সমললৈ যাওক

কাঁচা বাদাম (গীত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাদাম বাদাম দাদা কাঁচা বাদাম হ'ল সামাজিক মাধ্যমযোগে‍ আলোড়ন সৃষ্টি কৰা এটি‍ গীত। গীতটি‍ ভুৱন বাদ্যকৰ নামৰ হকাৰ এজনৰ যোগেদি ভাইৰেল হৈছিল।[1] গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰথমে বাদামৱালা ভুৱন বাদ্যকৰে এই গীতটি ৰচনা কৰিছিল।[2]

প্ৰে‍ক্ষাপট

[সম্পাদনা কৰক]

বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰ কাঁচা বাদাম গীতটিৰ সৃষ্টিকৰ্তা।[3] তেওঁৰ ঘৰ ভাৰতৰ পশ্চিম বংগৰ বীৰভূমৰ দুবৰাজপুৰ ব্লকৰ অন্তৰ্গত লক্ষ্মীনাৰায়ণপুৰ পঞ্চায়তৰ কুৰালজুৰি গাঁৱত।[4] গাঁৱে-ভূঞে, হাটে‍-বজাৰে, বন্দৰ আৰু মানুহৰ ঘৰত মটৰ চাইকেলৰ পিছফালে বান্ধি তেওঁ বাদাম বিক্ৰী কৰিছিল। কিন্তু ভুৱনে ভজা বাদাম বিক্ৰী নকৰে। বৰঞ্চ তেওঁৰ হাতত থকা সকলো বাদাম কেঁচা। কিন্তু কেৱল টকা দিলেই বাদাম পোৱা নাযায়। ঘৰৰ অব্যৱহৃত পুৰণি যন্ত্ৰাংশ, ক্ষতিগ্ৰস্ত মোবাইলৰ যন্ত্ৰাংশ, বেটাৰী, হাঁহৰ পোৱালি‍, মূৰৰ চুলি, চিটি গল্ডৰ চেইন, কাণফুলি‍, খাৰু আদি গহনাবোৰৰ বিনিময়ত তেওঁ বাদাম দিয়ে। ভুৱনে এই কথাবোৰেই গীতেৰে‍ কয়, এনেদৰেই কাঁচা বাদাম গীতটো হিচাপে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰে। কেৱল এই গীতটোৱেই নহয়, সমান্তৰালভাৱে‍ ভুৱন বাদ্যকৰো জনপ্ৰিয় হৈ উঠিছিল।[5]

প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত, ভুৱন বাদ্যকৰে কয় যে সকলোৱে মোৰ গীত মোবাইলত চাইছে। সকলোৱে আহি মোৰ সংগীতৰ শলাগ লৈছে। ভাল লাগে গীতটো মোৰ লিখা, প্ৰযোজনা মোৰ। মোৰ সুৰ, মোৰ কণ্ঠ। মই ভাবি-চিন্তিয়েই গীতটি ৰচিছিলোঁ। যোৱা ১০ বছৰ ধৰি মই বাদাম বিক্ৰী কৰি আহিছোঁ। বাদাম বিক্ৰী কৰি থাকোঁতে এই গীতটি‍ গাইছোঁ। সেই সময়ত কোনোবা ল'ৰাই সেই গানটো চিত্ৰগ্ৰহণ কৰি ছ'চিয়েল মিডিয়াত মুকলি কৰি‍ দিছিল, কিন্তু সেই ল'ৰাটোক মই চিনি নাপাওঁ।

আনহাতে, ইনষ্টাগ্ৰামত কাঁচা বাদাম গীতটিৰ ৰিমিক্স পোষ্ট কৰি ডেভিদে লিখিছে, ‘ভুৱন বাদ্যকৰৰ গীতটো ৰিমিক্স কৰি মই অতি গৌৰৱান্বিত।’[6]

জনপ্ৰিয়তা

[সম্পাদনা কৰক]

দৰ্শন বনিক, নীল ভট্টাচাৰ্যকে ধৰি বহুকেইজনে বিভিন্ন সময়ত কাঁচা বাদাম গীতটিত নৃত্য কৰিছে।[7] ভুৱন বাদ্যকৰে দিল্লীত এটা শ্ব’ কৰিবলৈ গৈছিল। তাত এজন অনুৰাগীয়ে তেওঁৰ গীতত আপ্লুত হৈ তেওঁক এটা আইফোন ১৩ হেণ্ডছেট উপহাৰ দিয়ে।[8] দক্ষিণ আফ্ৰিকাৰ ইণ্টাৰনেট চেন্সেশন কিলি পলে কাঁচা বাদাম গীতটিৰ বাবে‍ ইনষ্টাগ্ৰামত ৰিল তৈয়াৰ কৰিছিল। জনপ্ৰিয় হৈ পৰা ভুৱন বাদ্যকৰক কলকাতাৰ জনপ্ৰিয় টেলিভিছন কুইজ শ্ব' দাদাগিৰিৰ মঞ্চত উপস্থাপন কৰা হয়। তাতে তেওঁ সৌৰভ গাংগুলীৰ পৰা ট্ৰফী লাভ কৰে। আনকি কলিকতাৰ উপ-নিৰ্বাচনৰ সময়তো তৃণমূলৰ প্ৰচাৰত কাঁচা বাদামৰ সুৰ জনপ্ৰিয় হৈছিল।[9]

