সমললৈ যাওক

কাব্য কিৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাব্য কিৰণ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
উচ্চতা ৫ ফুট ৬ ইঞ্চি
বঁটা, সন্মান, পুৰস্কাৰ আদি ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০১৯
ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২০[1]

কাব্য কিৰণ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ ওড়িয়া আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।[2] তেওঁ ওলিউডত নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু ২০১৫ চনত ৰং-ই-ইস্কৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।[3][4] তেওঁ ২০১৯ চনত ওড়িয়া চলচ্চিত্ৰ খুছিৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল[5] আৰু পুনৰ ওড়িয়া বোলছবি শ্বহীদ ৰঘু চৰ্দাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০২২ চনত কাব্যই ঋষি সিঙৰ তু কি কিট্টা নামৰ এটা সংগীত ভিডিঅ'ত অভিনয় কৰিছিল।[6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কাব্য কিৰণৰ জন্ম ওড়িশাৰ ভুৱনেশ্বৰত হৈছিল।[4] তেওঁ ভুৱনেশ্বৰ আৰু মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰয়াত পিতৃ এজন ব্যৱসায়ী আছিল আৰু তেওঁ বেনাৰসৰ বাসিন্দা আছিল। আনহাতে তেওঁৰ মাতৃ কলকাতাৰ আছিল আৰু পিছলৈ ওড়িশাত থিতাপি লৈছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক বয়সত কাব্যৰ সংগীতৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল আৰু তেওঁ ভাৰতীয় ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁ নাটকৰ প্ৰতিও অতি উৎসাহিত আছিল, যাৰ বাবে তেওঁ ধ্ৰুপদী ওডিছী নৃত্য আৰু থিয়েটাৰৰ সৈতে জড়িত হৈ পৰিছিল। স্কুল আৰু কলেজত পঢ়ি থকা সময়ত তেওঁ সাংস্কৃতিক কাম-কাজত অতি সক্ৰিয় আছিল। ২০১৩ চনত পুপুল ভূঞাৰ সৈতে ওড়িয়াৰ প্ৰথমখন থ্ৰী-ডি (3D) বোলছবি কাউঁৰী কন্যাৰ জৰিয়তে তেওঁ ওড়িয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[7] তেওঁ ৰং-ই-ইস্কৰ জৰিয়তে বলীউডত অভিষেক ঘটাইছিল।[8]

২০১৮ চনত তেওঁ ওডিয়া ছবি ৰহস্য আৰু ২০১৯ চনত খুছি ছবিত অভিনয় কৰে। ২০২১ চনত তেওঁৰ ছবি শ্বাহিদ ৰঘু চৰ্দাৰ মুক্তি লাভ কৰে।[9]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ ভাষা চৰিত্ৰ টোকা
২০১৩ কাউঁৰী কন্যা ওড়িয়া অনুসূয়া ওলিউডত আত্মপ্ৰকাশ
২০১৫ ৰং-ই-ইস্ক হিন্দী বলীউডত আত্মপ্ৰকাশ
২০১৭ ৰাম ৰতন সুইটী
২০১৮ ৰহস্য ওড়িয়া ইন্দুমতী/শ্ৰুতি দ্বৈত চৰিত্ৰ
২০১৯ খুছি শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০১৯
২০২১ শ্বহীদ ৰঘু চৰ্দাৰ ৰঘু চৰ্দাৰৰ পত্নী শ্ৰেষ্ঠ অভিনেত্ৰী, ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২০[10]
ভোক হেমা

ৱেব-চিৰিজ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম ভাষা অ’টিটি প্লেটফৰ্ম চৰিত্ৰ টোকা
২০২২ ৭২ আৱাৰ্ছ ওড়িয়া তৰংগ প্লাছ ৱেব-চিৰিজত আত্মপ্ৰকাশ
২০২২ এক্সপ’জড কাঞ্চালংকা

