সমললৈ যাওক

কানেকো ফুমিকো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কানেকো ফুমিকো
জন্ম জানুৱাৰী ২৫ , ১৯০৩
ইয়োকোহামা, কানাগাৱা, জাপানৰ সাম্ৰাজ্য
মৃত্যু জুলাই ২৩ , ১৯২৬ (২৩ বছৰ)
উৎসুনমিয়া, জাপান
অন্য নাম পাৰ্ক মাঞ্জাa
পাৰ্ক ফুমিকো

কানেকো ফুমিকো ( ২৫ জানুৱাৰী, ১৯০৩ – ২৩ জুলাই, ১৯২৬[1]) বা খুব কমেইহে পাক ফুমিকো আৰু পাক মুঞ্জা নামে জনা, এগৰাকী জাপানী নৈৰাজ্যবাদী আৰু শূন্যবাদী আছিল। জাপানী ইম্পেৰিয়েল পৰিয়ালৰ সদস্যক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত দোষী সাব্যস্ত হয়।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

মেইজি যুগত জাপানৰ য়োকোহামাৰ কোটোবুকি জিলাত জন্মগ্ৰহণ কৰিছিল কানেকো ফুমিকোয়ে। তেওঁৰ পিতৃ-মাতৃ আছিল চামুৰাই পৰিয়ালৰ ফুমিকাজু ছাইকি আৰু এজন কৃষকৰ কন্যা কিকুনো কানেকো। যিহেতু দম্পতীহালৰ আনুষ্ঠানিকভাৱে বিবাহ হোৱা নাছিল, সেয়েহে কানেকোক ছাইকি হিচাপে পঞ্জীয়ন কৰিব পৰা নগ'ল।[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰথম বছৰবোৰত কানেকোৱে নিজৰ জীৱনটোক তুলনামূলকভাৱে সুখী বুলি অভিহিত কৰিছিল। তাইৰ দেউতাকে গোয়েন্দা হিচাপে কাম কৰিছিল, সামান্য সামৰ্থ্য থকাৰ পিছতো পৰিয়ালটোৰ যোগান ধৰিছিল। কিন্তু অৱশেষত ফুমিকাজুৱে চাকৰি এৰিলে আৰু পৰিয়ালটো সঘনাই স্থানান্তৰিত হ’বলৈ ধৰিলে। তেওঁ জুৱা খেলা, মদ্যপান কৰা আৰু কিকুনোক গালি-গালাজৰ অভ্যাস গঢ়ি তুলিছিল। তেওঁ আন মহিলাসকলৰ সৈতেও ৰোমাণ্টিকভাৱে জড়িত হৈ পৰে, য'ত কিকুনোৰ ভগ্নী তাকানোও আছিল, যাক তেওঁ পিছলৈ কিকুনোক এৰি যোৱাৰ পাছত বিয়া কৰাইছিল।[2]

কানেকোৱে পঞ্জীয়নহীন মৰ্যাদাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁ "শৈক্ষিক কৰ্তৃপক্ষৰ বাবে অগ্ৰহণীয়" হৈ পৰিছিল। ইয়াৰ অৰ্থ আছিল তাইক আনুষ্ঠানিকভাৱে স্কুলত পঢ়াৰ অনুমতি দিয়া হোৱা নাছিল।[3] কিছুমান বিদ্যালয়ে তাইক অনানুষ্ঠানিকভাৱে শ্ৰেণীত উপস্থিত থাকিবলৈ অনুমতি দিলেও তাইক চৰকাৰী বিদ্যালয়ৰ ৰেকৰ্ডৰপৰা বাদ দিয়া হৈছিল, ৰিপৰ্ট কাৰ্ড লাভ কৰা নাছিল আৰু স্নাতক ডিগ্ৰী লাভৰ প্ৰমাণ-পত্ৰৰ বাবে অযোগ্য আছিল। এই বাধা আৰু শিক্ষাত বাধাৰ মাজতো কানেকোৱে শৈক্ষিকভাৱে উৎকৃষ্টতা প্ৰদৰ্শন কৰিছিল।[4] ফুমিকাজু যোৱাৰ পাছত কিকুনোৱে কেইবাজনো পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে যদিও এইবোৰে তেওঁলোকৰ জীৱন-যাপনৰ অৱস্থা উন্নত কৰা নাছিল। পৰিয়ালটো দৰিদ্ৰ হৈয়েই থাকিল আৰু কিকুনোৱে কানেকোক বেশ্যালয়ত বিক্ৰী কৰাৰ কথা চিন্তা কৰিছিল বুলি কোৱা হয়, যেতিয়া তেওঁ গম পালে যে কানেকোক জাপানৰ আন এটা অঞ্চললৈ পঠিওৱা হ'ব তেতিয়াহে এই ধাৰণাটো পৰিত্যাগ কৰিছিল।[5] এই সময়ছোৱাত কানেকোৱে মাকৰপৰা বিচ্ছিন্নতাৰ কিছুসময় অনুভৱ কৰিছিল, য’ত মাকে পুনৰ বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত মাতৃৰফালৰপৰা ককা-আইতাকৰ লগত কিছুসময়ৰ বাবে থকাটোও আছিল।

১৯১২ চনত কানেকোৰ পৈতৃক আইতাক মুটছু ছাইকি-ইৱাছিতাই লগ ধৰি কানেকোক কোৰিয়ালৈ যোৱাৰ ব্যৱস্থা কৰে আৰু তাতেই তেওঁক সন্তানহীন পেহীয়েকে দত্তক লয়। কানেকোৰ যোৱাৰ আগতে তেওঁক আনুষ্ঠানিকভাৱে মাকৰ ভনীয়েক হিচাপে পঞ্জীয়ন কৰা হৈছিল—সেই সময়ত বিবাহৰ বাহিৰত জন্ম হোৱা সন্তানৰ বাবে এটা সাধাৰণ প্ৰথা আছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The exact dates of Kaneko’s life are uncertain. The official record lists her birthday as January 25th, 1902, but this record was created years after her birth, and is therefore unreliable (see Early Life section). Her date of birth listed here is based on coinciding statements made by both of her parents. More information: Raddeker (1997), pp. 202–203.
  2. Raddeker (1997), পৃষ্ঠা. 203–206.
  3. Ambaras, David R. (2006). Bad Youth: Juvenile Deliquency and the Politics of Everyday Life in Modern Japan. Berkeley: University of California. 41.
  4. Kaneko (2001), পৃষ্ঠা. 25–32.
  5. Kaneko (2001), পৃষ্ঠা. 34.
  6. Raddeker (1997), পৃষ্ঠা. 211.