কামাৰ ডাগাৰ
কামাৰ ডাগাৰ | |
---|---|
জন্ম | নতুন দিল্লী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কেলিগ্ৰাফাৰ |
কামাৰ ডাগাৰ ইংৰাজী: : Qamar Dagar এগৰাকী ভাৰতীয় কেলিগ্ৰাফাৰ। তেওঁ ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। ২০১৬ চনত ভাৰতৰ মহিলাৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]শাস্ত্ৰীয় ধ্ৰুপদ সংগীতজ্ঞ পৰিয়ালত নতুন দিল্লীত ডাগৰৰ জন্ম হৈছিল।[1][2]তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[2] তেওঁ কেলিগ্ৰাফাৰ হাছান মাছৌদি আৰু মহম্মদ এলবাজক গুৰু হিচাপে উল্লেখ কৰিছে।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]ডাগাৰ এগৰাকী পেছাদাৰী কেলিগ্ৰাফাৰ যিয়ে তেওঁৰ কামত বিমূৰ্ত চিত্ৰকল্প শৈলীবদ্ধ আৰু মনোমোহক ৰূপত ব্যৱহাৰ কৰে।[3] চিএনবিচি টিভি১৮ এ তেওঁক ভাৰতৰ "সৰ্বাধিক বিখ্যাত চিত্ৰকলা কেলিগ্ৰাফাৰ" বুলি অভিহিত কৰিছে।[4]
ডাগাৰৰ একক প্ৰদৰ্শনী ভাৰত, ফ্ৰান্স আৰু আমেৰিকাত অনুষ্ঠিত হৈছে।[5][6] ২০১৯ চনত তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত গ্ৰুপ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।[2][7]
কেলিগ্ৰাফীৰ নিজা পেছাদাৰী ব্যৱহাৰৰ উপৰিও তেওঁ নিজৰ সংস্থা কালামকাৰী ক্ৰিয়েটিভ কেলিগ্ৰাফী ট্ৰাষ্টৰ জৰিয়তে ভাৰতত এই শিল্পৰূপটো সংৰক্ষণৰ কাম কৰিছে।[3][1] শিল্পীসকলে তেওঁলোকৰ কামসমূহ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰিবলৈ আৰু কেলিগ্ৰাফীৰ কলাক জীয়াই ৰাখিবলৈ অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁ ট্ৰাষ্ট প্ৰতিষ্ঠা কৰিছিল।[1] ডাগাৰে আন্তঃৰাষ্ট্ৰীয় কেলিগ্ৰাফী উৎসৱৰ আয়োজন কৰিছে।[2] তেওঁৰ কেলিগ্ৰাফী কৰ্মশালাসমূহে ভাৰতলৈ পৰ্যটকৰ বাবে সাংস্কৃতিক আকৰ্ষণ হিচাপে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে।[4][8][9] স্কুলজে পৰিচালনা কৰা চেলিব্ৰিটি শ্ব'ৰ আয়োজক মিচেছ নিধি কুমাৰৰ সৈতে হোৱা ইন্টাৰেক্টিভ অধিবেশনৰ সময়ত তেওঁ শিশুসকলৰ সৈতে কেলিগ্ৰাফীৰ বিষয়েও জ্ঞান বিস্তাৰ কৰিছে।[10]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০১৬ চনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ নাগৰিক বঁটা নাৰী শক্তিৰ সন্মান প্ৰদান কৰে।[11][12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Parvez, Subuhi (2012-03-01). "Calligraphy: Reviving the dying art" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/art-and-culture/calligraphy-reviving-the-dying-art/story-QHhwq1J4BbtSg25lArVgWN.html। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ 2.0 2.1 2.2 2.3 2.4 Banerjee, Sudeshna (2019-03-24). "Different strokes". The Asian Age. https://www.asianage.com/life/more-features/240319/different-strokes-1.html। আহৰণ কৰা হৈছে: 2020-05-15.
- ↑ 3.0 3.1 Jones, Vivien; Pokharel, Sugam (2020-04-01). "Qamar Dagar, the woman fighting to keep India's calligraphy culture alive" (en ভাষাত). CNN Travel. https://www.cnn.com/travel/article/india-calligraphy-spc/index.html। আহৰণ কৰা হৈছে: 2020-04-02.
- ↑ 4.0 4.1 "Art: Learning calligraphy with Qamar Dagar" (en-US ভাষাত). CNBC TV18. 9 August 2019. https://www.cnbctv18.com/buzz/art-learning-calligraphy-with-qamar-dagar-4148041.htm। আহৰণ কৰা হৈছে: 2020-04-02.
- ↑ Raghib, Qazi M. (2018-05-16). "Qamar Dagar: Combining spirituality with calligraphy" (en ভাষাত). National Herald. https://www.nationalheraldindia.com/flick-past/qamar-dagar-combining-spirituality-with-calligraphy। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ "Youngsters bring alive art of calligraphy" (en ভাষাত). Business Standard. 2014-05-12. https://www.business-standard.com/pti-stories?time=1589593097। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ Varghese, Shiny (2019-02-12). "Telling Strokes: An exhibition honours Mahatma Gandhi through handmade paper and calligraphy" (en-US ভাষাত). The Indian Express. https://indianexpress.com/article/lifestyle/art-and-culture/telling-strokes-mahatma-gandhi-calligraphy-paintings-5578927/। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ "23 exclusive experiences at India's top hotels" (en-IN ভাষাত). Condé Nast Traveller India. 2019-06-26. https://www.cntraveller.in/story/23-exclusive-experiences-indias-top-hotels/। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ Hill, Bee (8 March 2018). "A Mindful Guide To Visiting India" (en ভাষাত). Nylon. https://www.nylon.com/articles/mindful-guide-visiting-india। আহৰণ কৰা হৈছে: 2020-05-16.
- ↑ "Fish Tank-CALLIGRAPHY". SkoolzSkoolz.in. https://www.skoolz.in/events/fish-tank-calligraphy-qamar-dagar। আহৰণ কৰা হৈছে: 4 September 2022.
- ↑ "Nari Shakti Awardees- Ms. Qamar Dagar, Delhi | Ministry of Women & Child Development | GoI". Ministry of Women and Child Development. https://wcd.nic.in/nari-shakti-awardees-ms-qamar-dagar-delhi। আহৰণ কৰা হৈছে: 2020-04-02.
- ↑ "आधुनिक भारत में लड़का-लड़की में भेदभाव की कोई जगह नहीं: राष्ट्रपति". Amar Ujala. 2017-03-09. https://www.amarujala.com/india-news/gender-bias-has-no-place-in-india-president-pranab-mukherjee। আহৰণ কৰা হৈছে: 2020-05-16.