সমললৈ যাওক

কাঞ্চনা মেণ্ডিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাঞ্চনা মেণ্ডিছ
කාංචනා මෙන්ඩිස්
জন্ম ২৪ জুন, ১৯৮০ (৪৬ বছৰ)
নেগোম্বো, শ্ৰীলংকা
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান
দাম্পত্যসঙ্গী ৰোচন ৰাণাৱাকা (বি. ২০০৯)
সন্তান ৩
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰী
আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী

কাঞ্চনা মেণ্ডিছ (জন্ম: ২৪ জুন ১৯৮০) এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ মূলতঃ ৰাজ্য সেৱায় পিণিছাই, ৰোজা বসন্তে আদি বোলছবি আৰু দামিনী তথা চাকমান মালুৱা আদি ধাৰাবাহিকৰ চৰিত্ৰৰ বাবে পৰিচিত।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কাঞ্চনাৰ মাত্ৰ দুবছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ ঘটে।[2] ২০০৯ চনত তেওঁ ৰোচন ৰাণাৱাকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3] এই দম্পতীটিৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে যুক্তৰাজ্যত বাস কৰে।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৯৮ চনত নিঞ্জা মহ মহ খেদা কয়েলৰ (Ninja Mosquito Coil) বিজ্ঞাপনটোৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ১২ বছৰ বয়সতে ধৰ্মসেনা পথিৰাজাৰ নিৰ্দেশনাত নিৰ্মিত সুবা অনাগাথয়াক ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল।[5] ২০০০ চনত উদয়কান্ত ৱৰ্ণাসূৰ্যৰ নিৰ্দেশনাত নিৰ্মিত ৰাজ্য সেৱায় পিণিছাই বোলছবিৰ জৰিয়তে তেওঁ মূলসুঁতিৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও তেওঁ বৰ্ণজালম নামৰ এখন তামিল ছবিৰ লগতে কনগলল কাই ৰাছি নামৰ ছবিতো অভিনয় কৰিছে।[2] তেওঁ ধৰ্ম সংগ্ৰাময়া আৰু অনঙ্গ বাম্বাৰু আদি কেইখনমান মঞ্চ নাটকো কৰিছে।[6]

২০০৩ চনত শ্ৰীলংকাৰ নেচনেল লটাৰী বোৰ্ডৰ ৪০ বছৰীয়া জয়ন্তীৰ বিশেষ লটাৰী টিকটৰ বাবে তেওঁক 'ব্ৰেণ্ড এম্বেচেডৰ' হিচাপে বাছনি কৰা হয়। একে বছৰতে তেওঁ আৰ্টস্কোপত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ সুমথি টেলি বঁটা (Sumathi Tele award) লাভ কৰে।

নিৰ্বাচিত টেলিভিছন ধাৰাবাহিকসমূহ

[সম্পাদনা কৰক]
  • অকৰদৰুৱা
  • অম্বু দৰুৱা[6]
  • আপুৰু সোলাদাদুগুৱা
  • আত্ম সেনেহাচা
  • ভাৰ্যাৱো
  • বিন্দেনা বন্দুমা
  • বোপাথ চাক্কিয়া
  • দহাচ গৌদুৰা
  • দামিনী
  • দাথ কেকুলু পালা
  • দেৰাণা
  • দেয়িংগে কামাথথা
  • ডু দৰুৱা
  • ফেণ্টাছী এভিনিউ
  • গিৰিকুলা
  • গুৰু গীতায়া
  • হেমান্থায়ে বসন্তয়াক
  • ইন্দ্ৰচাপা
  • ইচুৰুয়োগয়া
  • কিন্দুৰু নদীয়া
  • কুলাৱান্থায়ো
  • মহাগেদাৰা
  • মহাতালা হাতানা
  • মকৰন্দ
  • মল ইথানা
  • মায়া মানচালা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Sakman Maluwa : An allegorical garden". Sunday Observer. http://archives.sundayobserver.lk/2003/11/23/fea12.html। আহৰণ কৰা হৈছে: 25 August 2019.
  2. 1 2 "Kanchana : A new star is born". Daily News. http://archives.dailynews.lk/2003/12/24/arts13.html। আহৰণ কৰা হৈছে: 25 August 2019.
  3. ↑ "This life is not easy - Kanchana Mendis". Hiru FM. http://gossip.hirufm.lk/20327/2018/01/kanchana-mendis.html। আহৰণ কৰা হৈছে: 25 August 2019.
  4. ↑ "It was only after three years that I came back to Sri Lanka - Kanchana Mendis". rajagossip. https://www.rajagossip.com/kanchana-mendis/। আহৰণ কৰা হৈছে: 25 August 2019.[সংযোগবিহীন উৎস]
  5. ↑ "Famous Actresses - Kanchana Mendis". The Island. http://www.island.lk/2001/04/29/leisur03.html। আহৰণ কৰা হৈছে: 25 August 2019.
  6. 1 2 "Dancer turned actress". infolanka. http://www.infolanka.com/org/srilanka/enter/7.htm। আহৰণ কৰা হৈছে: 25 August 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]