সমললৈ যাওক

কাব্যমাতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাব্যমাতা
সন্তান শুক্ৰ
হিন্দু পাঠ্য দেৱী ভাগৱত পুৰাণ, ৰামায়ণ

কাব্যমাতা (সংস্কৃত: काव्यमाता, ইংৰাজী: Kavyamata) হিন্দু ধৰ্মৰ ঋষি ভৃগুৰ এগৰাকী পত্নী।[1] শুক্ৰ গ্ৰহৰ দেৱতা আৰু অসুৰৰ গুৰু শুক্ৰদেৱৰ মাতৃ। অসুৰসকলৰ সুৰক্ষ প্ৰদান কৰা হেতুকে পালনকৰ্তা বিষ্ণুৱে তেওঁৰ মূৰ কাটি পেলাইছিল।

কিংবদন্তী

[সম্পাদনা কৰক]

দেৱীকেন্দ্ৰিক কাব্যগ্ৰন্থ দেৱী ভাগৱত পুৰাণত এই চৰিত্ৰৰ কিংবদন্তিৰ বিষয়ে আলোচনা কৰা হৈছে। এবাৰ অসুৰসকলে দেৱতাৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ আৰম্ভ কৰিছিল। বিষ্ণু আৰু দেৱতাসকলে খেদি খেদি অসুৰসকলক শুক্ৰৰ আশ্ৰম পোৱালেগৈ। অসুৰ আহি পোৱাৰ সময়ত কোনো পুৰুষেই আশ্ৰমত উপস্থিত নাছিল; শুক্ৰ আৰু তেওঁৰ পিতৃ কৰ্মস্থলীত আছিল। কাব্যমাতাই সকলো দেৱতাক মায়া কৰি গভীৰ নিদ্ৰাৰ অৱস্থালৈ পঠিয়াই দিলে। ধ্যান শক্তিৰ দ্বাৰা কাব্যমাতাই দেৱৰ ৰজা ইন্দ্ৰক শিলাখণ্ড কৰি পেলালে আৰু তেওঁক পক্ষাঘাতগ্ৰস্ত কৰি পেলালে।[2] বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰক আহ্বান কৰিলে আৰু সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি কাব্যমাতাৰ মূৰটো কাটি পেলালে। শুক্ৰৰ পিতৃ মহামুনি ভৃগুৱে নিজৰ আশ্ৰমলৈ উভতি আহি বিষ্ণুক নাৰী-বধ পাপৰ বাবে ক্ষুব্ধ হৈ অভিশাপ দিয়ে৷ এই অভিশাপৰ ফলত বিষ্ণুৱে পৃথিৱীত কেইবাবাৰো জন্ম ল’ব লগা হয় আৰু এনে গৰ্হিত কাৰ্য্যৰ বাবে বাৰে বাৰে জন্ম-মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব লগীয়া হয়। ভৃগুৱে তেওঁৰ কমণ্ডলুৰ (পানীৰ পাত্ৰ) পৰা পবিত্ৰ পানী ছটিয়াই কাব্যমাতাক পুনৰজীৱীত কৰিলে আৰু কাব্যমাতাই গভীৰ টোপনিৰ পৰা সাৰ পোৱাৰ দৰে উঠি বহিল।[3]

নাৰী-হত্যা

[সম্পাদনা কৰক]

যদিও হিন্দু ধৰ্মত নাৰী-হত্যাক অধৰ্ম বুলি গণ্য কৰা হয়,[4] মহান মহাকাব্য ৰামায়ণত বিষ্ণুৰ অৱতাৰ শ্ৰীৰামে ধৰ্মৰ মতে গুৰু বিশ্বমিত্ৰৰ পৰামৰ্শ অনুসৰি যক্ষিনী তাটক বধ কৰিছিল। বিশ্বমিত্ৰৰ ৰামক পতিয়ন নিয়াবলৈ "ইন্দ্ৰৰ আধিপত্যতা বৰ্তাই ৰাখিবলৈ" ষড়যন্ত্ৰ কৰি বিষ্ণুৱে হত্যা কৰা কাব্যমাতাৰ কাহিনী বৰ্ণনা কৰিছে, ইয়াৰ অৰ্থ হৈছে যে বিশ্বাসঘাতক আৰু দুষ্ট ব্যক্তিক ৰজাৰ ধৰ্ম অনুসৰি লিংগ নিৰ্বিশেষে শাস্তি দিব পাৰি।[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft.
  2. Mani p. 402
  3. Mani pp. 77–8
  4. 1 2 Ananda W. P. Guruge (1991). The society of the Rāmāyaṇa. Abhinav Publications. পৃষ্ঠা. 213. ISBN 9788170172659. https://archive.org/details/trent_0116402264364. "kavyamata."
  5. Ramashraya Sharma (1986). Socio-Political Study of the Valmiki Ramayana. Motilal Banarsidass. পৃষ্ঠা. 108–9. ISBN 9788120800786. https://books.google.com/books?id=9Vo0OJtO6DQC&q=Kavyamata&pg=PA109.