কল্যাণী দাস
কল্যাণী দাস | |
---|---|
স্থানীয় নাম | কল্যাণী দাস |
জন্ম | ২৮ মে', ১৯০৭ কৃষ্ণনগৰ, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৬ ফেব্ৰুৱাৰী, ১৯৮৩ (৭৫ বছৰ) হৃষীকেশ, উত্তৰ প্ৰদেশ, ভাৰত |
সংস্থা | যুগান্তৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
আত্মীয়-স্বজন | বীণা দাস (ভগ্নী) বেণী মাধব দাস (পিতৃ) |
কল্যাণী দাস (ইংৰাজী: Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।[1][2]
পৰিয়াল
[সম্পাদনা কৰক]কল্যাণী দাস হৈছে ব্ৰাহ্ম সমাজৰ পৰিচিত শিক্ষক বেণী মাধব দাস আৰু সমাজ-কৰ্মী সৰলা দেৱীৰ ছোৱালী। তেওঁৰ ভনীয়েক বীণা দাসো এগৰাকী স্বাধীনতা যুঁজাৰু আছিল।
শিক্ষা
[সম্পাদনা কৰক]কল্যাণী দাসে কুট্টাকৰ ৰভেনশ্ব' কলেজিয়েট স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। ১৯২৮ চনত কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ
[সম্পাদনা কৰক]কল্যাণী দাস ছাত্ৰী সংঘৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। বেংগল চৰকাৰৰ বিৰুদ্ধে কল্যাণী দাসে ১৯৩০ চনত ছাত্ৰীসকলৰ প্ৰতিবাদত গুৰি ধৰিছিল। ১৯৩২ চনত চৰকাৰ-বিৰোধী কম-কাজৰ বাবে তেওঁক কৰায়ত্ত কৰা হৈছিল। একে সময়তে তেওঁৰ সহপাঠী, স্বাধীনতা সংগ্ৰামী কমলা দাস গুপ্তাকো কৰায়ত্ত কৰিছিল।[2]
মৃত্যু
[সম্পাদনা কৰক]১৯৮৩ চনৰ ১৬ ফেব্ৰুৱাৰীত কল্যাণী দাসৰ মৃত্যু হয়।
সাহিত্যৰাজি
[সম্পাদনা কৰক]কল্যাণী দাসে সম্পাদনা কৰা বেংগল স্পিকছ নামৰ গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন ভনীয়েক বীণালৈ উচৰ্গিত কৰিছিল।[3]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Tri Loknath Chatterjee (2004). জেলে ত্ৰিশ বছৰ, পাক ভাৰতেৰ স্বাধীনতা সংগ্ৰাম. প্ৰকাশক Dhaka: ধ্ৰুপদ সাহিত্যাঙ্গণ. পৃষ্ঠা. 220. ISBN 984-8457-00-3.
- ↑ 2.0 2.1 Kamala Das Gupta (January 2015). স্বাধীনতা সংগ্ৰামে বাংলাৰ নাৰী, অগ্নিযুগ গ্ৰন্থমালা ৯. প্ৰকাশক Kolkata: ৰ্যাডিক্যাল ইম্প্ৰেশন. পৃষ্ঠা. 125–130. ISBN 978-81-85459-82-0.
- ↑ Sengupta, Subodh; Basu, Anjali (2016). Sansad Bangali Charitavidhan (Bengali). 1. প্ৰকাশক Kolkata: Sahitya Sansad. ISBN 978-81-7955-135-6.