সমললৈ যাওক

কল্লেন পুকুডান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কল্লন পক্কুডানৰ পৰা পুনঃনিৰ্দেশিত)


কল্লেন পক্বুডান
জন্ম ১৯৩৭
পাঝায়ংগাদী, কান্নুৰ, ভাৰত
মৃত্যু ২৭ ছেপ্টেম্বৰ ২০১৫(বয়স ৭৮)
চেৰুকুন্নু,কান্নুৰ, কেৰালা, ভাৰত
অন্য নাম কণ্ডল পক্বুদন
পেচা পৰিৱেশ কৰ্মী
জনা যায় মেংগ্ৰোভ অৰণ্যৰ সুৰক্ষা
পিতৃ-মাতৃ অৰিংগেলিয়ান গোবিন্দন পাৰোট্টি
কেলেন ভেলাচি
সন্তান তিনিগৰাকী কন্যা আৰু তিনিজন পুত্ৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পি ভি থেম্পি মেম’ৰিয়েল এনডাউমেণ্ট বঁটা
বন মিত্ৰ বঁটা
হৰিতা ব্যাক্তি বঁটা
পি এছ গোপীনাথন নাইৰ পৰিৱেশ বঁটা

এ ভি আব্দুল ৰহমান হাজী বঁটা
কান্নুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য বঁটা

বালা সাহিত্য প্ৰতিষ্ঠানৰ বঁটা

কল্লেন পক্বুডান (ইংৰাজী: Kallen Pokkudan); জন্ম: ১৯৩৭), যাক কন্দল পক্বুডান বুলিও জনা যায়। পকুডান আছিল ভাৰতকেৰালাৰ এজন পৰিৱেশ কৰ্মী আৰু লেখক। |[1][2] ১৯৮৯ চনৰপৰা কেৰালাৰ মেংগ্ৰোভ বনাঞ্চল সংৰক্ষণ আৰু বিস্তাৰৰ বাবে তেওঁ পৰিচিত আছিল।[3]

১৯৩৭ চনত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ পাঝয়ায়াংগাডিৰ ওচৰৰ এঝোম মূলাৰ দুৰ্গম অঞ্চলৰ ইদ্দুক্কিল থাৰা নামৰ এখন সৰু গাঁও ইদ্দুক্কিল থাৰাৰ এটা জনজাতীয় পৰিয়ালত অৰিংগেলায়ন গোবিন্দন পাৰোট্টি আৰু কল্লেন ভেল্লাচিৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[4][5] তেওঁৰ শিক্ষা কম আছিল, মাত্ৰ দ্বিতীয় শ্ৰেণীত সীমাবদ্ধ আছিল আৰু ১৮ বছৰ বয়সতে তেওঁ সাম্যবাদক আঁকোৱালি লৈছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ উগ্ৰ শাখাৰ সৈতে জড়িত আছিল, কেইবাটাও গণ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল। হত্যাৰ গোচৰকে ধৰি কৃষক আন্দোলনৰ সৈতে জড়িত কেইবাটাও গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু কেইবাবাৰো কাৰাগাৰত ভৰোৱা হৈছিল। ১৯৬৪ চনত যেতিয়া দলটো বিভাজিত হয়, তেতিয়া তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰপক্ষ লয়, কিন্তু ১৯৮০ চনত দলটোৰ প্ৰতি মোহভংগ হৈ দলটো এৰি দিয়ে।

দলৰপৰা বিচ্ছিন্ন হোৱাৰ পিছত পক্বুডানে কেৰালাৰ মেংগ্ৰোভ বনাঞ্চল সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিৱেশ সংৰক্ষণৰ কামত নিজৰ সময় উছৰ্গা কৰে। তেওঁ কেৰালাৰ উপকূলীয় জলসীমাত মেংগ্ৰোভ ৰোপণৰ অভিযানত নামিছিল আৰু ৰাজ্যখনত এক লাখৰো অধিক (এক লাখ) মেংগ্ৰোভ গছপুলি ৰোপণ কৰা বুলি কোৱা হৈছে।[6] তেওঁ এখন মেংগ্ৰোভ স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু ৰাজ্যৰ বিভিন্ন ঠাইত ৫০০ৰো অধিক শ্ৰেণী অনুষ্ঠিত কৰিছিল যাতে সাধাৰণ জনতাক মেংগ্ৰোভৰ পৰিৱেশগত গুৰুত্বৰ বিষয়ে জ্ঞান দিয়াৰ প্ৰয়াস কৰে।[7] তেওঁৰ চূড়ান্ত গ্ৰন্থ কণ্ডল ইনাংগল (মেংগ্ৰোভ প্ৰজাতি)ত কেৰেলাত পোৱা বিভিন্ন প্ৰজাতিৰ মেংগ্ৰোভৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ২০১২ চনত শিৱ প্ৰসাদৰ পৰিচালনাত নিৰ্মিত স্থলম ছবিখন পক্বুদনৰ জীৱনৰ ওপৰত আধাৰিত। জীৱনৰ পৰিৱেশ আৰু আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা জয়ন চেৰিয়ানৰ ২০১৩ চনৰ বৈশিষ্ট্যপূৰ্ণ ছবি পেপিলিঅ' বুদ্ধৰ অন্যতম মূল চৰিত্ৰ আছিল।[8]

