সমললৈ যাওক

কাইথেলী বা লহকৰী শৈলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মধ্যযুগৰ অসমীয়া লিপিত গঢ় লৈ উঠা তিনিটা বিশেষ শৈলী হল ক্ৰমে গড়গঞা, কাইথেলী বা লহকৰী আৰু বামুণীয়া। এই তিনিটা শৈলীৰ প্ৰকাৰভেদৰ কথা মুখ বাগৰি আহি পণ্ডিত হেমচন্দ্ৰ গোস্বামী সম্পাদিত Descriptive Catalogue of Assamese Manuscripts গ্ৰন্থৰ যোগেদি সাহিত্যিক মৰ্যদা পায়হি। [1] এই গ্ৰন্থখনিৰ পাতনিত সূৰ্য্যকুমাৰ ভূঞাই অসমীয়া লিপিৰ শৈলীৰ বিষয়ে এইদৰে উল্লেখ কৰিছে:

"There are several schools of Assamese scriptz, viz, Gargaiyan, Bamuniya, Lahkari and Kaithali but their distictions have not been closely studied, and they have a tendency now to merge into one another.[2]"


কাইথেলী বা লহকৰী শৈলীৰ উৎপত্তি, নামাকৰণ আৰু বিকাশ

[সম্পাদনা কৰক]
কাইথেলী লিপি (নামঘোষাৰ পৰা)

মধ্যযুগীয়া অসমীয়া লিপিৰ আন এটা উল্লেখযোগ্য শৈলী হ’ল কাইথেলী বা লহকৰী শৈলী। এই লিপিৰ প্ৰচলন মধ্যযুগৰ সমগ্ৰ অসমৰ পুথিবোৰতে দৃষ্টিগোচৰ হয়। আনহাতে কথা-গুৰু চৰিতত মহাপুৰুষ মাধৱদেৱ (১৪৮৯-১৫৯৬)এ অন্যান্য শিক্ষা লাভ কৰাৰ পিছত কায়থালি পঢ়িলে[3] বোলাৰ পৰা ধাৰণা কৰিব পাৰি যে মাধৱদেৱএও কাইথেলী শৈলীৰে লিখিব জানিছিল বা এই শৈলীতো তেখেতে আয়ত্ত কৰিছিল।

মধ্যযুগকালীন অসমত বাস কৰা কায়স্থ লোকসকলে পুথি ৰচনা কৰা আৰু পুথি নকল কৰা কামৰ উপৰিও হিচাব-নিকাচ ৰখাৰ ক্ষেত্ৰত যি লিপি ব্যৱহাৰ কৰিছিল সেই লিপিকেই কাইথেলী লিপি হিচাপে জনা যায়। কায়স্থসকলে এই লিপি সংৰক্ষণ কৰা গুণে ইয়াৰ নাম কাইথেলী[3]। আনহাতে নামনি অসমত বাস কৰা কায়স্থসকলৰ বেছিভাগেই ‘লহকৰ’ উপাধি লিখি বাবে এই লিপিক লহকৰী লিপি নামেৰেও জনা গৈছিল। সেয়েহে এই দৃষ্টিভংগীৰ আমি এই শৈলীটোৰ নামকৰণক সম্প্ৰদায়গত বুলি ক’ব পাৰোঁ।

বিভিন্ন জন পণ্ডিতে কাইথেলী শৈলীৰ বিষয়ে কৰা বিশ্লেষণত ইয়াৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছে। এই বৈশিষ্ট্যবোৰ হ’ল –

  • ক) পাকৰ সংখ্যা অলপ বেছি হলেও এইবিধ আখৰ মুকুতা যেন ফটফটীয়া।
  • খ) এই শৈলীত লিখা শাৰীবোৰ ঠিক থাকিব আৰু আখৰবোৰ সমান সমানভাৱে থাকিব। আখৰবোৰ দীঘল-চুটি হব নোৱাৰে আৰু শাৰীৰ বৰ ঘনো নহয়, পাতলো নহয়।
  • গ) এই শৈলীত আখৰৰ ওপৰৰ টিকনিডাল (উ, ট, ঠ ইত্যাদিত) আৰু তলৰ ৰেখা বা ডাঁৰডাল সোঁফালৰ লম্ব ডাঁৰডালত সংলগ্ন গৈ আলংকাৰিকভাৱে বহুখিনি বঢ়াই টানি নিয়া দেখা যায়।
  • ঘ) এই শৈলীৰ আখৰৰ কোণবোৰ অতি স্পষ্ট আৰু কেতিয়াবা কেতিয়াবা ভূমিস্পৰ্শিত ৰেখাডালে ভুমিসংলগ্ন কোণ অতিক্ৰম কৰি এডাল পূচ্ছ ৰূপ লোৱা দেখা যায়।
  • ঙ) এই শৈলীত সুকীয়া সুকীয়া শব্দ বিভাজনৰ নিৰ্দেশ চকুত নপৰে। সাধাৰণতে শব্দবোৰ একেলগে লিখি যোৱা ধৰণৰ। অৱশ্যে ছন্দৰ ৰূপটো স্পষ্ট কৰিবলৈ কিছুমান পুথিত ছয়টা (দুলৰীৰ ক্ষেত্ৰত) বা আঠটা (ছবিৰ ক্ষেত্ৰত) আখৰৰ অন্তত সমান চিন দিয়া দেখা যায়।
  • চ) এই শৈলীত আখৰ লিখাৰ পূৰ্বে শিৰোৰেখাডাল টানি লৈ পিছত আখৰবোৰ লিখা হৈছিল, যাৰ বাবে শিৰোৰেখা থাকিব নলগীয়া আখৰতো শিৰোৰেখা দেখা পোৱা গৈছ।

আকৌ কাইথেলী শৈলীৰ বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গৈ মহেন্দ্ৰ বৰাই কৈছে যে ই মূলতঃ এবিধ অভিলেখিক শৈলী। হেমচন্দ্ৰ গোস্বামীয়ে Descriptive Catalogue of Assamese Manuscripts শীৰ্ষক গ্ৰন্থত কাইথেলী আৰু লহকৰী শৈলী মিলাই মুঠ ১২ খন পুথিৰ নাম অন্তৰ্ভুক্ত কৰিছে। এই শৈলীত লিখা দুখন উল্লেখযোগ্য গ্ৰন্থ হ’ল হস্তীবিদ্যাৰ্ণৱ আৰু কিতাবৎ মঞ্জৰী

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. দাস, নাৰায়ণ (২০১৭). বিশ্বলিপিৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ১৭৩. 
  2. Goswami, Hemchandra (1930). Descriptive Catalogue of Assamese Manuscripts. প্ৰকাশক Calcutta: University of Calcutta on behalf of the Government of Assam. পৃষ্ঠা. Preface P.XVIII. 
  3. 3.0 3.1 লেখাৰু, উপেন্দ্ৰ চন্দ্ৰ (১৯৫২). কথা-গুৰু চৰিত. প্ৰকাশক নলবাৰী: হৰিনাৰায়ণ দত্তবৰুৱা. পৃষ্ঠা. ৬২.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "কাইথেলী শৈলী" defined multiple times with different content