সমললৈ যাওক

কাদম্বৰী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাদম্বৰী

ছবিৰ পোষ্টাৰ
পৰিচালক সুমন ঘোষ
ৰচনা সুমন ঘোষ
অভিনয়ত See below
চিত্ৰগ্ৰহণকাৰী বৰুণ মুখোপাধ্যায়
সম্পাদনা সুজয় দত্তৰায়
সংগীত পৰিচালক বিক্ৰম ঘোষ
মুক্তি
৮ মে' ২০১৫ (2015-05-08) (ভাৰত)
দৈৰ্ঘ্য
৮৭ মিনিট
দেশ ভাৰত
ভাষা বাংলা

কাদম্বৰী (ইংৰাজী: Kadambari ) হ'ল ২০১৫ চনত মুক্তিপ্ৰাপ্ত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক হ'ল সুমন ঘোষ আৰু প্ৰযোজক ৰাকেশ সিং। এই ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী কাদম্বৰী দেৱীৰ বায়’পিক। কঙ্কনা সেন শৰ্মা আৰু পৰমব্ৰত চট্টোপাধ্যায়ে এই চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিছে।[1][2][3][4]

এই চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী আৰু দেবেন্দ্ৰনাথ ঠাকুৰৰ বোৱাৰী কাদম্বৰী দেৱীৰ বায়’পিক। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ কাদম্বৰী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৮৬৮ চনত কাদম্বৰী যেতিয়া জোড়াসাঁকোৰ ঠাকুৰবাড়িলৈ‍ ন-কইনা হৈ আহিছিল তেতিয়া ৰবীন্দ্ৰনাথৰ বয়স আছিল সাত বছৰ। কাদম্বৰী তেওঁতকৈ বয়সত দুবছৰৰ ডাঙৰ আছিল। অলপ দিনৰ ভিতৰতে ৰবীন্দ্ৰনাথ কাদম্বৰীৰ বন্ধু আৰু খেলাৰ সঙ্গীত পৰিণত হৈছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক বহু কবিতা আৰু গীত ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ১৮৮৩ চনৰ ৯ ডিচেম্বৰত ৰবীন্দ্ৰনাথ মৃণালিনী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহৰ চাৰি মাহৰ পাছত ১৮৮৪ চনৰ ২১ এপ্ৰিলত কাদম্বৰী দেৱীয়ে আত্মহত্যা কৰিছিল। পৰিচালকে চলচ্চিত্ৰখনত এই ঘটনাসমূহকেই উত্থাপন কৰি‍ বিশেষভাৱে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু কাদম্বৰী দেৱীৰ সম্পৰ্ক উল্লেখ কৰিছে।

অভিনেতা আৰু অভিনেত্ৰী

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Konkona plays Kadambari Debi in Suman Ghosh’s film" (ইংৰেজি ভাষাত). The Indian Express. 28 November 2014. http://indianexpress.com/article/entertainment/screen/konkona-plays-kadambari-debi-in-suman-ghoshs-film/. 
  2. "Kadambari Movie Review, Trailer, & Show timings at Times of India" (ইংৰেজি ভাষাত). The Times of India. 4 January 2016. http://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/Kadambari/movie-review/47284899.cms. 
  3. "'কাদম্বৰী': ৰবি জীৱনেৰ ধ্ৰুবতাৰা যখন পৰ্দায়". বিডিনিউজ টোয়েণ্টিফোৰ ডটকম. 4 January 2016. Archived from the original on 27 November 2015. https://web.archive.org/web/20151127153158/http://bangla.bdnews24.com/glitz/article1007110.bdnews. 
  4. "আমাৰ প্ৰাণেৰ পৰে চলে গেল কে". আনন্দবাজাৰ পত্ৰিকা. 4 January 2016. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304080033/http://archives.anandabazar.com/archive/1130802/2ananda-plus2.html.