সমললৈ যাওক

কল্যাণ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্যাণ ভূঞা
জন্ম ১৯৭৫
চিচিবৰ গাঁও, ধেমাজি
পেচা কবি, অনুবাদক, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন ডিব্ৰুগড় বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি গৰু আৰু অন্যান্য কবিতা (২০২০)
পিতৃ-মাতৃ মাতৃ: পঞ্চৱতী ভূঞা আৰু পিতৃ্: প্ৰভাত ভূঞা

কল্যাণ ভূঞা (ইংৰাজী: Kalyan Bhuyan, জ. ১৯৭৫) এগৰাকী কবি, প্ৰবন্ধকাৰ, অনুবাদক আৰু লোকবোধ্য বিজ্ঞান লেখক।[1] ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে কৰ্মৰত ড° কল্যাণ ভূঞাই অসমৰ আগশাৰীৰ কাকত-আলোচনীত তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস বিষয়ক জনপ্ৰিয় বিজ্ঞানধৰ্মী প্ৰবন্ধ নিয়মীয়াকৈ লিখি অহাৰ সমান্তৰালভাৱে চুটি গল্প আৰু কবিতাৰ জৰিয়তে সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনতো খোজ দিবলৈ সক্ষম হৈছে। য়ুভাল নোৱা হাৰাৰি, ইচমত চুগতাই আৰু অমৰ্ত্য সেনৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি তেওঁ এগৰাকী অনুবাদক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।[1] তেওঁৰ কবিতা বাংলা আৰু ইংৰাজী ভাষালৈ অনূদিত হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশিত হৈছে।[2] তেওঁ কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক।

১৯৭৫ চনত ধেমাজিৰ চিচিবৰ গাঁৱত কল্যাণ ভূঞাৰ জন্ম। তেওঁৰ পিতৃ আছিল প্ৰয়াত প্ৰভাত ভূঞা আৰু মাতৃ প্ৰয়াত পঞ্চৱতী ভূঞা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থবিজ্ঞান বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]

মৌলিক গ্ৰন্থ

[সম্পাদনা কৰক]
  • নিক'লাছ ক'পাৰনিকাছ, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
  • গৰু আৰু অন্যান্য কবিতা, পাঞ্চজন্য বুকছ, ২০২০, ISBN 978-93-88645-75-1।
  • The Sky over the Window, অনুবাদ: আনন্দ বৰমুদৈ, Poetry Without Fear, ২০২৪, ISBN 978-81-975772-3-9।[3]

সম্পাদিত গ্ৰন্থ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://scholar.google.com/citations?user=gDal0EkAAAAJ&hl=en