কান্ব বংশ
কান্ব বংশ | |||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|
| 73 BCE–28 BCE | |||||||||||
Kanvayana shown with other petty kingdoms of that time, along with the large kingdoms of the Satavahanas and Indo-Scythians. | |||||||||||
| ৰাজধানী | পাটলিপুত্ৰ আৰু বিদিশা | ||||||||||
| ভাষা | Sanskrit | ||||||||||
| ধৰ্ম | Hinduism | ||||||||||
| Government | ৰাজতন্ত্ৰ | ||||||||||
| Emperor | |||||||||||
• 73–64 BCE |
Vasudeva Kanva (first) | ||||||||||
• 64-50 BCE |
Bhumimitra (second) | ||||||||||
• 38–28 BCE |
Susarman (last) | ||||||||||
| ইতিহাস | |||||||||||
• Established |
73 BCE | ||||||||||
• Disestablished |
28 BCE | ||||||||||
| |||||||||||
কান্ব বংশ বা কানৱা বংশ মগধৰ ব্ৰাহ্মণ শাসকৰ বংশ আছিল, যিটো বাসুদেৱ কান্বই পূৰ্বৰ শুংগ বংশক ওফৰাই পেলোৱাৰ পাছত প্ৰতিষ্ঠা কৰা হৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৭৩ চনৰপৰা খ্ৰীষ্টপূৰ্ব ২৮ চনলৈকে শাসন কৰিছিল।[1][2]
যদিও পৌৰাণিক সাহিত্যই কান্বসকলে পাটলিপুত্ৰৰ শুংগসকলৰ পূৰ্বৰ ৰাজধানী, পূব ভাৰতৰ মগধৰপৰা শাসন কৰিছিল বুলি ইংগিত দিয়ে, তেওঁলোকৰ মুদ্ৰাসমূহ মূলতঃ মধ্য ভাৰতৰ বিদিশা অঞ্চল আৰু ইয়াৰ আশে-পাশে পোৱা যায়,[3] যিটো পিছৰ শুংগ শাসকসকলৰ ৰাজধানীও আছিল।[4]
খ্ৰীষ্টপূৰ্ব ৭৩ চনত বাসুদেৱ কান্ৱৰদ্বাৰা কান্ৱ বংশ প্ৰতিষ্ঠা কৰা হৈছিল। বাসুদেৱ প্ৰথমে শুংগ সম্ৰাট দেৱভুতিৰ মন্ত্ৰী আছিল আৰু তাৰ পিছত তেওঁ পূৰ্বৰ সম্ৰাটক হত্যা কৰি সিংহাসন দখল কৰিছিল।[5] কান্ব শাসকে শুংগ বংশৰ ৰজাসকলক তেওঁলোকৰ পূৰ্বৰ ৰাজ্যৰ এটা কোণত অস্পষ্টভাৱে শাসন কৰি যাবলৈ অনুমতি দিছিল। চাৰিজন কান্ৱ শাসক আছিল। পুৰাণৰ মতে, খ্ৰীষ্টপূৰ্ব ২৮ চনত সাতবাহনসকলে তেওঁলোকৰ বংশৰ অন্ত পেলাইছিল।[6][2]
উৎপত্তি
[সম্পাদনা কৰক]কান্ব ৰজাসকল ব্ৰাহ্মণ আছিল।[7] তেওঁলোক সৌভৰী ঋষিৰ বংশধৰ আছিল। বসুদেৱ কান্বই শুংগ বংশৰ দেৱভূতিক বধ কৰি কান্ব বংশৰ শাসন প্ৰতিষ্ঠা কৰে।[8]
শাসকসকল
[সম্পাদনা কৰক]কান্ৱ বংশৰ প্ৰথম শাসক আছিল বসুদেৱ, যাৰ গোত্ৰৰ নামেৰে এই বংশৰ নামকৰণ কৰা হৈছিল।[9] তেওঁৰ পিছত তেওঁৰ পুত্ৰ ভূমিমিত্ৰ ৰাজপাটত বহে। পাঞ্চল ৰাজ্যৰ পৰা আৱিষ্কাৰ হৈছে কিংবদন্তি ভূমিমিত্ৰৰ মুদ্ৰা। "কান্বাস্য" কিংবদন্তি থকা তামৰ মুদ্ৰাও বিদিশাৰ পৰা পোৱা গৈছে, লগতে বৎস ৰাজ্যৰ কৌশাম্বিৰ পৰাও পোৱা গৈছে।[10] ভূমিমিত্ৰই চৈধ্য বছৰ ৰাজত্ব কৰিছিল আৰু পিছলৈ তেওঁৰ পুত্ৰ নাৰায়ণ ৰাজত্ব কৰিছিল। নাৰায়ণে বাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ সুশৰমান যি কান্ব বংশৰ শেষ ৰজা আছিল।[11][12]
