সমললৈ যাওক

কস্তুৰী ৰাজাধ্যাক্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কস্তুৰী ৰাজাধ্যাক্ষ
জন্ম ভাৰত
মৃত্যু (৮৬ বছৰ)
অহাইঅ'
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ডা০ ৰাজা
পেচা চিকিৎসক, সমাজকৰ্মী

কস্তুৰী ৰাজাধ্যাক্ষ (ইংৰাজী: Kasturi Rajadhyaksha) এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজকৰ্মী আছিল। তেওঁ বিশেষভাৱে ভাৰতীয় বা দক্ষিণ এছিয়াৰ লোকসকলৰ বাবে কেইবাটাও সমৰ্থন গোটক সহায় কৰিছিল, আৰু বিশেষকৈ ঘৰুৱা হিংসাৰ অন্ত পেলোৱা আৰু দক্ষিণ এছিয়াৰ ব্যৱসায়ীসকলক সহায় কৰাত মনোনিৱেশ কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কস্তুৰী ৰাজাধ্যাক্ষৰ ১৯২৩ বা ১৯২৪ চনত ভাৰতত জন্ম হৈছিল।[1]১৯৪৫ চনত ৰাজাধ্যাক্ষই মুম্বাইত স্ত্ৰীৰোগ বিজ্ঞান অধ্যয়ন কৰি এম বি বি এছ ডিগ্ৰী লাভ কৰে।.[2] জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰীও তেওঁ লাভ কৰিছিল, যি তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল। বিঠাল কাশীনাথ ৰাজাধ্যাক্ষৰ সৈতে কস্তুৰী ৰাজাধ্যাক্ষৰ বিবাহ হৈছিল৷ তেওঁলোকৰ দুজন পুত্ৰ জন্ম হৈছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

কস্তুৰী ৰাজাধ্যাক্ষই চিকিৎসক হিচাপে কাম কৰিছিল, আৰু চিকিৎসা কৰা গৰ্ভৱতী মহিলাসকলে সন্মুখীন হোৱা অসুবিধাসমূহ দেখি মহিলাসকলৰ বাবে সংগঠন স্থাপন কৰি সমাজ সেৱাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৬৫ চনত ৰাজাধ্যাক্ষ আমেৰিকালৈ গুচি যায় আৰু মহিলাসকলক সহায় কৰিবলৈ সামূহিক কাম অব্যাহত ৰাখে।[2] জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয়ে স্ত্ৰীৰোগ আৰু প্ৰসূতি বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা উন্নত কৰাৰ বাবে পৰিচালিত অলাভজনক সংস্থা ঝপিগোৰ এছিয়ানৰ সমন্বয়ক হয়। এই পদত তেওঁ ছয় বছৰ কটায়৷ এই সময়ছোৱাত তেওঁ বিশখনতকৈও অধিক দেশ ভ্ৰমণ কৰি লেপ্ৰাস্কপিৰ প্ৰশিক্ষণৰ আয়োজন কৰে। তাৰ পিছত তেওঁ অহাইঅ'ৰ কলম্বাছত অৱস্থিত স্থাপত্য আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান ডি এল জেড কৰ্প'ৰেশ্যনৰ পৰিচালক হিচাপে আৰু সংখ্যালঘু ব্যৱসায়িক সমন্বয়ক হিচাপে কাম কৰে।[3]

১৯৯০ চনত ৰাজাধ্যাক্ষই মহিলা শ্ৰমিকক সহায়ৰ বাবে ৱমেন অৱ ইণ্ডিয়ান চাবকণ্টিনেণ্ট ছাপৰ্ট গ্ৰুপ (WISSUG) প্ৰতিষ্ঠা কৰে। তেওঁ মধ্য অহাইঅ’ৰ এছিয়-আমেৰিকীয় ব্যৱসায়ীসকলৰ বাবে থকা এটা গোট এছিয়ান আমেৰিকান কমাৰ্চ গ্ৰুপ (AACG)ৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০০৩ চনত ৰাজাধ্যাক্ষৰ লগতে আন ৯গৰাকী ব্যক্তিয়ে দক্ষিণ এছিয়াৰ সমাজৰ ঘৰুৱা নিৰ্যাতনৰ বলি হোৱা লোকসকলক সহায়ৰ বাবে কাম কৰা অলাভজনক সংস্থা আশা-ৰে অৱ হোপ প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰি তেওঁ মহিলাৰ এটা ব্যৱসায়িক মেণ্টৰিং গ্ৰুপৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল।[2]

২০০৮ চনৰ ছেপ্টেম্বৰ মাহত ৰাজাধ্যাক্ষক অহাইঅ' মহিলা হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।[2] গোটেই কেৰিয়াৰত তেওঁৰ কামৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল। ১৯৯৬ চনত তেওঁ ৱাই ডব্লিউ চি এ ৱমেন অৱ এচিভমেণ্ট বঁটা লাভ কৰে, আৰু ১৯৯৮ চনত তেওঁ অহাইঅ’ৰ ফেডাৰেচন অৱ ইণ্ডিয়ান এছ’চিয়েশ্যনৰ আউটষ্টেণ্ডিং কমিউনিটি চাৰ্ভিচ বঁটা লাভ কৰে। তেওঁক অহাইঅ' নাগৰিক অধিকাৰ আয়োগৰ অসাধাৰণ নেতা বঁটা প্ৰদান কৰা হয় আৰু ২০০১ চনত তেওঁ মহিলা সাহসী বঁটাও লাভ কৰে।[3] ২০০৩ চনত তেওঁ নেচনেল এছ'চিয়েচন অৱ আমেৰিকান ফিজিচিয়ানছ অৱ ইণ্ডিয়ান অৰিজিনৰ পৰা মষ্ট ডিষ্টিংচড ফিজিচিয়ান কমিউনিটি চাৰ্ভিচ বঁটা লাভ কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Kasturi Rajadhyaksha obituary". The Columbus Dispatch. http://www.legacy.com/obituaries/dispatch/obituary.aspx?pid=139522927. 
  2. 2.0 2.1 2.2 2.3 Mittra, Ayoti (20 November 2008). "Kasturi Rajadhyaksha in Ohio Women's Hall of Fame". Rediff News. http://www.rediff.com/news/report/rajyadksha-in-ohio-womens-hall-of-fame/20081120.htm. 
  3. 3.0 3.1 "Dr. Kasturi Rajadhyaksha". Ohioana Library AssociationOhioana. Archived from the original on 11 May 2009. https://web.archive.org/web/20090511142839/http://www.ohioana.org/whf/2008/raja.asp। আহৰণ কৰা হৈছে: 22 February 2025.