পক্বুডানৰ বিবাহ মীনাক্ষীৰ সৈতে হৈছিল আৰু এই দম্পতীৰ তিনিগৰাকী কন্যা পুষ্পলথা, পুষ্পৱল্লী আৰু ৰেখা আৰু তিনিজন পুত্ৰ আনন্দন, ৰঘুনাথ আৰু শ্ৰীজিথ আছিল। তেওঁৰ কনিষ্ঠ পুত্ৰ শ্ৰীজিথ পাইথালেন এজন ফ্ৰীলান্স সাংবাদিক আৰু তেওঁ পিতৃৰ দুখন গ্ৰন্থও লিখিছে।[9] ২০১৫ চনৰ ২৭ ছেপ্টেম্বৰত কান্নুৰত ৭৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। আৰু তেওঁৰ শেষ অনুষ্ঠান তেওঁৰ বাসগৃহ পাঝয়াংগাডীত কৰা হৈছিল।

লিখিত কৰ্মৰাজি

[সম্পাদনা কৰক]

পক্বুডানৰ সাক্ষৰতা আছিল মৌলিক, কিন্তু আনৰ সহায়ত তেওঁ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰে। ইয়াৰে দুখন আত্মজীৱনীমূলক গ্ৰন্থ এণ্টে জীৱনীথাম (মাই লাইফ)[10] আৰু কণ্ডালক্কাদুকলাক্কিদাইল এণ্টে জীভিথাম (মাই লাইফ এমং দ্য মেংগ্ৰোভ ফৰেষ্ট)[11][12] আদি দুখন গ্ৰন্থ প্ৰকাশ কৰে। কণ্ডল ইনাংগল (মেংগ্ৰোভ প্ৰজাতি) আৰু চুট্টাচি তেওঁৰ আন দুখন উল্লেখযোগ্য গ্ৰন্থ। তেওঁৰ জীৱনৰ বৰ্ণনা থাহা মাদাইৰদ্বাৰা লিখা আৰু ২০০৩ চনত সমকালিকা মালয়ালমে প্ৰকাশ কৰা জীৱনী পক্বুডান এজুথাথা আত্মাকথা (পক্বুডানৰ অলিখিত আত্মজীৱনী)ত কৰা হৈছে।[13]

পক্বুডানৰ ওপৰত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

কালেন পক্বুডানৰ জীৱনৰ আধাৰত ২০১১ চনত স্থলম শীৰ্ষক এখন মালয়ালম ছবি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ৰচনা আৰু পৰিচালক আছিল কবিয়ুৰ শিৱপ্ৰসাদে।[14]

২০০১ চনত পক্বুডানে পি.ভি.থাম্পি মেম'ৰিয়েল এনডাউমেণ্ট বঁটা লাভ কৰে। দুবছৰৰ পাছত ২০০৬ চনত তেওঁক ভূমি মিত্ৰ বঁটা আৰু তাৰ পিছত কেৰেলাৰ বন আৰু বন্যপ্ৰাণী বিভাগৰ ভানা মিত্ৰ (বন বন্ধু) বঁটাৰে সন্মানিত কৰা হয় আৰু এই সন্মানৰ প্ৰথম প্ৰাপক হিচাপে তেওঁ পৰিগণিত হয়। কেৰালা চৰকাৰে ২০১০ চনত তেওঁক হৰিতা ব্যাক্তি (সেউজ ব্যক্তিত্ব) বঁটাৰে সন্মানিত কৰে।[15] ২০১৪ চনত তেওঁ পি.এছ.গোপীনাথন নাইৰ পৰিৱেশ বঁটা লাভ কৰে।[16] ইয়াৰ উপৰি তেওঁ এ ভি আব্দুল ৰহমান হাজী বঁটা (২০১০), কান্নুৰ বিশ্ববিদ্যালয়ৰপৰা আচাৰ্য বঁটা, বালা সাহিত্য সংস্থাৰ বঁটাও লাভ কৰে। [4]

