সমললৈ যাওক

কাই চাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাই চাং
জন্ম ১৪ মে', ১৯০০
চীন
মৃত্যু ১১ ছেপ্টেম্বৰ, ১৯৯০ (৯০ বছৰ)
ৰাষ্ট্ৰীয়তা চীনা
জনা যায় সৰ্বচীন মহিলা ফেডাৰেচনৰ প্ৰথমগৰাকী নেত্ৰী
ৰাজনৈতিক দল চীনা কমিউনিষ্ট দল
দাম্পত্যসঙ্গী লি ফুচুন

কাই চাং (১৪ মে' ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৯০)[1][2] এগৰাকী চীনা ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল; যি চীনৰ মহিলা অধিকাৰ সংগঠন অল-চাইনা মহিলা ফেডাৰেচনৰ প্ৰথম অধ্যক্ষ আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯২১ চনত কাই চীনলৈ উভতি আহি শাৰীৰিক শিক্ষাৰ শিক্ষয়িত্ৰী হ’বলৈ অধ্যয়ন কৰে। কেইবাবছৰ আগতে পঢ়া ঝৌনান গাৰ্লছ স্কুলত চাৰি বছৰ ধৰি শিক্ষকতা কৰিছিল। এই সময়ছোৱাত তেওঁ চীনা কমিউনিষ্ট পাৰ্টি (CCP)ত যোগদান কৰে।[2]

১৯২৫ চনত কাইয়ে শিক্ষকতাৰ চাকৰি এৰি কুওমিন্টাঙৰ কেন্দ্ৰীয় মহিলা বিভাগত কাম কৰে। দুবছৰৰ পিছত ছিয়াং জিংয়ুৰ অনুপস্থিতিত নেতৃত্ব দি কেন্দ্ৰীয় মহিলা সমিতিত যোগদান কৰে। ১৯৩০ চনৰ বিবাহ হুকুমনামা সৃষ্টি কৰাত সহায় কৰিছিল, য'ত ঘোষণা কৰা হৈছিল যে "মুক্ত পছন্দ প্ৰতিটো বিবাহৰ মূল নীতি হ'ব লাগিব।"[3] ১৯৩১ চনৰ অস্থায়ী সংবিধান লিখাতো তেওঁ সহায় কৰিছিল। ১৯৩৪ চনৰ পৰা ১৯৩৫ চনলৈকে তেওঁ লং মাৰ্চত স্বামী লি ফুচুনৰ সৈতে যোগদান কৰে।[2]

১৯৪৯ চনৰ পিছত চীনত কাই সুপৰিচিত হৈছিল, য’ত তেওঁ পিপলছ ৰিপাব্লিক অৱ চাইনাৰ অধীনত অল-চাইনা উইমেনছ ফেডাৰেচন (ACWF)ৰ নেতৃত্ব দিছিল। এচিডব্লিউএফত তেওঁৰ কামৰ এটা অংশ আছিল বৈজ্ঞানিক আৰু সাংস্কৃতিক উন্নতিৰ ক্ষেত্ৰত বিশেষ সুবিধাপ্ৰাপ্ত মহিলাসকলক অগ্ৰণী ভূমিকা গ্ৰহণ কৰাত সহায় কৰাৰ কৌশল তৈয়াৰ কৰা। ইয়াৰ ফলত অৱশ্যে তেওঁৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল, কিয়নো ই চিচিপিৰ মতামতক সমৰ্থন কৰিছিল যিয়ে নাৰী মুক্তিৰ তুলনাত প্ৰযুক্তিগত আৰু অৰ্থনৈতিক উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু কেৱল শক্তিশালী মহিলাসকলকহে সুবিধা প্ৰদান কৰিছিল; ই নিম্নবৰ্গৰ মহিলাসকলক সহায় কৰা নাছিল, বৰঞ্চ তেওঁলোকক যুদ্ধৰ পূৰ্বৰ ভূমিকালৈ ঘূৰাই আনিছিল।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "1990年9月11日 蔡畅因病在北京逝世--资料中心--中国共产党新闻网". People's Daily. http://cpc.people.com.cn/GB/64162/64165/70293/70304/4799711.html আহৰণ কৰা হৈছে: 2018-11-19.
  2. 1 2 3 4 Rappaport, Helen (2001). "Cai Chang". Encyclopedia of Women Social Reformers. Santa Barbara, California: ABC-CLIO, Inc. pp. 125–126. ISBN 1-57607-581-8.
  3. "Decree Regarding Marriage". Maoist Documentation Projectwww.marxists.org. https://www.marxists.org/reference/archive/mao/selected-works/volume-6/mswv6_12.htm.