কামৰূপ কী কাহানী
অৱয়ব
| কামৰূপ কী কাহানী | |
|---|---|
| শৈলী | নাটক |
| লিখক | মামণি ৰয়ছম গোস্বামী |
| পৰিচালক | ৰুমা ঘোষ[1] |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| প্ৰযোজনা | |
| কেমেৰাৰ ছেটআপ | মাল্টি-কেমেৰা |
| দৈৰ্ঘ্য | প্ৰায় ২৫ মিনিট |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ডিডি নেচনেল |
কামৰূপ কী কাহানী হৈছে ১৯৯০ চনৰ দশকৰ ভিতৰত প্ৰচাৰ হোৱা এখন ভাৰতীয় হিন্দী ভাষাৰ ধাৰাবাহিক, যাক ৰুমা ঘোষে পৰিচালনা কৰিছিল। এই ধাৰাবাহিকখন মামণি ৰয়ছম গোস্বামীৰ কাহিনী The Moth-Eaten Howdah of the Tusker'-ৰ আধাৰত নিৰ্মিত।
পটভূমি
[সম্পাদনা কৰক]এই কাহিনীটোৰ পটভূমি কামৰূপ জিলাৰ পলাশবাৰী অঞ্চল। এয়া এগৰাকী যুৱ ব্ৰাহ্মণ বিধৱাৰ জীৱনৰ কাহিনী, যি পৰম্পৰাগত চিন্তাধাৰা আৰু উদাৰবাদৰ মাজত সংগ্ৰাম কৰি আগুৱাই যাব লগীয়া হয়। তেওঁৰ সামাজিক জীৱন, জীৱন-শৈলী আৰু চিন্তাধাৰাৰ প্ৰভাৱৰপৰা উৎসাহিত এই ধাৰাবাহিখনে তেওঁক আৱৰি থকা সমাজখনৰ প্ৰতিচ্ছবি দৰ্শকলৈ উপস্থাপন কৰিছে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]| চৰিত্ৰ | অভিনেতা/অভিনেত্ৰী |
|---|---|
| গিৰিবালা | নন্দিতা দাস |
| গোসাঁই | নিপন গোস্বামী |
| — | চেতনা দাস |
| — | নাথান স্কট |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Role model in the act of life - Personality". প্ৰকাশক কলকাতা, ভাৰত: telegraphindia.com. ২০০৪-০৩-২৪. http://www.telegraphindia.com/1040324/asp/northeast/story_3041589.asp। আহৰণ কৰা হৈছে: ২০১২-০৫-০৩.