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
  • ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০১৯: খুছি বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী।
  • ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২০: শ্বহীদ ৰঘু চৰ্দাৰ বোলছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী।[11][12][13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mishra, Suranjan (17 November 2024). "Odisha State Film Awards: 'Sahid Raghu Sardar', 'Pratikshya', 'Daalcheeni', 'DAMaN' bag top honours" (en-IN ভাষাত). https://odishatv.in/news/odisha/sahid-raghu-sardar-pratikshya-daalcheeni-daman-bag-top-honours-249134.
  2. Service, Pragativadi News (26 November 2022). "Actress Kavya Keeran goes bold as she flaunts her curves at Beach" (en-US ভাষাত). Pragativadi. https://pragativadi.com/actress-kavya-keeran-goes-bold-as-she-flaunts-her-curves-at-beach/ আহৰণ কৰা হৈছে: 17 February 2023.
  3. "Kavya Kiran: Movies, Photos, Videos, News, Biography & Birthday | eTimes". The Times of India. https://timesofindia.indiatimes.com/topic/Kavya-Kiran আহৰণ কৰা হৈছে: 4 March 2022.
  4. 1 2 "Kavya Keeran's got her hands full". Orissa Post. 7 December 2021. http://odishapostepaper.com/viewmap/149781.jpg.
  5. "31st Odisha State Film awards and 8th State Tele awards announced: Check details here" (en-US ভাষাত). KalingaTV. 5 November 2021. https://kalingatv.com/state/31st-odisha-state-film-awards-and-8th-state-tele-awards-announced-check-details-here/ আহৰণ কৰা হৈছে: 5 November 2021.
  6. Bureau, Adgully (20 December 2022). "Kavya Keeran dazzles in a glamorous look for a song" (en-US ভাষাত). adgully.com. https://www.adgully.com/kavya-keeran-dazzles-in-a-glamorous-look-for-a-song-tu-ki-kitta-126392.html আহৰণ কৰা হৈছে: 17 February 2023.
  7. "First Odia 3D Movie of Odisha Kaunri Kanya 3D releases today". Odisha Haalchaal. Archived from the original on 26 December 2013. https://web.archive.org/web/20131226121839/http://www.odishahaalchaal.com.
  8. "Kavya Keeran's got her hands full". Orissa Post. 7 December 2021. http://odishapostepaper.com.
  9. Panda, Apurba Ranjan. "ସତେଜ ସକାଳର ଅତିଥି ଅଭିନେତା ଦେବାଶିଷ ଓ ଅଭିନେତ୍ରୀ କାବ୍ୟା କିରଣ" (ଓଡ଼ିଆ ভাষাত). ARGUS News. Archived from the original on 2021-11-05. https://web.archive.org/web/20211105135204/https://argusnews.in/video/argus-special/%E0%AC%B8%E0%AC%A4%E0%AD%87%E0%AC%9C%20%E0%AC%B8%E0%AC%95%E0%AC%BE%E0%AC%B3%E0%AC%B0%20%E0%AC%85%E0%AC%A4%E0%AC%BF%E0%AC%A5%E0%AC%BF%20%E0%AC%85%E0%AC%AD%E0%AC%BF%E0%AC%A8%E0%AD%87%E0%AC%A4%E0%AC%BE%20%E0%AC%A6%E0%AD%87%E0%AC%AC%E0%AC%BE%E0%AC%B6%E0%AC%BF%E0%AC%B7%20%E0%AC%93%20%E0%AC%85%E0%AC%AD%E0%AC%BF%E0%AC%A8%E0%AD%87%E0%AC%A4%E0%AD%8D%E0%AC%B0%E0%AD%80%20%E0%AC%95%E0%AC%BE%E0%AC%AC%E0%AD%8D%E0%AD%9F%E0%AC%BE%20%E0%AC%95%E0%AC%BF%E0%AC%B0%E0%AC%A3 আহৰণ কৰা হৈছে: 2021-11-05.
  10. Service, Express News (2024-11-15). "Ananta, Srinivas, Jayiram to get Mohan Sundar Dev Goswami Awards for lifetime contribution to Odia cinema" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/odisha/2024/Nov/15/ananta-srinivas-jayiram-to-get-mohan-sundar-dev-goswami-awards-for-lifetime-contribution-to-odia-cinema আহৰণ কৰা হৈছে: 2024-11-19.
  11. Nayak, Subadh (2024-11-17). "Odisha State Film Awards: 'Mohansundar Dev Goswami Award' conferred on three stalwarts, check winners' list" (en-US ভাষাত). KalingaTV. https://kalingatv.com/odisha/odisha-state-film-awards-mohansundar-dev-goswami-award-conferred-on-three-stalwarts-check-winners-list/ আহৰণ কৰা হৈছে: 2024-11-19.
  12. Pradhan, Surya Narayan (2024-11-14). "Odisha State Film Awards: 'Daman' adjudged Best Film; Babusan Best Actor" (en ভাষাত). Sambad English. https://sambadenglish.com/latest-news/odisha-state-film-awards-daman-adjudged-best-film-babusan-best-actor-7580874 আহৰণ কৰা হৈছে: 2024-11-19.
  13. Service, Express News (2024-11-15). "Ananta, Srinivas, Jayiram to get Mohan Sundar Dev Goswami Awards for lifetime contribution to Odia cinema" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/odisha/2024/Nov/15/ananta-srinivas-jayiram-to-get-mohan-sundar-dev-goswami-awards-for-lifetime-contribution-to-odia-cinema আহৰণ কৰা হৈছে: 2024-11-19.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]