কাঁচা বাদাম গীতটিত এজন যুৱক আৰু এগৰাকী বৃদ্ধাই হিয়া উজাৰি নাচিছিল।[10] লগে লগে ভাইৰেল হৈ পৰে সেই ভিডিঅ’টো। গীতটি ফেচবুক, টিকটক, ইউটিউবত ভাইৰেল হোৱাৰ লগে লগে বহুতে ইয়াৰ পৰা ধন উপাৰ্জন কৰিলেও গীতটিৰ সৃষ্টিকৰ্তা ভুৱনে কোনো ধৰণৰ টকা নাপালে। গায়ক হিচাপে বহু লোকে তেওঁৰ নাম উল্লেখ কৰা নাই বুলি জনা যায়। আনন্দবাজাৰ কাকতখনে এক প্ৰতিৱে‍দনত প্ৰকাশ কৰিছে যে তেওঁ বীৰভূমৰ দুবৰাজপুৰ থানালৈ গৈ নিজৰ নামত গীতটোৰ অধিকাৰৰ লগতে গীতটোৰ পৰা উপাৰ্জন কৰা ধন লাভ কৰিবলৈ এজাহাৰ দাখিল কৰিছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সোশ্যাল মিডিয়ায় ‘কাঁচা বাদাম’ গান ভাইৰাল (ভিডিও)". https://www.somoynews.tv/news/2021-11-27/%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%95%E0%A7%87-%E0%A6%AC%E0%A6%BE%E0%A6%9C%E0%A6%9B%E0%A7%87-%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%AD%E0%A6%BE%E0%A6%87%E0%A6%B0%E0%A6%BE%E0%A6%B2-%E0%A6%97%E0%A6%BE%E0%A6%A8-%E0%A6%95%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%BE%E0%A6%AE আহৰণ কৰা হৈছে: 8 January 2025.
  2. "নতুন গান বাঁধলেন সেই কাঁচা বাদামেৰ ফেৰিওয়ালা". https://www.banglanews24.com/entertainment/news/bd/898212.details আহৰণ কৰা হৈছে: 8 January 2025.
  3. "Kacha Badam Viral Song: কপিৰাইটেৰ টাকা থেকে বঞ্চিত, বাদাম নিয়ে নয়া গান ভুবন বাদ্যকৰেৰ, দেখোন ভিডিও". https://zeenews.india.com/bengali/entertainment/kacha-badam-viral-song-maker-make-a-new-song-is-shared-by-sandy-saha_414478.html আহৰণ কৰা হৈছে: 8 January 2025.
  4. "‘কাঁচা বাদাম’ গান ও একজন ভুবন বাদ্যকাৰ". Archived from the original on 11 January 2023. https://web.archive.org/web/20230111044505/https://nagorik.com/column/%E0%A6%95%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%BE%E0%A6%AE-%E0%A6%97%E0%A6%BE%E0%A6%A8-%E0%A6%93-%E0%A6%8F%E0%A6%95%E0%A6%9C%E0%A6%A8-%E0%A6%AD/ আহৰণ কৰা হৈছে: 8 January 2025.
  5. "দাদাগিৰিতেও ‘কাঁচা বাদাম’ খ্যাত ভুবনেৰ বাজিমাত". https://www.dhakapost.com/entertainment/98895 আহৰণ কৰা হৈছে: 9 January 2025.
  6. "‘কাঁচা বাদাম’ ৰিমিক্স কৰলেন আফ্ৰিকাৰ সংগীত পৰিচালক". https://www.dhakapost.com/entertainment/84775 আহৰণ কৰা হৈছে: 9 January 2025.
  7. "‘কাঁচা বাদাম’ গায়কেৰ সঙ্গে নাচলেন দৰ্শনা বণিক". https://bangla.bdnews24.com/glitz/article2017572.bdnews আহৰণ কৰা হৈছে: 9 January 2025.
  8. "‘কাঁচা বাদাম’ শুনে মুগ্ধ, গায়ককে আইফোন উপহাৰ". https://www.risingbd.com/entertainment/news/463247 আহৰণ কৰা হৈছে: 9 January 2025.
  9. "তৃণমূলেৰ প্ৰচাৰে ‘কাঁচা বাদাম’ খ্যাত ভুবন বাদ্যকৰ". https://www.jagonews24.com/m/international/news/722933 আহৰণ কৰা হৈছে: 9 January 2025.
  10. "Kacha Badam: কাঁচা বাদাম গানে ‘সোয়্যাগ’ বৃদ্ধাৰ! বাইক থেকে নেমেই লাগালেন ঠুমকা নাতিৰ সাথে". Archived from the original on 11 January 2023. https://web.archive.org/web/20230111084850/https://bangla.hindustantimes.com/entertainment/viral-kacha-badam-song-and-dance-of-an-old-lady-with-grandson-is-viral-on-social-media-31639558789198.html আহৰণ কৰা হৈছে: 9 January 2025.
  11. "‘কাঁচা বাদাম’ গানেৰ কপিৰাইট পেতে থানায় শিল্পী ভুবন বাদ্যকৰ". https://bangla.bdnews24.com/glitz/article1979115.bdnews আহৰণ কৰা হৈছে: 9 January 2025.