সমললৈ যাওক

কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান
I photo_caption =
মানচিত্ৰত কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
অৱস্থান ৰঙামাটি জিলা, চট্টগ্ৰাম বিভাগ, বাংলাদেশ
মাটিকালি 54.64 বৰ্গ কি.মি. (21.10 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৯৯ (1999)
কৰ্তৃপক্ষ বাংলাদেশ বন বিভাগ

কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Kaptai National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই বাংলাদেশৰ ৰঙামাটি জিলাত অৱস্থিত। ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন ৫,৪৬৪.৭৮ হেক্টৰ (১৩,৫০৩.৮ একৰ)। ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পূৰ্বে ই সীতাপাহাৰ সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত আছিল। মূল সীতাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ মাটিকালি আছিল ১৪,৪৪৮.০ একৰ। ইয়াৰে ১০০ একৰ ভূমি কাপ্তাইত ঔদ্যোগিক বাগিচা স্থাপনৰ বাবে আবণ্টন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখন চট্টগ্ৰাম চহৰৰ পৰা প্ৰায় ৫৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ইয়াত কাপটাই ৰেঞ্জ আৰু কৰ্ণাফুলি ৰেঞ্জ দুটা ৰেঞ্জ আছে। কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান চি এইচ টি দক্ষিণ বন সংমণ্ডলৰ অধীনত পৰিচালিত হয়। ঐতিহাসিকভাৱে ই গুৰুত্বপূৰ্ণ কাৰণ বাংলাদেশত চেগুন (Tectona grandis) গছৰ বাগিচা এই অঞ্চলৰ পৰাই আৰম্ভ হৈছিল। ইয়াৰ বনাঞ্চলৰ প্ৰকাৰ হৈছে মিশ্ৰিত চিৰসেউজ অৰণ্য। ২০০৯ চনত আইপিএচি (ইণ্টিগ্ৰেটেড প্ৰটেক্টেড এৰিয়া কো-মেনেজমেণ্ট) প্ৰকল্পই এই সংৰক্ষিত এলেকাত নিজৰ কাৰ্য্যকলাপ আৰম্ভ কৰে।[1]

আৰ্থ-সামাজিক প্ৰেক্ষাপট

[সম্পাদনা কৰক]

এই ৰাষ্ট্ৰীয় উদ্যানখন কাপ্তাই চহৰৰ ভিতৰত অৱস্থিত আৰু বছৰজুৰি বহু পৰ্যটক ইয়ালৈ আহে। প্ৰায় ৬০জন স্থানীয় লোক ইয়াত পৰ্যটকৰ সেৱা প্ৰদানকাৰী হিচাপে কৰ্মৰত হৈ আছে। কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানত এন টি এফ পিৰ জৰিয়তে স্থানীয় লোকক জীৱিকাৰ ব্যৱস্থা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ চাৰিওফালৰ মানৱ জনসংখ্যা প্ৰায় ৩০০০। বাংলাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত হ্ৰদ, কাপ্তাই হ্ৰদৰ ওচৰতে এই উদ্যানখন অৱস্থিত।[2]

বন্যপ্ৰাণীৰ বিচিত্ৰতা

[সম্পাদনা কৰক]
কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান
কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান

১৮৭৩, ১৮৭৮ আৰু ১৮৭৯ চনৰ ঐতিহাসিক কীৰ্তিচিহ্নস্বৰূপ, চেগুন বাগিচাৰ বাবে কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানখন অনন্য, যিটো এই উপমহাদেশৰ আধুনিক বন ব্যৱস্থাপনাৰ আৰম্ভণিৰ বিন্দুস্বৰূপ। এই বাগিচাসমূহে প্ৰাকৃতিক অৰণ্যৰ ৰূপ লৈ বন্যপ্ৰাণীসমূহক থিতাপি দিছে।

উদ্যানখনৰ উল্লেখযোগ্য প্ৰাণীসমূহ হ’ল হাতী (Elephas maximus), পশ্চিমীয়া হলৌ বান্দৰ (Hylobates hoolock), চচমা-চকুৱা বান্দৰ (Trachypithecus phayrei), টুপীমূৰীয়া বান্দৰ (Trachypithecus pileatus), ৰাংকুকুৰ (Cuon alpinus), বনৰীয়া গাহৰি (Sus scrofa), শৰপহু (Cervas unicolor), সুগৰী পহু (Muntiacus muntjak), ধূসৰ চিতা বাঘ (Neofelis nebulosa), বাৰ্মিজ পাইথন (Python vivittatus) ইত্যাদি।[1] ইয়াৰ ভিতৰত হাতী, ধূসৰ চিতা বাঘ আৰু ৰাংকুকুৰ বাংলাদেশৰ গুৰুতৰ বিপন্ন প্ৰজাতি। হাতী আৰু হলৌ বান্দৰ মোটামুটিভাৱে সাধাৰণ, যদিও ৰাংকুকুৰ আৰু শৰপহু কিন্তু অতি বিৰল।