| সম্ৰাট | শাসন | শাসনকাল |
|---|---|---|
| বাসুদৱে কান্ব | খৃঃপূঃ ৭৩-৬৪ | ৯ |
| ভূমিমিত্ৰ | খৃঃ পূঃ ৬৪-৫০ | ১৪ |
| নাৰায়ণ | খৃঃপূঃ ৫০-৩৮ | ১২ |
| শুশৰমন | খৃঃপূঃ ৩৮-২৮ | ১০ |
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]সাতবাহনৰ হাতত পৰাজয় আৰু কান্ব বংশৰ পতনৰ পিছত মগধ সাম্ৰাজ্যৰ অন্ত পৰিল। সাতবাহন বংশৰ দ্বাৰা কান্ব বংশক পৰাজয় কৰাটো মধ্য ভাৰতৰ স্থানীয় পৰিঘটনা আছিল[13][14] আৰু ঐতিহাসিক সমলৰ প্ৰমাণে প্ৰকাশ কৰে যে পিছলৈ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকালৈকে মগধ কৌশম্বিৰ মিত্ৰ বংশৰ আধিপত্যৰ অধীনলৈ আহিছিল।[14]
পুৰাণত কোৱা হৈছে যে কান্ব বংশৰ শেষৰজন ৰজাক অন্ধ্ৰ বংশ প্ৰতিষ্ঠা কৰা বালিপুচ্চই হত্যা কৰিছিল[8] কিন্তু ইয়াৰ সমৰ্থনত মুদ্ৰা, লিপি বা আন প্ৰত্নতাত্ত্বিক প্ৰমাণৰ অভাৱ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ INDIAN HISTORY by Dr. Sanjeevkumar Tandle, Page 150
- ↑ 2.0 2.1 Raychaudhuri 2006, পৃষ্ঠা. 333.
- ↑ Bhandare, Shailendra. "Numismatics and History: The Maurya-Gupta Interlude in the Gangetic Plain." in Between the Empires: Society in India, 300 to 400, ed. Patrick Olivelle (2006), pp.91–92
- ↑ Bhandare (2006), pp.71, 79
- ↑ Radhey Shyam Chaurasia. History of Ancient India: Earliest Times to 1000 A. D.. Atlantic Publishers & Dist, 2002 - India - 308 pages. পৃষ্ঠা. 132.
- ↑ History of Ancient India By Rama Shankar Tripathi, Page 189
- ↑ Rao, B. V. (1 January 2012). World history from early times to A D 2000. Sterling Publishers Pvt. Ltd. পৃষ্ঠা. 97. ISBN 978-81-207-3188-2. https://books.google.com/books?id=wPB7XoSiboUC&pg=PA97. "Vasudeva Kanva, a Brahmin minister of the last Sunga ruler Devabhuti.."
- ↑ 8.0 8.1 Thapar 2013, পৃষ্ঠা. 296.
- ↑ Kumar, Brajmohan. Archaeology of Pataliputra and Nalanda. Ramanand Vidya Bhawan, 1987 - India - 236 pages. পৃষ্ঠা. 26.
- ↑ Bajpai (2004), p.38 with footnote 4, and p.173
- ↑ optional Indian history ancient India by Pratiyogita Darpan Editorial Team, Page 121 (The Kanvas)
- ↑ World Monarchies and Dynasties By John Middleton, Routledge Publishers, Page 486 (Kanva Dynasty)
- ↑ Bhandare (2006), pp.91–92
- ↑ 14.0 14.1 K. D. Bajpai (October 2004). Indian Numismatic Studies. Abhinav Publications. পৃষ্ঠা. 38–39. ISBN 978-81-7017-035-8. https://books.google.com/books?id=chGrJUMarHoC&pg=PA39.