কামাখ্যা প্ৰসাদ তাছা
Jump to navigation
Jump to search
কামাখ্যা প্ৰসাদ তাছা | |
---|---|
![]() | |
লোকসভাৰ সাংসদ যোৰহাট (লোকসভা সমষ্টি) | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৬ মে' ২০১৪ | |
পূৰ্বসূৰী | বিজয় কৃষ্ণ সন্দিকৈ |
ব্যক্তিগত তথ্য | |
জন্ম | জুন ১ , ১৯৭৫ যোৰহাট, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
দাম্পত্যসঙ্গী | কবিতা তাছা |
শিক্ষানুষ্ঠান | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
As of ৩ জানুৱাৰী, ২০১৭ |
কামাখ্যা প্ৰসাদ তাছা (জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ যোৰহাট (লোকসভা সমষ্টি)ৰ সাংসদ। তেওঁ ভাৰতীয় জনতা পাৰ্টী দলৰ সদস্য তথা অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি। তেওঁ ২০১৪ লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি কংগ্ৰেছৰ জ্যেষ্ঠ প্ৰতিদন্দী বিজয় কৃষ্ণ সন্দিকৈক পৰাস্ত কৰি বিজয়ী হৈছিল।
পৃষ্ঠভূমি[সম্পাদনা কৰক]
তাছাৰ জন্ম হয় ১৯৭৫ চনৰ ১ জুনত যোৰহাটত। তেওঁৰ পিতৃ স্বৰ্গীয় দেওৰাম তাছা আৰু মাতৃ চম্পা তাছা। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]
তাছাই ২০১৪ চনৰ ২৬ মাৰ্চত সাংসদ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।[1] ১ ছেপ্তেম্বৰ ২০১৪ চনত তেওঁ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ ষ্টেণ্ডিং কমিটিৰ সদস্য ৰূপে নিৰ্বাচিত হয়।
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Kamakhya Prasad Tasa". http://india.gov.in/my-government/indian-parliament/kamakhya-prasad-tasa। আহৰণ কৰা হৈছে: 31 October 2014.