কাইল ৰিচাৰ্ডছ
| কাইল ৰিচাৰ্ডছ | |
|---|---|
২০২২ চনত ৰিচাৰ্ডছ | |
| জন্ম | কাইল এগান ৰিচাৰ্ডছ ১১ জানুৱাৰী, ১৯৬৯ (৫৭ বছৰ) হলিউড, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষা | চেণ্ট্ৰেল ইউনিয়ন হাইস্কুল |
| পেচা | অভিনেত্ৰী, চচিয়েললাইট, টেলিভিছন ব্যক্তিত্ব |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৪–বৰ্তমান |
| জনা যায় | দ্য ৰিয়েল হাউচৱাইফছ অৱ বেভাৰ্লী হিলছ, হেল’উইন, দ্য ৱাটচাৰ ইন দ্য উডছ |
| দাম্পত্যসঙ্গী | গুৰাইশ আলজুফ্ৰী (বিবাহ ১৯৮৮; বিচ্ছেদ ১৯৯২), মৰিচিঅ’ উমানস্কি (বিবাহ ১৯৯৬; বিচ্ছেদ ২০২৩) |
| সন্তান | ৪ |
| আত্মীয়-স্বজন | কিম ৰিচাৰ্ডছ (ভনী), কেথী হিলটন (সতীয়া ভনী), পেৰিছ হিলটন (ভতিজী), নিকি হিলটন ৰথচাইল্ড (ভতিজী), এষ্টেলা স্নেইডাৰ (শাহু) |
কাইল এগান ৰিচাৰ্ডছ উমানস্কি (জন্ম: ১১ জানুৱাৰী ১৯৬৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, চচিয়েললাইট আৰু টেলিভিছন ব্যক্তিত্ব।[1][2] ২০১০ চনৰ পৰা তেওঁ দ্য ৰিয়েল হাউচৱাইফছ অৱ বেভাৰ্লী হিলছৰ এগৰাকী মুখ্য সদস্য হিচাপে উপস্থিত হৈছে আৰু ২০২০ চনৰ পৰা তেওঁ এই অনুষ্ঠানটোৰ একমাত্ৰ মূল পূৰ্ণকালীন সদস্য হিচাপে আছে। তেওঁ এই ফ্ৰেঞ্চাইজিৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় ধৰি থকা হাউচৱাইফ।[3]
তেওঁ এগৰাকী শিশু অভিনেত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ লিটল হাউচ অন দ্য প্ৰেইৰীত এটা চৰিত্ৰত অভিনয় কৰাৰ লগতে টোবে হুপাৰৰ ইটেন এলাইভ (১৯৭৬), দ্য কাৰ (১৯৭৭) আৰু ৱাল্ট ডিজনিৰ দ্য ৱাটচাৰ ইন দ্য উডছ (১৯৮০) আদিকে ধৰি কেইবাখনো দুঃসাহসিক আৰু ভৌতিক ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ জন কাৰ্পেণ্টাৰৰ হেল’উইন (১৯৭৮) আৰু পৰৱৰ্তী সময়ত হেল’উইন কিলছ (২০২১) আৰু ইয়াৰ পৰৱৰ্তী খণ্ড হেল’উইন এণ্ডছ (২০২২)-ত লিন্ডচে ৱালেচৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৭ চনত তেওঁ দ্য নিউ চেলিব্ৰিটি এপ্ৰেন্টিচত এগৰাকী প্ৰতিযোগী আছিল আৰু তাত তেওঁ লছ এঞ্জেলছৰ চিলড্ৰেনছ হাস্পতালৰ বাবে খেলিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৬৯ চনৰ ১১ জানুৱাৰীত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ হলিউডত ৰিচাৰ্ডছৰ জন্ম হৈছিল।[4] তেওঁ কেথলিন মেৰী ৰিচাৰ্ডছ আৰু অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল কেনেথ এডউইন ৰিচাৰ্ডছৰ কন্যা।[5][6] নিউয়ৰ্ক জায়েণ্টছৰ ফুটবল খেলুৱৈ কাইল ৰোটৰ নামেৰে তেওঁৰ নাম ৰখা হৈছিল।[7]
ৰিচাৰ্ডছ তিনিগৰাকী ভগ্নীৰ ভিতৰত কনিষ্ঠ। তেওঁৰ জ্যেষ্ঠ সতীয়া ভগ্নী কেথী হিলটন (জন্ম ১৯৫৯) আৰু আনগৰাকী ভগ্নী হ’ল কিম ৰিচাৰ্ডছ (জন্ম ১৯৬৪)।[8] ইয়াৰ উপৰিও পিতৃৰ ফালৰ পৰা তেওঁৰ আন তিনিগৰাকী সতীয়া ভাই-ভগ্নী আছে। কেথীৰ ফালৰ পৰা ৰিচাৰ্ডছ হ’ল পেৰিছ হিলটন আৰু নিকি হিলটন ৰথচাইল্ডৰ মাহী।[9]
১৯৭২ চনত ৰিচাৰ্ডছৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়। তেওঁৰ মাতৃয়ে তিনি গৰাকী কন্যাৰ তত্ত্বাৱধানৰ দায়িত্ব লৈছিল। পিতৃৰ সৈতে একেলগে নাথাকিলেও ৰিচাৰ্ডছৰ দেউতাকৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল।[10] তেওঁৰ মাতৃয়ে পিছলৈ দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল।
এগৰাকী শিশু অভিনেতা হোৱাৰ বাবে ৰিচাৰ্ডছে নিজৰ শৈশৱক "অগতানুগতিক" বুলি অভিহিত কৰিছে। তেওঁৰ মাতৃয়ে কন্যাকেইগৰাকীৰ অভিনয়ৰ এজেন্ট হিচাপে কাম কৰিছিল।[11] ৰিচাৰ্ডছ সৰু থাকোঁতে লাজকুৰীয়া আছিল যদিও তেওঁৰ লাজকুৰীয়া স্বভাৱ আঁতৰাবলৈ মাতৃয়ে তেওঁক ভগ্নীসকলৰ দৰেই অভিনয়ৰ ক্ষেত্ৰখনলৈ ঠেলি দিছিল।[12] তেওঁৰ শৈশৱ মহিলাৰ প্ৰাধান্য থকা এটা ঘৰত অতিবাহিত হৈছিল। তেওঁ নিজৰ মাতৃৰ দৃঢ় আৰু শক্তিশালী মানসিকতাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kang, Esther (2024-01-11). "Kyle Richards' Loved Ones Celebrate Her 55th Birthday with Heartfelt Tributes: 'You Empower Everyone Around You'" (en ভাষাত). People.com. https://people.com/kyle-richards-celebrates-55th-birthday-tributes-from-loved-ones-8424145। আহৰণ কৰা হৈছে: 2025-12-17.
