কল্পনা শৰ্মা কলিতা
| এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
| ড০ কল্পনা শৰ্মা কলিতা | |
|---|---|
ড০ কল্পনা শৰ্মা কলিতা | |
| জন্ম | ১৯৬৬ ডুমুনীচকী |
| পেচা | অধ্যাপক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | এম.এ, পি.এইচ.ডি |
| ধৰণ | অসমীয়া সাহিত্য |
| বিষয় | পাঠ সমীক্ষা, অসমীয়া সাহিত্য |
| দাম্পত্যসংগী | মহেশ কলিতা |
| সন্তান | উপাসনা কলিতা |
| স্বাক্ষৰ | ![]() |
কল্পনা শৰ্মা কলিতা একাধাৰে বিশিষ্ট শিক্ষাসদী, প্ৰবন্ধ লেখক, সম্পাদক আৰু সাঁচিপতীয়া পুথিৰ পাঠ সমীক্ষক। তেওঁ বৰ্তমানলৈকে চাৰিখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। বহুসময় ধৰি তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পাঠ সমীক্ষা আৰু সাঁচিপতীয়া পুথি অধ্যয়ন প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।[1]
জন্ম
[সম্পাদনা কৰক]তেওঁৰ জন্ম হৈছিল দৰং জিলাৰ ডুমুনীচকী গাঁৱত।[2] তেওঁৰ পিতৃৰ নাম প্ৰয়াত কেদাৰনাথ শৰ্মা আৰু মাতৃৰ নাম প্ৰয়াত জগতজননী দেৱী।[3]
শিক্ষা
[সম্পাদনা কৰক]তেওঁ ডুমুনীচকী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তাৰপাছতে কটন কলেজৰ পৰা প্ৰাক্-বিশ্ববিদ্যালয়, স্নাতক মহলা আৰু স্নাতকোত্তৰ মহলাত অসমীয়া বিষয়ত সন্মানসহ উচ্চ শিক্ষা গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিংশ শতিকাৰ শেষ তিনি দশকৰ অসমীয়া মহিলা গল্পকাৰৰ গল্পঃ এটি অধ্যয়ন বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ কৰিছে।
কৰ্ম জীৱন
[সম্পাদনা কৰক]তেওঁ ১৯৮৫ চনত কামৰূপ জিলা গ্ৰামীণ বিকাশ অভিকৰণত কৰ্মৰত আছিল। ইয়াৰ পিছত ভাৰতীয় জীৱন বীমা নিগমত ষ্টেনোগ্ৰাফাৰ পদত নিযুক্ত হৈছিল ১৯৮৭ চনত । ১৯৯২ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল। ২০০০ চনত তেওঁ তেতিয়াৰ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু বৰ্তমানেও সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।
বিদ্যায়তনিক দিশৰ কৰ্মৰাজি
[সম্পাদনা কৰক]১. বৰ্তমানলৈ ৩০টাতকৈও অধিক অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছে।
২. অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পাঠ সমীক্ষা আৰু সাঁচিপতীয়া পুথি অধ্যয়ন প্ৰকল্পৰ সৈতে বহুসময় ধৰি জড়িত হৈ আছে।
৩. তেওঁৰ তত্বাৱধানত কটন বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যে এজন গৱেষকে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে আৰু ৫জন গৱেষকে গৱেষণা কৰি আছে।
৪. কটন বিশ্ববিদ্যালয়ৰ উপৰিও তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, কৃষ্ণগুৰু নসত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ শৈক্ষিক কাম-কাজৰ সৈতে জড়িত হৈ আছে।
৫. বিভিন্ন অনুষ্ঠানৰ ভালেমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰ তেওঁ সঞ্চালনা কৰাৰ উপৰিও গৱেষণা-পত্ৰও পাঠ কৰিছে।
৬. অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ উপৰিও অসম ভাষা বিজ্ঞান সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি আদিৰ সৈতেও তেওঁ জড়িত।
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]প্ৰবন্ধ সংকলন
[সম্পাদনা কৰক]পাঠ সমীক্ষাত্মক গ্ৰন্থ
[সম্পাদনা কৰক]- অভীষ্ট পুৰাণ,(সপ্তদশ শতিকাত ৰচিত সাঁচিপতীয়া পুথিৰ সম্পাদনা আৰু লিপ্যন্তৰণ), বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চলকালয় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ,অসম চৰকাৰ, ২০২৪।
সম্পাদনা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://cottonuniversity.irins.org/profile/259692
- ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯.
- ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯.
- ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯.
- ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯.
- ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯.
- ↑ https://cottonuniversity.irins.org/profile/259692
- ↑ https://cottonuniversity.irins.org/profile/259692
- ↑ https://cottonuniversity.irins.org/profile/259692
