  3. "Indian Weddings, planning & organising tips, unique services". WeddingSutra.com. http://www.weddingsutra.com/plan_services/unique/sareedraper.asp#.VLegriuUdqU আহৰণ কৰা হৈছে: 2015-02-05.
  4. "The Rise of the Sari-Tying Class – India Real Time – WSJ". Blogs.wsj.com. 5 December 2013. https://blogs.wsj.com/indiarealtime/2013/12/05/the-rise-of-the-sari-tying-class-2/ আহৰণ কৰা হৈছে: 2015-02-05.
  5. "Enter the workshop warriors – The Times of India". Timesofindia.indiatimes.com. 23 February 2014. http://timesofindia.indiatimes.com/home/sunday-times/deep-focus/Enter-the-workshop-warriors/articleshow/30883153.cms আহৰণ কৰা হৈছে: 2015-02-05.
  6. "Six yards of separation – Economic Times". Articles.economictimes.indiatimes.com. 11 April 2007. Archived from the original on 2015-02-04. https://web.archive.org/web/20150204123941/http://articles.economictimes.indiatimes.com/2007-04-11/news/27680216_1_sari-garment-mandira-bedi আহৰণ কৰা হৈছে: 2015-02-05.
  7. Nidhi Misra (23 December 2011). "Dolly Jain, Kalpana Shah, Anita Avasthi". Livemint. http://www.livemint.com/Companies/zOdZNAqPxqRFpQ6q2haWSI/Dolly-Jain-Kalpana-Shah-Anita-Avasthi--The-sari-drapers.html আহৰণ কৰা হৈছে: 2015-02-05.
  8. Divya Kaushik (1 May 2015). "Claim to fame". Daily Pioneer. Archived from the original on 2015-07-30. https://web.archive.org/web/20150730221038/http://www.dailypioneer.com/vivacity/2015-05-01-86855.html আহৰণ কৰা হৈছে: 2015-05-10.
  9. "Pink Villa". Pink Villa. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924101647/http://www.pinkvilla.com/node/249679 আহৰণ কৰা হৈছে: 2015-07-30.
  10. Henna Rakheja (13 June 2013). "The Art of Drapping Multiple Yards". Deccan Herald. http://www.deccanherald.com/content/337075/art-draping-multiple-yards.html আহৰণ কৰা হৈছে: 2015-07-30.
  11. Yashica Dutt (25 May 2013). "50 Ways to Drape a Sari". Archived from the original on 22 July 2015. https://web.archive.org/web/20150722192649/http://www.hindustantimes.com/brunch-stories/50-ways-to-drape-a-sari/article1-1065389.aspx#.UaGFlgfAVBA.facebook আহৰণ কৰা হৈছে: 2015-07-30.
  12. Manish Mishra (23 July 2014). "Now a coffee table book on sari draping!!". Dnaindia.com. http://www.dnaindia.com/lifestyle/interview-now-a-coffee-table-book-on-sari-draping-2004385 আহৰণ কৰা হৈছে: 2015-02-05.
  13. "Life". Verveonline.com. http://www.verveonline.com/125/life/nerve-books03.shtml আহৰণ কৰা হৈছে: 2015-02-05.
  14. "The Indian Sari – Decoded by Kalpana Shah". Akanksha Redhu. 4 September 2013. Archived from the original on 4 February 2015. https://web.archive.org/web/20150204140938/http://akanksharedhu.com/2013/09/04/the-indian-sari-decoded-by-kalpana-shah/#.UrlTadIW2So আহৰণ কৰা হৈছে: 2015-02-05.
  15. "how-drape-sari". Asiana.tv. Archived from the original on 2015-02-04. https://web.archive.org/web/20150204121432/http://www.asiana.tv/entertainment/how-drape-sari আহৰণ কৰা হৈছে: 2015-02-05.
  16. "The Whole Nine Yards – Perfecting the Arts of Sari Draping {Book Review}". Thebigfatindianwedding.com. 6 October 2012. http://thebigfatindianwedding.com/2012/the-whole-nine-yards-perfecting-the-arts-of-sari-draping-book-review আহৰণ কৰা হৈছে: 2015-02-05.
  17. "Six Yards of Elegance and Grace". Spice Route. 7 July 2015. http://issuu.com/maxposure/docs/spiceroute_july_2015/82?e=0 আহৰণ কৰা হৈছে: 2015-07-30.
  18. "App: Learn Sari (Draping)". Vervemagazine.in. 9 August 2014. http://www.vervemagazine.in/arts-and-culture/app-learn-sari আহৰণ কৰা হৈছে: 2015-02-05.
  19. "Good books on the Shelf". Vistara E-Magazine. 10 July 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304033640/https://maxposure.in/vistara_emag/july-2015/#page/40 আহৰণ কৰা হৈছে: 2015-07-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]