সমললৈ যাওক

কানন গীল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কানন গীল

মে', ২০১৯ চনত গীল
জন্ম ২৪ ডিচেম্বৰ, ১৯৮৯ (৩৫ বছৰ)
বৰেলী, উত্তৰপ্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান এম এছ ৰমাইয়া ইনষ্টিটিউট অৱ টেকন’লজি ইঞ্জিনিয়াৰিঙত স্নাতক
পেচা ষ্টেণ্ড আপ কমেডিয়ান
অভিনেতা
ইউ টিউবাৰ
সক্ৰিয় হৈ থকা সময় ২০১৩ – বৰ্তমানলৈকে

কানন সিং গিল (ইংৰাজী: Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰপাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ[1] ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে। গীল ইউটিউব কমেডী হাণ্টৰ আঁৰৰ অন্যতম মূল ব্যক্তিত্ব আছিল আৰু ইউটিউব ফেনফেষ্ট ইণ্ডিয়াৰ সহ-আয়োজক আছিল। ২০১৭ চনত তেওঁ নিজৰ এঘণ্টীয়া কমেডী বিশেষ, কিপ ইট ৰিয়েল আমাজন প্ৰাইম ভিডিঅ'ত মুকলি কৰে।.[2] সোণাক্ষী সিনহাৰ সৈতে নূৰ চিনেমাৰ জৰিয়তে তেওঁ চিনেমা জগতত অভিষেক ঘটায়। ২০১৮ চনত তেওঁ আমাজন প্ৰাইম ভিডিঅ’ৰ কমেডী ৰিয়েলিটি টিভি শ্ব’ কমিকষ্টানত বিচাৰক হিচাপেও কাম কৰিছিল। তেওঁৰ নতুন ষ্টেণ্ড আপ বিশেষ Is this it? ২০২৪ চনত ইউটিউবত মুকলি হৈছিল।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বৰেলীৰ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা কাননে প্ৰাৰম্ভিক বছৰবোৰ ডেৰাডুন আৰু দিল্লীত কটায়। তেওঁৰ পিতৃ ভাৰতীয় সেনাৰ এজন বিষয়া৷ তেওঁৰ নাম ৰণজিৎ সিং গীল৷ তেওঁ বাংগালুৰুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ অধ্যক্ষও আছিল। সৰুতে গীল বেংগালুৰুলৈ আহে। তেওঁ নতুন দিল্লীৰ আহলকন পাব্লিক স্কুল আৰু বেংগালুৰুৰ দ্য ফ্ৰেংক এণ্টনি পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।[4] তেওঁ বি.ই. এম এছ ৰমাইয়া ইনষ্টিটিউট অৱ টেকন’লজিত কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী লাভ কৰে। তেওঁ এটা বেণ্ডৰ অংশ আছিল য'ত তেওঁ পিছলৈ গীত লিখিবলৈ আৰম্ভ কৰাৰ সময়ত মুখ্য গায়ক হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

কাননে এক্সেটাৰ গ্ৰুপ ইনকৰ্পৰেশ্যনত তিনি বছৰ ধৰি চফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰিছিল।[5] ইয়াৰ মাজতে তেওঁ পাঞ্চলাইন বেংগালুৰু নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়লাভ কৰে আৰু তাৰ পিছত মুম্বাইৰ কমেডী ষ্ট’ৰত আন এক জয় লাভ কৰে। ইয়াৰ পিছত তেওঁ চাকৰি এৰি কমেডীত কেৰিয়াৰ গঢ়িবলৈ লয়।

ভাইৰেল ইউটিউব ধাৰাবাহিক প্ৰেটেন্সিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। তেওঁ বিশ্ব কল্যাণ ৰথৰ সৈতে সমালোচনাত্মকভাৱে জনপ্ৰিয় হিন্দী চিনেমাসমূহৰ পৰ্যালোচনা কৰিছিল। কানানে এটা ইম্প্ৰভাইজড স্কেচ কমেডী শ্ব' দ্য লিভিং ৰুম অন কমেডী চেণ্ট্ৰেলতো কাম কৰিছিল।[6][7][8][9][10][11][12][13][14][15] ২০১৭ চনত গীলে সোণাক্ষী সিনহাৰ সৈতে সুনহিল চিপ্পীৰ ছবি নূৰত অভিষেক ঘটায়।[16] সেই বছৰতে গীলে তেওঁৰ বিশেষ কিপ ইট ৰিয়েল আমাজন প্ৰাইম ভিডিঅ'ত মুকলি কৰে।[17] ২০২০ চনত তেওঁৰ বিশেষ 'Yours Sincerely' নেটফ্লিক্সত মুক্তি পাইছিল।

২০২৩ চনত তেওঁ ইডা উৰচিন-হলমৰ সৈতে ক্ৰীছমাছ এজ ইউজুৱেল নামৰ নৰৱেৰ ৰোমাণ্টিক কমেডী ছবিখনতো অভিনয় কৰে।