  1. Sudhakaran, P (28 February 2012). "The tide maker". The Times of India. Archived from the original on 3 January 2013. https://archive.today/20130103184513/http://articles.timesofindia.indiatimes.com/2012-02-28/kochi/31107138_1_kallen-pokkudan-mangroves-ecosystem। আহৰণ কৰা হৈছে: 7 September 2012. 
  2. "HaindavaKeralam - Kallen Pokkudan - The Kandal Man - Says he was disillusioned with Marxists for 58 years.". http://www.haindavakeralam.com/HKPage.aspx?PageID=12173। আহৰণ কৰা হৈছে: 23 August 2012. 
  3. Sudhakaran, P (28 Feb 2012). "The tide maker". The Times of India. Archived from the original on 3 January 2013. https://archive.today/20130103184513/http://articles.timesofindia.indiatimes.com/2012-02-28/kochi/31107138_1_kallen-pokkudan-mangroves-ecosystem। আহৰণ কৰা হৈছে: 7 September 2012. 
  4. 4.0 4.1 "കണ്ടൽക്കാടുകളുടെ തോഴൻ കല്ലേൻ പൊക്കുടൻ അന്തരിച്ചു". Malayala Manorama. 28 September 2015. http://www.manoramaonline.com/news/kerala/01-KNR-KALLEN-POKKUDAN.html। আহৰণ কৰা হৈছে: 28 September 2015. 
  5. "Kerala's Mangrove Man Kallen Pokkudan Passes Away at 78". 28 September 2015. Archived from the original on 28 September 2015. https://web.archive.org/web/20150928163249/http://www.newindianexpress.com/states/kerala/Keralas-Mangrove-Man-Kallen-Pokkudan-Passes-Away-at-78/2015/09/28/article3051228.ece1। আহৰণ কৰা হৈছে: 28 September 2015. 
  6. "In Memoriam". The Hindu Business Line. 28 September 2015. http://www.thehindubusinessline.com/news/variety/keralas-mangrove-man-kallen-pokkudan-dies-at-78/article7695152.ece। আহৰণ কৰা হৈছে: 28 September 2015. 
  7. "Kallen Pokkudan dies". Kaumudi. 28 September 2015. Archived from the original on 8 October 2015. https://web.archive.org/web/20151008054821/http://www.kaumudi.com/innerpage1.php?newsid=69475। আহৰণ কৰা হৈছে: 28 September 2015. 
  8. "Papilio Buddha". Internet Movie Database. 2015. https://www.imdb.com/title/tt2355771/?ref_=nmbio_mbio। আহৰণ কৰা হৈছে: 28 September 2015. 
  9. "Kallen Pokkudan — Being with Nature". Scroll India. 8 October 2010. Archived from the original on 29 September 2015. https://web.archive.org/web/20150929001155/http://www.scrollindia.com/tourism-zone/kallen-pokkudan-environmentalist-mangrove-conservation-crusader-talks-to-scrollinidia-about-his-life-with-mangroves-and-communism-talks-about-the-latest-controversy-that-flashes-through-you-tube-a-tr/। আহৰণ কৰা হৈছে: 28 September 2015. 
  10. Kallen Pokkudan. Ente Jeevitham. DC Books. পৃষ্ঠা. 196. Archived from the original on 28 September 2015. https://web.archive.org/web/20150928213930/http://www.indulekha.com/ente-jeevitham-autobiography-kallen-pokkudan?author_id=561। আহৰণ কৰা হৈছে: 28 September 2015. 
  11. Kallen Pokkudan. Kandal Kaadukalkkidayil Ente Jeevitham. Green Books. পৃষ্ঠা. 110. ISBN 818423-252-7. https://keralabookstore.com/book/Kandal-Kaadukalkkidayil-Ente-Jeevitham/1716/. 
  12. "Kallen Pokkudan". http://indulekha.biz/index.php?route=product/author/product&author_id=561। আহৰণ কৰা হৈছে: 23 August 2012. 
  13. Joshil K. Abraham, Judith Misrahi-Barak (2015). Dalit Literatures in India. Routledge. পৃষ্ঠা. 366. ISBN 9781317408802. https://books.google.com/books?id=Ph4-CgAAQBAJ&q=Thaha+Madayi+Kallen+Pokkudan&pg=PA205. 
  14. "Malayalam Movie Sthalam Preview | Sulekha Movies". http://movies.sulekha.com/malayalam_sthalam_movie-preview.htm. 
  15. "Kerala's 'Mangrove Man' Kallen Pokkudan No More". Focus News. 28 September 2015. Archived from the original on 29 September 2015. https://web.archive.org/web/20150929010931/http://focusnews.com/india/keralas-mangrove-man-kallen-pokkudan-no-more/131657/। আহৰণ কৰা হৈছে: 28 September 2015. 
  16. "Green Award for Kallen Pokkudan". 17 April 2014. Archived from the original on 28 September 2015. https://web.archive.org/web/20150928174231/http://www.newindianexpress.com/cities/kochi/Green-Award-for-Kallen-Pokkudan/2014/04/17/article2172774.ece। আহৰণ কৰা হৈছে: 28 September 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]