সমললৈ যাওক

কাটলেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাটলেট

শাক-পাচলি দি বনোৱা একপ্ৰকাৰৰ কাটলেট
প্ৰকাৰ জলপান
অঞ্চল যুক্তৰাজ্য, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ভাৰত, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, অষ্ট্ৰিয়া, অষ্ট্ৰেলিয়া, ইৰান, আফগানিস্তান, ইটালী, জাৰ্মানী, হংকং, জাপান
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান আলু, ময়দা, তেল, বেছন, কণী, মাংস অথবা শাক-পাচলি

কাটলেট হৈছে মাংস বা শাক-পাচলিৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ খাদ্য, যাক কণীত ডুবাই, তাৰপাছত ব্ৰেডক্ৰাম্ব বা বিস্কুটৰ গুড়িৰ সৈতে মিহলাই তেলত ডুবাই ভজা হয়। উপমহাদেশীয় ধৰণৰ আলু বা মাংসৰ কাটলেট সাধাৰণতে কম তেলত ভজা হয়।[1]ভাৰত উপমহাদেশত, বিশেষকৈ পশ্চিমবংগত একপ্ৰকাৰৰ জনপ্ৰিয় জলপান।

খাহীৰ মাংসৰ আফগানী কাটলেট

“Cutlet” শব্দটো ফ্ৰান্স শব্দ côteletteৰপৰা আহিছে আৰু প্ৰথমবাৰ ১৬৮২ চনত ব্যৱহৃত হৈছিল।[1] তাৰপাছৰপৰা ই ফ্ৰান্স, ইটালী, আমেৰিকা, ভাৰত আদি বহু ৰান্ধনশৈলীত অন্তৰ্ভুক্ত হৈছে।

উপমহাদেশত কাটলেট সাধাৰণতে মাংস (যেনে খাহী ছাগলী, গৰু, মাছ বা কুকুৰাৰ মাংসৰে তৈয়াৰ কৰা হয়।[1] আলু সিজাই ভৰ্তা কৰি পেটী আকাৰত গঢ়ি, তেলত সোণালী ৰঙৰ হোৱা পৰ্যন্ত ভজা হয়। মাংসৰ লগত পিঁয়াজ, জিৰা, জালুক, গৰম মচলা, ধনিয়া, কেঁচা জলকীয়া, ৰঙা জলকীয়া গুঁড়ি আদি মচলা মিহলাই তৈয়াৰ কৰা হয়। নিৰামিষ কাটলেটত মাংস ব্যৱহাৰ কৰা নহয়; ইয়াত মূল উপকৰণ হিচাপে আলু থাকে, আৰু একে ধৰণৰ আহাৰকেই আলু টিক্কী বুলিও কোৱা হয়।[1]

  1. চবজি/নিৰামিষ কাটলেট — সিজোৱা আলু, কুঁচি কৰি লোৱা বন্ধাকবি আৰু গাজৰৰ লগত সিজোৱা মটৰ মিহলাই বেছনৰ সৈতে তেলত ভজা হয়।[2]
  2. চিকেন কাটলেট — কুকুৰাৰ মাংসৰে তৈয়াৰী, চাটনি বা টমেটো চচৰ সৈতে পৰিৱেশন কৰা হয়।[2]
  3. মাছৰ কাটলেট — মাছক মচলা আৰু আলুৰ লগত মিহলাই, পেটী আকাৰত গঢ়ি তেলত ভাজা হয়। বাংলা ভাষী অঞ্চলত ইয়াক মাছেৰ চপ বুলিও কোৱা হয়।[3]
  4. কবিৰাজি কাটলেটকলকাতাৰৰ কফি হাউছ আৰু কেবিনবোৰত বিশেষ জনপ্ৰিয় আছিল।[4]
  5. পনীৰ কাটলেটপনীৰ আৰু আলুৰে মিশ্ৰণ কৰি তৈয়াৰ কৰা অত্যন্ত স্বাদযুক্ত কাটলেট।[2]

ৰন্ধন প্ৰণালী

[সম্পাদনা কৰক]
  • চিকেনৰ কিমা – ২৫০ গ্ৰাম
  • পিঁয়াজ কুচি – ১টা
  • আদা-নহৰু বাটা – ১ চামুচকৈ
  • ধনিয়া পাত কুচি – ৩ টেবুলচামুচ
  • কেঁচা জলকীয়া – ২-৩টা
  • গৰম মচলা, জালুক, চাট মচলা, নিমখ – প্ৰয়োজন অনুসৰি
  • ব্ৰেডক্ৰাম্ব – ২ টেবুলচামুচ

প্ৰলেপৰ বাবে — কণী ৩টা, ময়দা ২ চামুচ, নিমখ আৰু জালুক সামান্য।

প্ৰণালী

[সম্পাদনা কৰক]

চিকেনৰ কিমা, পিঁয়াজ, আদা-নহৰু, জলকীয়া, ধনিয়া, মচলা আদি মিহলাই এক ঘণ্টা ফ্ৰিজত ৰাখিব। তাৰপাছত পছন্দমতে আকাৰ দি কাটলেট বনাব, ব্ৰেডক্ৰাম্ব সানিব, কণী তেলত ডুবাই ভাজিব। দুয়োফাল সোণালী হোৱা পৰ্যন্ত ভাজি, চচ বা চাটনীৰ সৈতে পৰিৱেশন কৰিব।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Food Stories: The cutlet" (en ভাষাত). Dawn.comDawn. https://www.dawn.com/news/1178707 আহৰণ কৰা হৈছে: 2020-04-26.
  2. 1 2 3 "Top 20 Types of Cutlets" (en ভাষাত). Crazy Masala Food. https://www.crazymasalafood.com/top-20-types-of-cutlets/ আহৰণ কৰা হৈছে: 2020-04-26.
  3. "Fish Cutlets Recipe" (en ভাষাত). NDTV Food. Archived from the original on 2019-07-04. https://web.archive.org/web/20190704092602/https://food.ndtv.com/recipe-fish-cutlets-231928 আহৰণ কৰা হৈছে: 2020-04-26.
  4. "12 Cutlet Recipes: Evening Snacks" (en ভাষাত). BoldSky. https://www.boldsky.com/cookery/soups-snacks-drinks/deep-fried-snacks/twelve-cutlet-recipes-evening-snack/articlecontent-pf18413-035040.html আহৰণ কৰা হৈছে: 2020-04-26.
  5. "কবিৰাজি কাটলেটৰ ৰেচিপি" (bn ভাষাত). Femina. https://m.femina.in/bengali/food/recipes/make-lip-smacking-coverage-cutlet-at-home-1632.html আহৰণ কৰা হৈছে: 2020-04-26.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]