২০২৪ চনৰ ১৮ জানুৱাৰীত হাৰ্পাৰকলিন্সে গীলৰ প্ৰথম উপন্যাস এক্টছ অৱ গড মুকলি কৰে।[18] এইখন হৈছে ২০১৬-১৭ চনত তেওঁ লিখা এটা চুটিগল্পৰ আধাৰত নিৰ্মিত কমেডী-কল্পবিজ্ঞান কাহিনী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Pretentious Movie Reviews". https://www.youtube.com/playlist?list=PLVmwHEj8mVmAkqqZjD8EKEY2iawIVHg3G। আহৰণ কৰা হৈছে: 5 August 2017. 
  2. The Improvisers: Something from Nothing, https://www.imdb.com/title/tt8259604/, আহৰণ কৰা হৈছে: 2018-10-17 
  3. "Kanan Gill’s Is This It? review: Crisis comedy for the anxious age" (en ভাষাত). CNBCTV18. 2023-07-10. https://www.cnbctv18.com/entertainment/kanan-gill-is-this-it-review-crisis-comedy-for-the-anxious-age-17164721.htm/। আহৰণ কৰা হৈছে: 2024-03-29. 
  4. Rodricks, Allan Moses (13 June 2014). "Take it from Gill". The Hindu. http://www.thehindu.com/todays-paper/tp-in-school/take-it-from-gill/article6112500.ece। আহৰণ কৰা হৈছে: 14 June 2014. 
  5. "About Stand Up Comedian: Kanan Gill". Archived from the original on 14 August 2018. https://web.archive.org/web/20180814232759/https://www.liveinstyle.com/stand-up-comedy/bio/kanan-gill। আহৰণ কৰা হৈছে: 14 August 2018. 
  6. "Kanan Gill unplugged". Deccan Chronicle. December 2014. https://www.deccanchronicle.com/141130/entertainment-tvmusic/article/kanan-gill-unplugged। আহৰণ কৰা হৈছে: 29 December 2014. 
  7. "Comedy Central to premiere 'The Living Room'". Afaqs.com. http://www.afaqs.com/news/story/42539_Comedy-Central-to-premiere-The-Living-Room। আহৰণ কৰা হৈছে: 29 December 2014. 
  8. "Disney owned YouTube MCN Maker Studios signs up Indian channels: AIB, Kanan Gill, others". Medianama.com. 26 November 2014. http://www.medianama.com/2014/11/223-disney-owned-youtube-mcn-maker-studio-signs-up-indian-channels-aib-kanan-gill-others/। আহৰণ কৰা হৈছে: 29 December 2014. 
  9. "Reviewer duo Kanan Gill and Biswa Kalyan Rath throw a few punches at bad Bollywood movies". Archived from the original on 16 October 2014. https://web.archive.org/web/20141016050802/http://economictimes.indiatimes.com/magazines/panache/reviewer-duo-kanan-gill-and-biswa-kalyan-rath-throw-a-few-punches-at-bad-bollywood-movies/articleshow/34867519.cms। আহৰণ কৰা হৈছে: 3 December 2014. 
  10. Tuli, Aanchal. "Kanan Gill and Biswa Kalyan Rath's first live show in Gurgoan". The Times of India. http://timesofindia.indiatimes.com/entertainment/events/delhi/Kanan-Gill-and-Biswa-Kalyan-Raths-first-live-show-in-Gurgoan/articleshow/40598905.cms। আহৰণ কৰা হৈছে: 29 December 2014. 
  11. Allan Moses Rodricks (13 June 2014). "Take it from Gill". The Hindu. http://www.thehindu.com/todays-paper/tp-in-school/take-it-from-gill/article6112500.ece। আহৰণ কৰা হৈছে: 29 December 2014. 
  12. "How To Make Your YouTube Videos Work". Archived from the original on 16 November 2014. https://web.archive.org/web/20141116040451/http://www.bangaloremirror.com/bangalore/others/How-to-make-your-YouTube-videos-work/articleshow/45128593.cms। আহৰণ কৰা হৈছে: 3 December 2014. 
  13. "Boys of Bollywood". The Indian Express. 3 May 2014. http://indianexpress.com/article/cities/delhi/boys-of-bollywood/। আহৰণ কৰা হৈছে: 29 December 2014. 
  14. Anil Wanvari. "Indian Television Dot Com - Comedy Central sees potential in localised content". Indiantelevision. http://www.indiantelevision.com/television/tv-channels/english-entertainment/comedy-central-sees-potential-in-localised-content-141117। আহৰণ কৰা হৈছে: 29 December 2014. 
  15. "Kanan Gill". CreativeMornings. http://creativemornings.com/talks/kanan-gill/1। আহৰণ কৰা হৈছে: 29 December 2014. 
  16. Natasha Coutinho (6 July 2016). "Today's headlines are tomorrow's garbage: Sonakshi". Times Of India. http://timesofindia.indiatimes.com/life-style/people/Todays-headlines-are-tomorrows-garbage-Sonakshi/articleshow/53074037.cms। আহৰণ কৰা হৈছে: 6 July 2016. 
  17. "Keep It Real". IMDb. https://www.imdb.com/title/tt6774914/. 
  18. "Kanan Gill is more excited about writing movies than acting in them" (en-IN ভাষাত). Vogue India. 2024-01-19. https://www.vogue.in/content/kanan-gill-is-more-excited-about-writing-movies-than-acting-in-them। আহৰণ কৰা হৈছে: 2024-01-23. 

বাহ্য়িক সংযোগ

[সম্পাদনা কৰক]