ই বহু বনৰীয়া পক্ষীৰ আশ্ৰয় স্থল। ইয়াত থকা উল্লেখযোগ্য চৰাইসমূহ হ’ল বনকুকুৰা (Gallus gallus), ডৰিক (Lophura leucomelanos), হেটুলুকা (Magalaima lineata), পাকৈঢোৰা (Anthracoceros albirostris), কাউচা (Coracias benghalensis), গো-বগ (Bubulcus ibis), বৰ বগ (Casmerodius albus), ভীমৰাজ (Dicrurus paradiseus), চুটীয়া শালিকা (Acridotheres fuscus), লাৰ্জ ব্লু ফ্লাইকেঁচাৰ (Cyornis magnirostris) ইত্যাদি।[1]

২০১৪ চনত, এটা কেমেৰা ট্ৰেপ প্ৰকল্পত, প্ৰথমবাৰৰ বাবে বাংলাদেশৰ অৰণ্যত ধূসৰ চিতা বাঘৰ লাইভ ফটো তোলা হৈছিল। লগতে লাৰ্জ ব্লু ফ্লাইকেঁচাৰ নামৰ দেশৰ এটা নতুন চৰাই প্ৰজাতিৰ আৱিষ্কাৰ কৰা হয়।[3][4]

উদ্ভিদৰ বিচিত্ৰতা

[সম্পাদনা কৰক]

কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানত বহুতো গুৰুত্বপূৰ্ণ উদ্ভিদৰ প্ৰজাতি আছে, যেনে- কালি গৰ্জন (Dipterocarpus turbinatus), গুটগুটিয়া (Fortium serratum), ভোমোৰা (Terminalia belerica), পিঠালি (Trewia nudiflora), পিতৰাজ (Aphanamixis polystachya), এজাৰ (Lagerstroemia speciosa), চতিয়না (Alstonia scholaris), অশোক (Saraca indica), মেহগনি (Swietenia mahagoni), টুন (Toona ciliata), ধৰ্মৰা (Stereospermum personatum), উড়ল গছ (Sterculia villosa), সিভিট (Swintonia floribunda), বান্দৰহোলা (Duabanga grandiflora), বৰমালা (Callicarpa arbores), আমলখি (Phyllanthus embelica), শিলিখা (Terminalia chebula), ঢাকিজাম (Syzygium grande), চেগুন (Tectona grandis), সোণাৰু (Cassia fistula), চম্পা ফুল (Michelia champaca), তিতা চঁপা (Magnolia champaca), বনশিমলু (Bombax insigne) আদি। বাৰ্মিজ চেগুন বাগিচাৰ বাবে উদ্যানখন বিশেষভাৱে বিখ্যাত।[1]

এই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি থকা মুখ্য ভাবুকিসমূহ হৈছে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ চেগুন গছ অবৈধভাৱে কটা, ইন্ধনৰ বাবে খৰি তীব্ৰ সংগ্ৰহ আৰু অত্যধিক পশু চাৰণ। ইন্ধনৰ বাবে খৰি বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰা হয়। কেতিয়াবা অকল মৰা খৰি, কেতিয়াবা ডাল আৰু কেতিয়াবা সম্পূৰ্ণ গা-গছটোৱেই সংগ্ৰহ কৰা হয়। এই কাম স্থায়ীভাৱে বন্ধ হৈ গ'লে ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ক্ষতিগ্ৰস্ত হ'ব পাৰে। নিৰন্তৰ খৰাং আৰু গৃহ বিবাদৰ ফলত যোৱা তিনিটা দশকত উদ্যানখনৰ সীমাত মানুহৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এই লোকসকলৰ বেছিভাগেই পশুধনৰ গৰাকী আৰু তেওঁলোকৰ জীৱিকা কৃষিকাৰ্যৰ লগতেই জড়িত। বৃহৎ সংখ্যক পশুধনৰ উপস্থিতিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত চাপ বৃদ্ধি কৰিছে।[2]

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]