কল্পনা (অভিনেত্ৰী)
কল্পনা | |
---|---|
![]() | |
জন্ম | কল্পনা ৰজনী ০৫ অক্টোবৰ, ১৯৬৫[1] ত্ৰিবান্দ্ৰম, কেৰালা |
মৃত্যু | ২৫ জানুৱাৰী, ২০১৬ (৫০ বছৰ)[2] হায়দৰাবাদ, তেলেংগানা |
পেচা | চলচ্চিত্ৰ অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৭ – ২০১৬ |
দাম্পত্যসঙ্গী | অনিল কুমাৰ (বি. ১৯৯৮; divorce ২০১২) |
সন্তান | ১ |
কল্পনা ৰঞ্জনী (ইংৰাজী: Kalpana Ranjani ; ৫ অক্টোবৰ ১৯৬৫ – ২৫ জানুৱাৰী ২০১৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি কল্পনা নামেৰে অধিক পৰিচিত। তেওঁ দক্ষিণ ভাৰতীয় ছবিত, প্ৰধানকৈ মালয়ালম আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। তেওঁ বিভিন্ন দক্ষিণ ভাৰতীয় ভাষাৰ ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে।[3] ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত থানিচাল্লা ঞ্জান (২০১২) ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4] কল্পনাই ১৯৭০ দশকৰ শেষৰ ফালে শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। যদিও মুখ্য অভিনেত্ৰী হোৱাৰ উদ্দেশ্যেৰে এই উদ্যোগটোলৈ আহিছিল, তথাপিও কমিক চৰিত্ৰৰ বাবে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]কল্পনাই শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে বিদাৰুন্না মট্টুকাল ছবিত।[1] ১৯৮০ চনত জি অৰবিন্দনৰ পৰিচালনাত নিৰ্মিত পক্কুভেইল ছবিখনত মূলসুঁতিৰ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁ কেইবাখনো সমালোচকৰ প্ৰশংসিত ছবিত অভিনয় কৰে। কমেডিয়ান হিচাপে তেওঁৰ অভিনয়েও সমালোচকৰ প্ৰশংসা লাভ কৰিছে। ১৯৮৫ চনত মুক্তি পোৱা সফল ছবি চিন্না বীডুৰ জৰিয়তে কে ভাগ্যৰাজৰ সৈতে তেওঁৰ তামিল ছবিত অভিষেক ঘটে। তেওঁৰ আন স্মৰণীয় ছবিসমূহৰ ভিতৰত সতী লীলাৱতী (১৯৯৫) আৰু কালিবীডু (১৯৯৬) অন্যতম।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "An actor with impressive range". The Hindu. 1 February 2016. http://www.thehindu.com/entertainment/kalpana-an-actor-with-impressive-ranage/article8150864.ece?homepage=true.
- ↑ "Remembering Kalpana on her fifth death anniversary; lesser-known facts about the late actress". 25 January 2021. https://timesofindia.indiatimes.com/entertainment/malayalam/movies/news/remembering-kalpana-on-her-fifth-death-anniversary-lesser-known-facts-about-the-late-actress/articleshow/80443091.cms.
- ↑ "Top Malayalam actress Kalpana passes away in Hyderabad". 26 January 2016. http://indianexpress.com/article/entertainment/regional/malayalam-actress-kalpana-passes-away-at-51/। আহৰণ কৰা হৈছে: 25 January 2016.
- ↑ "13 National Film Awards for Malayalam movies". Daily News and Analysis. 18 March 2013. http://www.dnaindia.com/entertainment/report_13-national-film-awards-for-malayalam-movies_1812734। আহৰণ কৰা হৈছে: 25 January 2016.
- ↑ "Malayalam News, Kerala News, Latest Malayalam News, Latest Kerala News". Manoramaonline.com. http://www.manoramaonline.com/cgi-bin/MMOnline.dll/portal/ep/malayalamContentView.do?contentId=13680236&programId=1073752204&channelId=-1073750705&BV_ID=@@@&tabId=3। আহৰণ কৰা হৈছে: 25 January 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Kalpana সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- En.msidb.org