- ↑ Carley, Brennan (2021-10-14). "Don't Ever Count Kyle Richards Out" (en-us ভাষাত). The Cut. https://www.thecut.com/2021/10/dont-ever-count-rhobh-kyle-richards-out.html। আহৰণ কৰা হৈছে: 2021-11-09.
- ↑ Reed, Anika (2025-12-05). "Kyle Richards never thought she would make 'Real Housewives' history" (en-US ভাষাত). USA TODAY. https://www.usatoday.com/story/entertainment/tv/2025/12/05/kyle-richards-rhobh-real-housewives-interview/87541695007/। আহৰণ কৰা হৈছে: 2025-12-17.
- ↑ "Kyle Richards - Actress, Socialite, Personality" (en-US ভাষাত). TV Insider. 2025-12-11. https://www.tvinsider.com/people/kyle-richards/। আহৰণ কৰা হৈছে: 2025-12-17.
- ↑ Casablanca, Ted (March 23, 2010). "Are You Ready for Another Hilton Takeover?". E! Online. http://www.eonline.com/news/172889/are-you-ready-for-another-hilton-takeover। আহৰণ কৰা হৈছে: June 26, 2013.
- ↑ Oppenheimer, Jerry (November 7, 2006). House of Hilton. Crown. ISBN 9780307351951. https://books.google.com/books?id=6pd84XvouoQC&q=%22Kenneth+Edwin+Richards%22&pg=PT77.
- ↑ Feiner, Abby (November 9, 2020). "Wendy Osefo Reveals She Was Named After the Fast Food Chain: Here's Why". Bravo TV. https://www.bravotv.com/the-real-housewives-of-potomac/style-living/wendy-osefo-reveals-she-was-named-after-wendys। আহৰণ কৰা হৈছে: November 9, 2020.
- ↑ Vivinetto, Gina (2024-03-21). "Kyle Richards, Kim Richards and Kathy Hilton's sisterly ups and downs, explained" (en ভাষাত). TODAY.com. https://www.today.com/popculture/tv/kathy-hilton-kyle-richards-kim-richards-sisters-feud-timeline-rcna143228। আহৰণ কৰা হৈছে: 2025-12-16.
- ↑ Khalifeh, Mona (2021-10-17). "Paris Hilton Celebrates Bridal Shower With 'RHOBH' Cast" (en-US ভাষাত). Entertainment Tonight. https://www.etonline.com/paris-hilton-celebrates-bridal-shower-with-mom-kathy-hilton-aunt-kyle-richards-and-more-rhobh-cast। আহৰণ কৰা হৈছে: 2025-12-16.
- ↑ Corinthios, Aurelie (2018-06-05). "Kyle Richards Opens Up About Her Dad Divorcing Her Mom: 'She Didn't Even Have a Checkbook'" (en ভাষাত). People.com. https://people.com/tv/kyle-richards-dad-abandoned-mom-american-woman/। আহৰণ কৰা হৈছে: 2025-12-16.
- ↑ Villarreal, Yvonne (2018-05-31). "'American Woman' is Kyle Richards' love letter to her late mom" (en-US ভাষাত). Los Angeles Times. https://www.latimes.com/entertainment/tv/la-ca-st-sunday-conversation-kyle-richards-20180531-story.html। আহৰণ কৰা হৈছে: 2025-12-16.
- ↑ "Kyle Richards on Childhood Fame and Producing ‘American Woman’". EdMovieGuide. March 27, 2018. https://www.edmovieguide.com/news/kyle-richards-on-childhood-fame-and-producing-american-woman-423686/। আহৰণ কৰা হৈছে: December 15, 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Kyle Richards সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- কাইল ৰিচাৰ্ডছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Kyle Richards Facebook page