কামৰূপী সংস্কৃতি
কামৰূপী সংস্কৃতি বুলিলে ঔপনিৱেশিক যুগৰ কামৰূপ জিলাৰ লোকসকলে অনুসৰণ কৰা সাংস্কৃতিক মূল্যবোধক বুজোৱা হয়।
ভাষা
[সম্পাদনা কৰক]কামৰূপৰ কথ্য ভাষা হ’ল অসমীয়াৰ কামৰূপী উপভাষা।[1]
ধৰ্ম
[সম্পাদনা কৰক]পাৰম্পৰিকভাৱে হিন্দু ধৰ্মই কামৰূপীসকলৰ মুখ্য ধৰ্ম। কামৰূপৰ সাংস্কৃতিক বিকাশ হিন্দু জীৱন-পদ্ধতিয়ে গভীৰভাৱে প্ৰভাৱিত কৰিছে, যি দিন-প্ৰতি জীৱনত প্ৰত্যক্ষ দেখা যায়। কামাখ্যা দেৱালয়ক বিভিন্ন পুৰাণত কামৰূপৰ হৃদয় হিচাপে বৰ্ণনা কৰা হৈছে।[2]
সাহিত্য
[সম্পাদনা কৰক]কামৰূপী সাহিত্যৰ লিখিত ৰূপ আৰম্ভ হৈছিল কমৰূপৰ ৰজাসকলৰ তাম্ৰপট্ট আৰু শিলালিপিৰ পৰা, লগতে চৰ্যাপদৰদ্বাৰাও, যি পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ সৃষ্টি। লুইপাদ, মীননাথ, হেম সৰস্বতী, অনন্ত কন্দলী, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলী আৰু ভট্টদেৱ আদিক জনপ্ৰিয় কামৰূপী সাহিত্যিক হিচাপে গণ্য কৰা হয়।
লোকসাহিত্য
[সম্পাদনা কৰক]কামৰূপী নৃত্য বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ অন্তৰ্গত নৃত্য ৰূপ, যি কামৰূপী লোকসাহিত্যৰ অংশ।[3]
সংগীত
[সম্পাদনা কৰক]কামৰূপী লোকগীত হৈছে পুৰণি কালৰপৰা গোৱা পৰম্পৰাগত গীতসমূহ, য’ত বিবাহ, তথা জীৱনৰ বিভিন্ন দিশক সামৰি লৈছে।[4]
উৎসৱ
[সম্পাদনা কৰক]কামৰূপ অঞ্চলেৰ মুখ্য উৎসৱসমূহ হ’ল দোমাহী; ‘‘ভঠেলি’’ — এপ্ৰিলৰ মাজভাগত অনুষ্ঠিত বাঁহ পূজা, অম্বুবাচী মেলা, আৰু বিভিন্ন পূজা। শীতকালত দলবদ্ধভাৱে গোৱা ‘‘মহোহো’’ নামেৰে মহ খেদা এক জনপ্ৰিয় পৰম্পৰা আছে। লগতে ‘‘ওজাপালি’’ নামেৰে দেৱী মনসাৰ কাহিনীভিত্তিক এক গীতিকাৰ পৰম্পৰা আছে।
আৰু চাওক
[সম্পাদনা কৰক]উৎস
[সম্পাদনা কৰক]- ↑ Goswami, Upendranath (1970). A study on Kamrupi: a dialect of Assamese. Dept. of Historical Antiquarian Studies.
- ↑ Sharma, Sharma, Suresh, Usha (2005). North-East India: A Panoramic View. Dept. of Historical Antiquarian Studies.
- ↑ Banerji, Projesh (1959). The folk-dance of India. Kitabistan. পৃষ্ঠা. 72.
- ↑ Sangeet Natak Akademi (1974). Sangeet Natak: Issues 31–34.
- Kataki, Banikanta (1941). Assamese: Its Formation and Development. প্ৰকাশক Gauhati, Assam: Government of Assam. https://archive.org/details/AssameseitsFormationAndDevelopment.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Kamrupi culture সম্পৰ্কীয় মিডিয়া ফাইল।