সমললৈ যাওক

কামিল আৰু কেনাৰ্লি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামিল আৰু কেনাৰ্লি কিট

বৈদ্যুতিন বীণাৰ দ্বৈত ভিডিঅ'ৰ প্ৰচাৰ ছবিখন
জন্ম ১৯৮৯ (বয়স ৩৫–৩৬)
অন্য নাম কামিল আৰু কেনাৰ্লি
হাৰ্প টুইনছ
কিট টুইনছ
শিক্ষানুষ্ঠান Wheaton College (B.M.)
পেচা
  • বীণাবাদক
  • অভিনেত্ৰী
  • সংগীত পৰিৱেশক
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
'ইউটিউবৰ তথ্য'
প্ৰকাৰ সংগীত
চাবস্ক্ৰাইবাৰৰ সংখ্যা ৭৫৩ হাজাৰ
সৰ্বমুঠ দৰ্শন ১৪৯ মিলিয়ন
১,০০,০০০ চাবস্ক্ৰাইবাৰ
১৮ আগষ্ট ২০২৩-ৰ তথ্য
ৱেবছাইট
চৰকাৰী ৱেবচাইট


কামিল কাৰি আৰু কেনাৰ্লি কেই কিট (জন্ম: ১৯৮৯) হৈছে আমেৰিকাৰ বীণাবাদক যি The Harp Twins নামেৰে পৰিচিত। কিট সহোদৰীদ্বয়ে ১০০তকৈ অধিক একক সংগীত অনলাইনত মুক্তি দিছে, লগতে কাভাৰ আৰু মূল গীতসহ নটা শাৰীৰিক এলবাম মুক্তি দিছে। তেওঁলোকে বহুতো চলচ্চিত্ৰতো অভিনয় কৰিছে। কেমিল আৰু কেনাৰ্লি কিট নৰৱেজিয়ান, ছুইডিছ আৰু ফিনিছ বংশৰ।[1]

সংগীত জীৱন

[সম্পাদনা কৰক]
লৰ্ড অৱ দ্য ৰিংচ ছাউণ্ডট্ৰেক মেদলিৰ ভিডিঅ' শ্বুটিঙৰ সময়ত এল্ভ ৰূপে পৰিহিত কামিল আৰু কেনাৰ্লি

কামিল আৰু কেনাৰ্লিয়ে 'দ্য হাৰ্প টুইনছ' হিচাপে পৰিচিত, যি ৰক আৰু চেলটিক হাৰ্প দুয়েট হিচাপে প্ৰদৰ্শন কৰে। তেওঁলোকে আইৰণ মেইডেন, দ্য ৰ'লিং ষ্ট'নছ, মেটালিকা, লেডী গাগা, পিংক ফ্লয়েড, এৰ'ছমিথ, ৰিহান্না, গান্ছ এন' ৰ'জেছ, ক'ল্ডপ্লে, এনিয়া আৰু জাৰ্নীৰ দৰে শিল্পীৰ গানৰ দুয়েট ব্যৱস্থাপনা কৰি জনপ্ৰিয়তা লাভ কৰিছে। লগতে, ভিডিঅ' গেম, চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানৰ সংগীতৰ ব্যৱস্থাপনা কৰে।

কেমিল আৰু কেনাৰ্লিয়ে উইলিয়াম ডিয়াৰৰ পৰিচালনাত নিৰ্মিত পলিটিক্স অৱ লাভ ছবিত "দ্য মেৰী খ্ৰীষ্টানছ" আৰু এলিজাবেথ এভেলানৰ দ্বাৰা প্ৰযোজিত ডাৰ্ক টিন কমেডী ব্লেকটিনোত "দ্য মাৰ্চেলি টুইনছ"ৰ চৰিত্ৰত অভিনয় কৰে। ব্লেকটিনোৰ ট্ৰেইলাৰত কেমিল আৰু কেনাৰলীক দেখা যাব। ইয়াৰ উপৰিও হাৰ্প টুইনছৰ ডেলিভাৰী মেনত সৰু সৰু ভূমিকা আছিল, য'ত ভিন্স ভনে অভিনয় কৰিছিল আৰু দ্য ৱাকিং ডেডৰ ছিজন ছয়ৰ চূড়ান্ত খণ্ডত অভিনয় কৰিছিল।

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

কামিল আৰু কেনাৰ্লীয়ে কেইটামান দীঘল আৰু চুটি চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছে।

  • ডেলিভাৰী মেন (২০১৩)
  • পলিটিকচ অৱ লাভ (২০১১)
  • ব্লেকটিনো (২০১১)
  • টি ইজ্‌ ফৰ টোৱাইন (২০১১)
  • ছুপাৰ ফৰ্চ ৫ (২০১০)
  • এলিফেণ্ট মেডিচিন (২০১০)
  • ইনছাইড আমেৰিকা (২০০৯)
  • দ্য এণ্ড অৱ লস্ট বিগিনিংছ (২০০৯)
  • লস্ট এলং দ্য ৱে (২০০৮)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. McQuiston, James A. (2015). "THE HARP TWINS". Celtic Guide. http://www.thecelticguide.com/the-harp-twins.html। আহৰণ কৰা হৈছে: August 27, 2020. "Our heritage is mostly Nordic (Norwegian, Swedish and Finnish)"