সমললৈ যাওক

কাঙ্গালিনী ছুফিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাংগালিনী ছুফিয়াৰ পৰা পুনঃনিৰ্দেশিত)
কাঙ্গালিনী ছুফিয়া

২০১৯ চনত কাঙ্গালিনী ছুফিয়া
স্থানীয় নাম কাঙ্গালিনী সুফিয়া
জন্ম Tuni Halder
1958 অথবা 1959 (বয়স 66–67)[1]
ৰামদিয়া গাঁও, ৰাজবাৰী জিলা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
অন্য নাম ছুফিয়া খাতুন
ৱেবছাইট
kangalinisufia.com


২০২০ চনৰ একুশে গ্ৰন্থমেলাত কাঙ্গালিনী ছুফিয়া
বাংলা একাডেমীত অনুষ্ঠিত একুশে গ্ৰন্থমেলা ২০২০-ত (সোঁফালে দ্বিতীয়) দলসহ কাঙ্গালিনী ছুফিয়া

ছুফিয়া খাতুন (কাঙ্গালিনী সুফিয়া নামে জনপ্ৰিয়; জন্ম ১ জানুৱাৰী ১৯৬১)[1] এগৰাকী বাংলাদেশী লোকগায়িকা।[2] তেওঁৰ প্ৰকৃত নাম অনিতা হালদাৰ[1] তেওঁ দৰদী শত্ৰু, আগুন আৰু ৰাজ সিংহাসন চিনেমাত প্লেবেক গায়িকা হিচাপে কণ্ঠদান কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ছুফিয়াৰ জন্ম ১৯৪৮/৪৯ চনৰ মাজভাগত বৃহত্তৰ ফৰিদপুৰ অঞ্চলত (বৰ্তমান ৰাজবাৰী জিলা) খোকন হালদাৰ আৰু তুলু হালদাৰৰ ঘৰত।[1] ১৪/১৫ বছৰ বয়সত তেওঁ গাঁৱৰ বিভিন্ন অনুষ্ঠানত গান গাবলৈ আৰম্ভ কৰে। প্ৰায় ১৯৭৪ চনত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰি ছুফিয়া খাতুন নাম গ্ৰহণ কৰে। শিল্পী মুস্তাফা মনৱাৰে তেওঁক “কাঙ্গালিনী ছুফিয়া” নামটো প্ৰদান কৰে।[3]

ছুফিয়াই সাধাৰণতে পাঁচজনীয়া দলেৰে সংগীত পৰিবেশন কৰে, য’ত বাউল জাহাংগীৰ, বাউল মন্দেৰ ফকিৰ, পুষ্প (ছুফিয়াৰ কন্যা), চুমকি কাঙ্গালিনী (নাতিনী) আৰু বিলকিছ বানু অন্তৰ্ভুক্ত।[3]

তেওঁ কুদ্দুছ বয়াতী, আব্দুৰ ৰহমান বয়াতী আৰু অনুশেহ আনাদিল আদি শিল্পীৰ সৈতে একেলগে কাম কৰিছে।[4][5]

২০১৬ চনৰ অক্টোবৰ মাহত তেওঁ মা শীৰ্ষক প্ৰথম চিডি এলবাম মুকলি কৰে।[6]

উল্লেখযোগ্য গান

[সম্পাদনা কৰক]
  • পৰাণেৰ বন্ধু ৰে, বুঢ়ী হৈলাম তোৰ কাৰণে [5]
  • কোনবা পৰে নিতাইগঞ্জ যাই [7]
  • আমৰা নাৰী কতো কষ্ট কৰি [7]
  • এ বলো আজব কুদ্‌ৰতী [8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ছুফিয়াই প্ৰথমে সুধীৰ হালদাৰৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হৈছিল।[1] তেওঁৰ দ্বিতীয় স্বামী বাউল ছেকম এগৰাকী দোতাৰা বাদ্যযন্ত্ৰ বাদক আৰু লণ্ডনত বাস কৰে।[1] ২০১৮ চনৰ ৮ ডিচেম্বৰত তেওঁ গুৰুতৰ অসুস্থতাৰ বাবে ছাভাৰৰ এনাম মেডিকেল কলেজ হাস্পতালত ভৰ্তি হয়। চিকিৎসকে জনায় যে তেওঁৰ মগজুৰ ৰক্ত সঞ্চালনত সমস্যা আৰু হৃদযন্ত্ৰৰ কিছুমান জটিলতা আছে।[9] বৰ্তমান তেওঁ ছাভাৰৰ জামছিঙত বাস কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Kangalini Sufia: The voice of the deprived" (en ভাষাত). The Daily Star. 2009-08-11. http://www.thedailystar.net/news-detail-100939. 
  2. "Khaleda visits Dr Nazrul, ailing Kangalini Sufia" (en ভাষাত). The Daily Star. 2009-04-20. http://www.thedailystar.net/news-detail-84865. 
  3. 3.0 3.1 "Noted folk singer in dire straits" (en ভাষাত). The Daily Star. 2014-09-13. http://www.thedailystar.net/noted-folk-singer-in-dire-straits-41391. 
  4. "Kangalini Sufia and Kuddus Boyati on "Smile Show"" (en ভাষাত). The Daily Star. 2009-04-11. http://www.thedailystar.net/news-detail-83691. 
  5. 5.0 5.1 "Kangalini Sufia pays tribute to late Boyati Abdur Rahman Boyati" (en-US ভাষাত). Dhaka Tribune. http://www.dhakatribune.com/showtime/2016/11/21/kangalini-sufia-pays-tribute-late-boyati-abdur-rahman-boyati/. 
  6. "First CD album of Kangalini Sufia released". The Independent. 2016-10-04. http://www.theindependentbd.com/printversion/details/62621. 
  7. 7.0 7.1 "Saying 'No' to corruption on International Women's Day" (en ভাষাত). The Daily Star. 2008-03-10. http://www.thedailystar.net/news-detail-26885. 
  8. "Baul ‘n Beyond A trance inducing concert" (en ভাষাত). The Daily Star. 2010-02-23. http://www.thedailystar.net/news-detail-127455. 
  9. "Kangalini Sufia hospitalised" (en ভাষাত). Prothom Alo. 2018-12-08. https://en.prothomalo.com/entertainment/Kangalini-Sufia-hospitalised। আহৰণ কৰা হৈছে: 2024-01-10. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]