কাকা (শ্ৰুতিকথা)
কাকা (ইংৰাজী: Caca) বা কেচিয়া (ইংৰাজী: Cacia) প্ৰাচীন ৰোমান ধৰ্ম আৰু শ্ৰুতিকথা অনুসৰি ভলকানৰ পুত্ৰ কেকাছৰ দৈত্য ভগ্নী যিয়ে হাৰকিউলিছৰ পশ্চিমীয়া শ্ৰমৰ সময়ত তেওঁৰ পৰা গৰু চুৰি কৰিছিল। কাকাই নিজৰ ভাতৃক বিশ্বাসঘাতকতা কৰে আৰু হাৰকিউলিছক গৰুবোৰ লুকুৱাই থোৱা ঠাইখিনি দেখুৱাই দিছিল, যিয়ে পাছলৈ গেৰিয়ানৰ পৰা গৰু চুৰ কৰিছিল।
লেক্টেণ্টিয়াছ[1] আৰু চাৰ্ভিয়াছৰ মতে[2] কাকাই দেৱতাৰ প্ৰতি কৰা সেৱাৰ স্বীকৃতি স্বৰূপে দেৱতা হিচাপে উৎকৰ্ষ লাভ কৰিছিল।
ৰোমান দেৱতাৰ প্ৰতি তেওঁৰ ধাৰণাগত দৃষ্টিভংগীত মাইকেল লিপকাই কেকাছ আৰু কাকাক লিংগৰ দ্বাৰা পৃথক কিন্তু আত্মীয়তাৰ দ্বাৰা বান্ধ খাই থকা ঐশ্বৰিক যুটিৰ অন্যতম উদাহৰণ হিচাপে উল্লেখ কৰিছে, যিদৰে লিবেৰা লিবাৰৰ ভগ্নী আৰু ফাউনা ফাউনাছৰ কন্যা, ভগ্নী বা পত্নী আছিল। লিপকাই কৈছে যে এই দেৱতাসকল যুটি হিচাপে অস্তিত্বলৈ অহা নাছিল, বৰঞ্চ তেওঁলোকৰ প্ৰভাৱৰ ক্ষেত্ৰখনৰ ভিতৰত পৰিপূৰক লিংগৰ ভাৰসাম্য প্ৰদান কৰিবলৈ বিকশিত হৈছিল।
কাকাৰ নাম প্ৰাচীন উৎসবোৰত পলমকৈ উল্লেখ হোৱাৰ পিছতো কাকা সম্ভৱতঃ এগৰাকী পুৰণি ৰোমান দেৱী আছিল। ছাৰ্ভিয়াছে কয় যে তেওঁৰ এটা চেচেলাম (মন্দিৰ) আছিল, যিটো সম্ভৱতঃ ৰোমত অৱস্থিত আছিল,[3] য'ত ভেষ্টালৰ সংস্থাৰ জৰিয়তে তেওঁৰ নামত বলিদান দিয়া হৈছিল। এইদৰে তেওঁক এক প্ৰকাৰৰ "প্ৰ'ট'-ভেষ্টা" (এগৰাকী অগ্নিদেৱী যিয়ে তেওঁৰ ভাতৃৰ ভলকানৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা জুই-নিৰ্গত কৰাৰ ক্ষমতা ভাগবতৰা কৰিছিল) হিচাপে চিত্ৰিত কৰা হৈছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Lactantius, Divine Institutes 1.20.36: "There is also the cult of Caca, who told Hercules his cattle had been stolen: she achieved divinity by betraying her brother" (colitur et Caca, quae Herculi fecit indicium de furto boum, diuinitatem consecuta, quia prodidit fratrem), English translation by Anthony Bowen and Peter Garnsey, Lactantius: Divine Institutes (Liverpool University Press, 2003), p. 106.
- ↑ Servius, note to Aeneid 8.190: "His own sister, who had the same name, betrayed him: hence she earned a shrine in which sacrifices were made to her through the agency of the Vestal Virgins" (hunc soror sua eiusdem nominis prodidit: unde etiam sacellum meruit, in quo ei per virgines Vestae sacrificabatur).
- ↑ Michael Lipka, Roman Gods: A Conceptual Approach (Brill, 2009), pp. 141–142, citing also Jocelyn Penny Small, Cacus and Marsyas in Etrusco-Roman Legend (Princeton University Press, 1982), pp. 32–34.
- ↑ Mark Marinčič, "Roman Archaeology in Vergil's Arcadia (Vergil Eclogue 4; Aeneid 8; Livy 1.7)," in Clio and the Poets: Augustan Poetry and the Traditions of Ancient Historiography (Brill, 2002), p. 158.